NORTHEAST NOW (Assamese)

আৰক্ষীৰ তৎপৰতাত উদ্ধাৰ অপহৃত কিশোৰী; তামুলপুৰ আৰক্ষীৰ জালত অপহৰণকাৰী

March 28, 2022 9:48 am · দীপক কুমাৰ পাঠক, তামুলপুৰ
আৰক্ষীৰ জালত অপহৰণকাৰী নিজামুদ্দিন। ফটো: নৰ্থইষ্ট নাও।

প্ৰথমতে মিছ কল দি তাৰ পিছত প্ৰেমৰ অভিনয়। এনেকৈ এচাম দুষ্ট যুৱকে প্ৰেমৰ জালত পেলাই কিশোৰী অপহৰণ কৰা ঘটনা দিনক দিনে বৃদ্ধি পাই আহিছে। নৱ গঠিত তামুলপুৰ জিলাতো এনে ঘটনা বৃদ্ধি পোৱাত সচেতন ৰাইজ উদ্বিগ্ন হৈ পৰিছে।

কিছুদিন পূৰ্বে তামুলপুৰৰ অম্বৰীষনগৰ গাঁওৰ পৰা অপহৃত এগৰাকী কিশোৰীক বহিঃৰাজ্যৰ পৰা তামুলপুৰ আৰক্ষীয়ে উদ্ধাৰ কৰাৰ পিছত দেওবাৰে পুনৰ অপহৰণকাৰীৰ কবলৰ পৰা এগৰাকী কিশোৰীক উদ্ধাৰ কৰা হয়।

যোৱা ২১ মার্চত হাইলাকান্দিৰ আলগাপুৰৰ নিজামুদ্দিন নামৰ এজন যুৱকে প্ৰেমৰ জালত পেলাই তামুলপুৰ জিলাৰ দৰঙামেলা অঞ্চলৰ পৰা ১৭ বছৰীয়া এগৰাকী কিশোৰীক অপহৰণ কৰি নিছিল।

লগতে পঢ়ক: গ্ৰাফিটি শিল্পী নীলিম মহন্তক গ্ৰেপ্তাৰ কৰিলে অৰুণাচল আৰক্ষীয়ে

তাৰ পিছতে কিশোৰী গৰাকীক অপহৰণ কৰা বুলি কিশোৰী গৰাকীৰ পৰিয়ালৰ লোকে দৰঙামেলা আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰিছিল।

পৰিয়ালৰ এজাহাৰৰ ভিত্তিত দৰঙামেলা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া গোপাল দ’লেৰ নেতৃত্বত যোৱা আৰক্ষীৰ এটি দলে আলগাপুৰ আৰক্ষীৰ সহযোগত অভিযান চলাই আলগাপুৰ অঞ্চলৰ পৰা অপহৃত কিশোৰী গৰাকীক উদ্ধাৰ কৰে আৰু অপহৰণকাৰী নিজামুদ্দিন নামৰ যুৱকজনক গ্ৰেপ্তাৰ কৰি তামুলপুৰলৈ  আনে।

নিজামুদ্দিনক আদালতত হাজিৰ কৰোৱাই ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হয়। 

Related News