আজিৰে পৰা গ্ৰাহকৰ বাবে অতিকৈ জনপ্ৰিয় ‘হোটেল মা-কালী’ত নাপাব সুস্বাদু আহাৰ-ব্যঞ্জন।
এসাজ সুন্দৰ মাছ ভাতৰ বাবে জনপ্ৰিয় আছিল পল্টনবজাৰস্থিত এই হোটেলখন। ভিন্ন প্ৰজাতিৰ মাছৰ ব্যঞ্জনেৰে এসাঁজ খাবলৈ গ্ৰাহকসকলে ভিৰ কৰেহি এই হোটেলখনত।
কিন্তু সেইসকল গ্ৰাহকৰ বাবে দুঃ খবৰ। শুকুৰবাৰৰ পৰা ৭ দিনৰ বাবে সেই সু-স্বাদু মাছৰ ব্যঞ্জনৰ সোৱাদ ল’বলৈ নাপাব।
কিয়নো খাদ্য সুৰক্ষা বিভাগে শুকুৰবাৰে পুৱাৰ ভাগতে তলা ওলোমাব মহানগৰীৰ উক্ত হোটেলখনত। এই কথা নৰ্থ ইষ্ট নাওৰ সাংবাদিকৰ আগত জানিবলৈ দিয়ে খাদ্য সুৰক্ষা বিষয়া চম্পক পাঠকে।
পাঠকে জানিবলৈ দিয়া অনুসৰি তেওঁৰ নেতৃত্বতে বুধবাৰে খাদ্য সুৰক্ষা বিভাগে এক অভিযান চলাইছিল পল্টনবজাৰস্থিত মা-কালী হোটেলত।
অভিযানৰ সময়ত হোটেলখনৰ ৰন্ধনশালা অপৰিস্কাৰ অৱস্থাত প্ৰত্যক্ষ কৰে খাদ্য সুৰক্ষা বিভাগৰ দলটোৱে। লগতে এক অস্বাস্থ্যকৰ পৰিৱেশৰ মাজতে পাকঘৰটো ৰাখিছে হোটেল কৰ্তৃপক্ষই।
হোটেলখনৰ পাকঘৰৰ পৰা শূণ্য দূৰত্বত হোটেলৰ বাথৰুম-টয়লেট থকা বুলিও তেওঁ আমাৰ সাংবাদিকক জনায়।
তদুপৰি, হোটেলখনৰ পাকঘৰত খোজ কাঢ়িব পৰাকৈয়ো ঠাইৰ অভাৱ আৰু ৰন্ধনত ব্যবহৃত সামগ্ৰীসমূহ য’তে-ত’তে সিঁচৰিত হৈ থকা পৰিলক্ষিত কৰে খাদ্য সুৰক্ষা বিভাগে।
আনকি গ্ৰাহকক খাবৰ বাবে যোগান ধৰা পানীও অতিকৈ লেতেৰা নীলাৰঙৰ ড্ৰাম এটাত ৰখা হৈছে বুলি খাদ্য সুৰক্ষা বিভাগে জানিবলৈ দিয়ে।
এক অস্বাস্থ্যকৰ পৰিৱেশৰ মাজত গ্ৰাহকক ‘সু-স্বাদু’ ব্যঞ্জনৰ যোগান ধৰি অহা হেতুকে খাদ্য সুৰক্ষা বিষয়া চম্পক পাঠকে বৃহস্পতিবাৰে হোটেলৰ মালিক দিলীপ পদ্দাৰলৈ এক জাননী জাৰি কৰি শুকুৰবাৰৰ পৰা এসপ্তাহৰ বাবে হোটেলখন বন্ধ ৰখাৰ নিৰ্দেশ দিয়ে।