NORTHEAST NOW (Assamese)

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

September 15, 2025 9:50 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: September 15, 2025 8:04 pm

সামাজিক মাধ্যমত প্ৰতিদিনে বিভিন্ন ধৰণৰ ভিডিঅভাইৰেল হৈ থাকে। নেটিজেনসকল বহুতৰে সৃষ্টিশীলতাত আপ্লুত হয়। কেতিয়াবা গানৰ, কেতিয়াবা নৃত্যৰ, খেলৰ, দুঃসাহসিক কামৰ ভিডিঅ’ৰ প্ৰতি মানুহ আকৰ্ষিত হয়।  কিন্তু আপুনি জানেনে যে খাদ্যত ছবি আঁকিব পাৰি? তাকো কণীৰ কুহুমত? শেহতীয়াকৈ ছচিয়েল মিডিয়াত ভাইৰেল হৈছে এই ভিডিঅটো।

কিছুদিন পূৰ্বে ছচিয়েল মিডিয়াত এটা ভিডিঅ ভাইৰেল হৈছিল।  লিঅনাৰ্ডো দা ভিঞ্চিৰ কালজয়ী সৃষ্টি মনালিছা এতিয়া কণীৰ অমলেটত দেখা গৈছিল। অমলেটটো বনোৱা যুৱকজনৰ কামত নেটিজেনসকল আচৰিত হৈ পৰিছিল। হাজাৰ হাজাৰ লোকে প্ৰশংসা কৰিছিল।

চিয়েল মিডিয়াত ভাইৰেল হোৱা ভিডিঅটোত দেখা গল যে তেওঁ কণীৰ কুহুমেৰে গৰম কেৰাহীত মনালিছাৰ মুখখন অংকন কৰি আছে। কেৰাহীখন গৰম হোৱাৰ বাবে কিছু সময়ৰ ভিতৰতে বাদামী হৈ পৰিল। তাৰ পিছত কণীৰ কুহুমখিনি কেৰাহীত ঢালি দিলে। অমলেটৰ তলত কেৱল মনালিজাৰ অংকন আছিল। অমলেটত মনালিজাৰ প্ৰতিকৃতিৰ নিখুঁত কামৰ ভিডিঅটো আৰম্ভণিৰে পৰাই কেমেৰাত বন্দী কৰা হৈছিল।

ইতিমধ্যে এই ভিডিঅ লাখ লাখ লোকৰ কাষ চাপিছে। হাজাৰ হাজাৰ লোকে পোষ্টটো লাইক আৰু কমেণ্টেৰে ভৰাইছে। এজনে লিখিছে, ‘এইটোক আমি শিল্প বুলি কওঁ! এনে কাম প্ৰতিদিনে ছচিয়েল মিডিয়াত ভাইৰেল হব লাগে।

Related News