মৰিগাঁও জিলা কৃষি বিজ্ঞান কেন্দ্ৰই জিলা খনৰ বিভিন্ন অঞ্চলত প্ৰতি গৰাকী খেতিয়ক আৰু পশু পালকক তেওঁলোকৰ আয় বৃদ্ধিৰ লক্ষ্যৰে বিভিন্ন সময়ত বিভিন্ন আঁচনি ৰূপায়ণ কৰি আহিছে ৷
শেহতীয়াকৈ জিলা কৃষি বিজ্ঞান কেন্দ্ৰই ‘ মোৰ গাঁও মোৰ গৌৰৱ ‘আঁচনিৰ অধীনত একো একোখন গাঁও সামৰি উন্নত জাতৰ হাঁহ , কুকুৰা আদিৰ পোৱালি বিতৰণ কৰি কৃষক সকলক কৃষি কৰ্ম বা পশু পালনত উৎসাহিত কৰি আহিছে ৷
১২ নবেম্বৰত মায়ং উন্নয়ন খণ্ডৰ অন্তৰ্গত বৰামাৰী পামৰ গাঁও খনক এখন উন্নত জাতৰ হাঁহ পালনৰ গাঁৱলৈ ৰূপান্তৰিত কৰাৰ উদ্দেশ্যে এখন সজাগতা মূলক প্ৰশিক্ষণ অনুষ্ঠিত কৰে ৷
পশু চিকিৎসা মহাবিদ্যালয়ৰ অধ্যাপক ডাঃ জগদেৱ মহন্ত , মৰিগাঁও জিলা কৃষি বিজ্ঞান কেন্দ্ৰৰ মুখ্য বিজ্ঞানী ড° ৰিজুস্মিতা শৰ্মা ডেকা , বিজ্ঞানী ড° সুভাষ কলিতা আৰু বিজ্ঞানী ড° শুকণ্যা গগৈৰ উপস্থিতিত অনুষ্ঠিত হোৱা প্ৰশিক্ষণৰ অন্তত বৰামাৰী পামৰ ৪৪ গৰকী মহিলাক ২০ টাকৈ উন্নত জাতৰ চাৰা চাম্বেলী হাঁহৰ পোৱালি প্ৰদান কৰে ৷