দিল্লী বিমানবন্দৰত যুৱতীৰ জিম্মাৰ পৰা উদ্ধাৰ ১৫ কোটি টকাৰ নিষিদ্ধ ড্ৰাগছ

জব্দ কৰা ড্ৰাগছখিনি। ফটোঃ সংগ্ৰহীত।

দেওবাৰে দিল্লী বিমানবন্দৰত এগৰাকী মহিলা যাত্ৰীৰ পৰা প্ৰায় ১৫ কোটি টকাৰ নিষিদ্ধ ড্ৰাগছ জব্দ কৰে আৰক্ষীয়ে। বেংককৰ পৰা দিল্লী অভিমুখী বিমানৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে যাত্ৰীগৰাকীক।

বেংককৰ পৰা দিল্লী অভিমুখী বিমানখনৰ যাত্ৰীসকলক দিল্লীৰ ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ শুল্ক বিভাগত স্কেনিং মেচিনত পৰীক্ষা কৰা হৈছিল বুলি সোমবাৰে শুল্ক বিভাগৰ বিষয়াসকলে জানিবলৈ দিয়ে।

দেওবাৰে কৰ্তব্যৰত বিষয়াসকলে এজন যাত্ৰীৰ বেগত ড্ৰাগছ উদ্ধাৰ কৰে। তাৰ পিছতে বেগটোৰ মালিকক মাতি আনি তেওঁৰ সন্মুখত বেগটো খুলি দিয়া হ’ল।

লগতে পঢ়কঃ মন্ত্ৰী পীযুষ হাজৰিকাৰ কনভয়ৰ খুন্দাত এজন লোকৰ মৃত্যু

শুল্ক বিভাগৰ কৰ্মীসকলে আগতেই কে-৯ ওৱাৰ্ডৰ কুকুৰ আনি ড্ৰাগছৰ উপস্থিতি নিশ্চিত কৰিছিল।

বেগটো খুলিলেই সেউজীয়া-বাদামী ৰঙৰ পেকেট এটাৰ ভিতৰত প্ৰায় ১৫ কিলোগ্ৰাম ওজনৰ ড্ৰাগছ উদ্ধাৰ হয়। যাৰ বজাৰ মূল্য প্ৰায় ১৫ কোটি ৪ লাখ টকা।

ঘটনাৰ পিছতে শুল্ক বিভাগে ছ’চিয়েল মিডিয়াত এক বিবৃতি প্ৰকাশ কৰি উদ্ধাৰ হোৱা ড্ৰাগছ জব্দ কৰা বুলি জানিবলৈ দিয়ে। যুৱতীগৰাকীক আটক কৰি জেৰা কৰা হৈছে। ইতিমধ্যে বাকী ঘটনাৰ তদন্ত আৰম্ভ হৈছে।

লগতে পঢ়কঃ ‘পুষ্পা ২’ৰ আইটেম ছঙত আল্লু অৰ্জুনৰ সৈতে নৃত্য কৰিব শ্ৰদ্ধা কাপুৰে!

উল্লেখ্য যে দেওবাৰেই গুজৰাটৰ ভৰুচ জিলাৰ অংকলেশ্বৰত থকা এটা ঔষধৰ কাৰখানাৰ পৰা উদ্ধাৰ হয় ৪২৭ কেজি ড্ৰাগছ। জব্দ কৰা ড্ৰাগছৰ বজাৰ মূল্য ১৪ লাখৰো অধিক। ইতিমধ্যে এই ঘটনাত এজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে।