NORTHEAST NOW (Assamese)

বেদেতীত অঘটন: ৰে’লৰ খুন্দাত বৃদ্ধা নিহত

December 7, 2021 8:45 pm · কাজী জেইদুল ইছলাম,বিশ্বনাথ

বিহালীৰ বেদেতীত অঘটন । ৰেলৰ খুন্দাত নিহত এগৰাকী ৬০ বছৰীয়া বৃদ্ধা ।

বেদেতী বাগানৰ ১২ নং লাইনৰ কমলা তেলেঙা (৬০) নামৰ বৃদ্ধা গৰাকী পুৱাৰ ভাগত বেংকলৈ বুলি ওলাই আহিছিল ।

বৃদ্ধা গৰাকীয়ে নিজৰ কাম সমাপন কৰি ঘৰমুৱা অৱস্থাতে দুৰ্ঘটনাত পতিত হোৱা বুলি সন্দেহ কৰা হৈছে।

বিয়লি ভাগত বেদেতী অভাৰ ব্ৰীজৰ তলত তথা ৰেল লাইনত উদ্ধাৰ হয় মহিলা গৰাকীৰ ক্ষত বিক্ষত মৃতদেহ ।

কেনেকৈ এই দুৰ্ঘটনা সংঘটিত হ’ল এই সন্দৰ্ভত ইতিমধ্যে ৰে’লৱে আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ অনুসন্ধান অব্যাহত ৰাখিছে ।

Related News