জালত পৰা নাই বেংক বিষয়া জুনু শৰ্মাৰ হত্যাকাৰী; ঘনে ঘনে শীৰ্ষ আৰক্ষী বিষয়াৰ বৈঠক

Bank employee murder case

দদৰা এছ বি আই শাখাৰ বেংক বিষয়া জুনু শৰ্মাৰ শিহৰণকাৰী হত্যাকাণ্ডৰ ২৪ ঘণ্টা উকলি গল। কিন্তু এই পৰ্যন্ত অসম আৰক্ষীয়ে হত্যাকাৰী সন্দৰ্ভত কোনো ধৰণৰ তথ্য লাভ কৰা নাই। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত চলাই থকাৰ লগতে ঘনে ঘনে অনুষ্ঠিত হৈ আছে শীৰ্ষ আৰক্ষী বিষয়াৰ বৈঠক।

বুধবাৰে আৰক্ষী সঞ্চালক প্ৰধান কুলধৰ শইকীয়াৰ নিৰ্দেশত ঘটনাৰ বুজ লোৱাৰ উদ্দেশ্যে দদৰা আৰক্ষী চকীত অসম আৰক্ষীৰ আইন শৃংখলাৰ এ ডি জি পি মুকেশ আগৰৱাল উপস্থিত হয়। তেওঁৰ সৈতে আৰক্ষীৰ এটা শীৰ্ষ পৰ্যায়ৰ বিষয়াৰ দল ঘটনা সন্দৰ্ভত আলোচনাত মিলিত হয়।

আনহাতে অসমৰ আৰক্ষী সঞ্চালক প্ৰধান কুলধৰ শইকীয়া ঘটনা সন্দৰ্ভত এক তাৎপৰ্যপূৰ্ণ মন্তব্য দিছে। তেওঁ জুনু শৰ্মাৰ হত্যাকাণ্ড পূৰ্ব পৰিকল্পিত আছিল বুলি উল্লেখ কৰি এয়া চুপাৰি কিলাৰৰ কাম বুলি নিশ্চিত কৰে। এক বিশেষ সূত্ৰত প্ৰকাশ পোৱা মতে তেওঁ কাম কৰা বেংকটোত সংঘটিত বৃহৎ বিত্তীয় কেলেংকাৰীৰ সৈতে জড়িত এক দালাল চক্ৰই জুনু শৰ্মাক হত্যা কৰিছে।

ভাৰতীয় ষ্টেট বেংকৰ দদৰা শাখাত দীৰ্ঘদিনৰ পৰা এটা বৃহৎ দালাল চক্ৰ সক্ৰিয় হৈ আছে। জালিয়াতিৰে চেক ভঙাব বিচৰা দালাল চক্ৰই আশা কৰা ধৰণে চেক ভঙাব নোৱাৰিয়ে তেওঁক গুলীয়াই হত্যা কৰে বুলি সূত্ৰটোত প্ৰকাশ পাইছে।

উল্লেখযোগ্য যে মঙলবাৰে কামৰূপৰ আগিয়াঠুৰীত বেংকৰ পৰা ঘৰলৈ গাড়ীৰে আহি থকা অৱস্থাত দদৰা এছ বি আই শাখাৰ গাননিক বিষয়া জুনু শৰ্মাক বাইকত অহা দুৰ্বৃত্তই শূণ্য দূৰত্বৰ পৰা গুলীয়াই হত্যা কৰিছিল। কালি আৰক্ষীয়ে তেওঁ আহি থকা গাড়ীখনৰ ছিটত এটা 9 এম এম পিষ্টলৰ গুলী উদ্ধাৰ কৰে।