NORTHEAST NOW (Assamese)

শিৱসাগৰৰ দিচাং চাপৰিত হাতী পোৱালিৰ মৃতদেহ উদ্ধাৰ

August 9, 2019 7:47 am · পাৰ্শ্বজ্যোতি গগৈ
ফটো : নৰ্থ-ইষ্ট নাও

শিৱসাগৰ দিচাংমুখৰ সমীপৰ দিচাং চাপৰিত এটা হাতী পোৱালিৰ মৃতদেহ উদ্ধাৰ হোৱাৰ ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে।

জানিব পৰা মতে বুধবাৰে নিশা ১০ মান বজাত দিচাং চাপৰিৰ পানী দিহিং পক্ষী অভয়াৰণ্যৰ পৰা খাদ্যৰ সন্ধানত ওলাই অহা হাতীৰ জাকৰ মাজৰ এটা হাতী পোৱালি মৃত অৱস্থাত কেইজনমান স্থানীয় লোকে প্ৰত্যক্ষ কৰে।

বন বিভাগক খবৰ দিয়াত বৃহস্পতিবাৰে দিনত বনকৰ্মী উপস্থিত হৈ মৃত হাতী পোৱলিটো উদ্ধাৰ কৰে। হাতী পোৱালিটোৰ শৰীৰত আঘাতৰ চিন স্পষ্ট।

বন বিভাগ স্থানীয় লোকে হাতী পোৱালিটোক পানীদিহিং পক্ষী অভয়াৰণ্যত পক্ষী ধৰিবলৈ অহা চোৰাং চিকাৰীৰ দলে হত্যা কৰিছে বুলি সন্দেহ প্ৰকাশ কৰিছে।

উল্লেখ্য যে বিগত কিছুদিন ধৰি দিচাং চাপৰিৰ ওচৰত থকা পানী দিহিং পক্ষী অভয়াৰণ্যৰ পৰা খাদ্যৰ সন্ধানত ওলাই অহা হাতীৰ জাক এটাই প্ৰায় জনাঞ্চলত সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছে।

এই বিষয়ে জিলা বন বিভাগ অৱগত যদিও হাতীৰ জাকটোক জনাঞ্চলৰ পৰা খেদি পঠিওৱাত সম্পূৰ্ণ ব্যৰ্থ হৈছে। যাৰ বাবে অঞ্চলটেত চলিত বৰ্ষতেই বনৰীয়া হাতীৰ আক্ৰমণত দুজনকৈ লোকে প্ৰাণ দিব লগীয়া হৈছে।

দিচাংমুখত বন বিভাগৰ এটা কাৰ্যালয় আছে যদিও বিভাগটোৰ কৰ্মচাৰীসকলৰ কতৰ্ব্যত গাফিলতি আৰু হেমাহিৰ বাবে অঞ্চলটোত সঘনে হাতী-মানুহৰ সংঘাত হোৱা দেখা যায় আৰু এই সংঘাতৰ ফলতেই নিৰীহ লোকৰ প্ৰাণ যোৱাৰ লগতে বহু হাতীৰো মৃত্যু হৈছে।

Related News