NORTHEAST NOW (Assamese)

শিৱসাগৰৰ গেমন দলঙত মৃতদেহ উদ্ধাৰ

November 13, 2020 2:09 pm · পাৰ্শ্বজ্যোতি গগৈ
Updated: November 13, 2020 2:41 pm

আজি পুৱা শিৱসাগৰৰ কোঁৱৰপুৰ গেমন দলঙৰ তলত পানীত উপঙি থকা অৱস্থাত  এটা মৃতদেহ উদ্ধাৰ কৰে।

স্থানীয় লোকে দিখৌ নদীত উটি অহা এটা মৃতদেহ গেমন দলঙৰ খুটাত লাগি থকা প্ৰত্যক্ষ কৰে।

লগে লগে স্থানীয় এজন যুৱকে আৰক্ষীক খবৰ দিয়ে আৰু ঘটনাস্থলীত আৰক্ষী আৰু এছডিআৰএফ বাহিনীৰ লোক উপস্থিত হৈ নদীৰ পৰা মৃতদেহটো উদ্ধাৰ কৰে।

মৃত লোক জনৰ নাম যতীন শৰ্মা বুলি জানিব পৰা গৈছে। বয়স ৬১ বছৰ। তেওঁৰ ঘৰ শিৱসাগৰৰ গণকপট্টীত বুলি জানিব পৰা গৈছে।

মৃত লোকজন যোৱা ৯ নৱেম্বৰ দিনা ঘৰৰ পৰা ওলাই গৈছিল বুলি পৰিয়ালৰ লোকে জানিবলৈ দিয়ে। সেই দিনা তেওঁ ঘৰলৈ ঘূৰি নহাত ১০ নৱেম্বৰত পৰিয়ালৰ লোকে শিৱসাগৰ সদৰ থানাত এজাহাৰ দাখিল কৰিছিল।

কি পৰিস্থিতিত যতীন শৰ্মাৰ মৃতদেহ দিখৌ নদীত উদ্ধাৰ কৰা হল সেয়া আৰক্ষীৰ তদন্তত পোহৰলৈ আহিব।

Related News