দেশৰ কমেও ১২ খন ৰাজ্যই চৰকাৰী কৰ্মচাৰীক কেন্দ্ৰীয় হাৰত নিদিয়ে ডিয়াৰনেছ এলাৱেন্স (ডি এ)। পশ্চিম বংগ চৰকাৰে উচ্চতম ন্যায়ালয়ত দাখিল কৰা লিখিত বিবৃতিত প্ৰকাশ কৰিছে এই তথ্য। উল্লেখযোগ্য যে তালিকাত উল্লেখ কৰা অধিকাংশ ৰাজ্যই বিজেপি শাসিত।
উল্লেখ্য যে উচ্চতম ন্যায়ালয়ত ৮ ছেপ্টেম্বৰত সমাপ্ত হৈছিল ডিএ গোচৰৰ শুনানি। ৰায় স্থগিত ৰাখি আদালতে প্ৰতিটো পক্ষক লিখিতভাৱে নিজৰ বক্তব্য দাখিল কৰিবলৈ নিৰ্দেশ দিছিল। তাৰ পৰিপ্রেক্ষিতত পশ্চিম বংগ চৰকাৰে দাখিল কৰা বিবৃতিত কয়, চৰকাৰী কৰ্মচাৰী ডি এৰ পৰা বঞ্চিত নহয়, যদিও ডি এ প্ৰদান কৰাতো ৰাজ্যৰ অৰ্থনৈতিক ক্ষমতা, অগ্ৰাধিকাৰ আৰু প্ৰদান কৰা অন্য সুবিধাৰ ওপৰত নিৰ্ভৰ কৰে।
পশ্চিমবংগ চৰকাৰে যুক্তি দিয়ে যে সংবিধানৰ ৩০৯ নং অনুচ্ছেদ অনুসৰি প্ৰতিখন ৰাজ্যই নিজৰ কৰ্মচাৰীৰ দৰমহা আৰু ভাট্টা নিৰ্ধাৰণ কৰাৰ অধিকাৰ ৰাখে। সেইকাৰণে কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা ডি এ নীতি মানি চলিবলৈ কোনো ৰাজ্য বাধ্য নহয়। ইয়াৰ লগতে চৰকাৰে স্পষ্ট কৰিছে যে ডি এ মৌলিক অধিকাৰ নহয়, কেৱল ৰাজ্যৰ অধিসূচনা বা সেৱা নিয়মত দিয়া সুবিধাহে কৰ্মচাৰীয়ে দাবী কৰিব পাৰে।
পশ্চিমবংগ চৰকাৰে দাখিল কৰা তথ্যত উল্লেখ কৰা হৈছে যে কমেও ১২খন ৰাজ্যত কেন্দ্ৰীয় হাৰত ডি এ নিদিয়ে। এই ৰাজ্যবোৰ হ’ল –কেৰেলা, ছত্তীশগড়, হিমাচল প্ৰদেশ, কৰ্ণাটক, মহাৰাষ্ট্ৰ, মণিপুৰ, মেঘালয়, মিজোৰাম, নাগালেণ্ড, ছিকিম, তেলেংগানা আৰু ত্ৰিপুৰা। কেৰেলা আৰু কৰ্ণাটকৰ বাদে বাকী সকলো ৰাজ্য বিজেপি অথবা বিজেপি মিত্ৰশক্তিৰ শাসনত আছে।
আদালতে ‘Revision of Pay and Allowances’ (ROPA) নিয়মৰ অধীনত কনজিউমাৰ প্ৰাইচ ইনডেক্স (CPI)ৰ ভিত্তিতো ৰাজ্যসমূহৰ মাজত ডিএ হাৰৰ বৈষম্য আছে বুলি মন্তব্য কৰিছে। পশ্চিমবংগ চৰকাৰে দাখিল কৰা তথ্যত ছত্তীশগড়, মেঘালয়, হিমাচল প্ৰদেশ আৰু ছিকিমত এই বৈষম্য পোৱা গৈছে।
পশ্চিমবংগ চৰকাৰে আদালতত যুক্তি দিছে যে ডি এ মৌলিক অধিকাৰ নহয় আৰু কেন্দ্ৰ আৰু ৰাজ্যৰ আৰ্থিক গঠন আলাদা। অন্যপক্ষৰ দাবী অনুসৰি, ডি এ নিৰ্দিষ্ট সময়ত প্ৰদান কৰা চৰকাৰৰ নীতিৰ অংশ, সেয়েহে বকেয়া কিস্তিত দিলেও পৰিশোধ কৰাটো আবশ্যক।





