NORTHEAST NOW (Assamese)

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বাগৰি বনাঞ্চলত ঢেকীয়াপতীয়া বাঘিনীৰ মৃতদেহ উদ্ধাৰ

May 10, 2020 4:12 pm · উত্তম শইকীয়া
Updated: May 10, 2020 5:33 pm

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বাগৰি বনাঞ্চলত আজি এজনী ঢেকীয়াপতীয়া বাঘৰ মৃতদেহ উদ্ধাৰ হয়৷

বাগৰি বনাঞ্চলৰ ভলুকাজান বিলৰ পাৰত উদ্ধাৰ হোৱা মৃত বাঘজনী পাৰস্পৰিক যুঁজত মৃত্যু হোৱা বুলি জানিব পৰা গৈছে৷

আজি বিয়লি কাজিৰঙাৰ সঞ্চালক পি শিৱকুমাৰৰ নেতৃত্বত যোৱা উচ্চ পদস্থ বন বিষয়া আৰু ৰাষ্ট্ৰীয় বাঘ্ৰ সংৰক্ষণ প্ৰাধিকৰণৰ প্ৰতিনিধিৰ উপস্থিতিত বিধিগতভাৱে মৰণোত্তৰ পৰীক্ষা কৰা হয়৷

কাজিৰঙাৰ পাণবাৰীত থকা বন্যপ্ৰাণী পুনৰ সংস্থাপন আৰু সংৰক্ষণ কেন্দ্ৰৰ পশু চিকিৎসক ডাঃ পাণজিত বসুমতাৰীয়ে মৃত বাঘজনীৰ মৰণোত্তৰ পৰীক্ষা কৰে৷

সাতদিন মান আগতেই মৃত্যু হোৱা বাঘিনীজনীৰ শৰীৰত অন্য বাঘে কৰা আক্ৰমণৰ ভালেমান চিহ্ন পোৱা হয়৷

বাঘিনীজনীক কাজিৰঙাৰ কাজি-৮৩ এফ বুলি চিনাক্তকৰণ কৰে কাজিৰঙাৰ গৱেষণা বিষয়া ৰবীন্দ্ৰ শৰ্মাই৷

মৰণোত্তৰ পৰীক্ষাৰ শেষত বনাঞ্চলৰ ঘটনাস্থলীতেই বাঘিনীজনীক সকলোৰে উপস্থিতিত দাহ কৰা হয়৷

উল্লেখ্য যে চলিত বৰ্ষত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত এতিয়ালৈকে তিনিটাকৈ ঢেকীয়াপতীয়া বাঘৰ মৃত্যু হৈছে৷

Related News