সকাহ! আয়কৰ দাখিল,আধাৰৰ সৈতে পানকাৰ্ডৰ লিংকৰ সময়সীমা বৃদ্ধি কৰিছে চৰকাৰে

pan-card-aadhar-link-1549698132-1569504645-711x375

প্ৰতিনিধিত্বমূলক ফটো।

সাধাৰণ নাগৰিকক সকাহ প্ৰদান কৰি কেন্দ্ৰীয় চৰকাৰে ২০১৯-২০ বিত্তীয় বৰ্ষৰ আয়কৰ ৰিটাৰ্ণ দাখিলৰ সময়সীম বৃদ্ধি কৰিলে।

অহা ৩১ জুলাইলৈকে এই সময়সীমা বৃদ্ধি কৰা হৈছে।

সেইদৰে, আধাৰ নম্বৰৰ সৈতে পানকাৰ্ড লংকৰ সময়সীমা ২০২১ চনৰ ৩১ মাৰ্চলৈকে বৃদ্ধি কৰা হৈছে।

ইয়াৰ পূৰ্বে কৰ’না ভাইৰাছৰ বাবে কেন্দ্ৰীয় চৰকাৰে ২০১৯-২০ বিত্তীয় বৰ্ষৰ আয়কৰ ৰিটাৰ্ণ জমা দিয়াৰ সময়সীমা চলিত বৰ্ষৰ ৩০নৱেম্বৰ পৰ্যন্ত বৃদ্ধি কৰিছিল।

আনহাতে, আয়কৰ আইনৰ আওতাত ২০১৯-২০ বিত্তীয় বৰ্ষৰ বাবে বিভিন্ন বিনিয়োগ তথা কৰ ৰেহাই লাভৰ আবেদন কৰাৰ সময়সীমা কেন্দ্ৰীয় প্ৰত্যক্ষ কৰ পৰিষদে(CBDT)আৰু এমাহ বৃদ্ধি কৰি ৩১জুলাই কৰিছে।

কেন্দ্ৰীয় চৰকাৰে আগবঢ়োৱা ৫টা ডেডলাইন কি চাওক-

১. ২০১৮-১৯ বিত্তীয় বৰ্ষৰ (মূল্যায়ন বৰ্ষ ২০১৯-২০) অৰিজিনেল বা সংশোধিত আয়কৰ ৰিটাৰ্ণ ফাইল দাখিল কৰাৰ সময়সীমা অহা ৩১ জুলাইলৈ বৃদ্ধি কৰা হৈছে।

২. ২০১৯-২০ বিত্তীয় বৰ্ষৰ (মূল্যায়ন বৰ্ষ ২০২০-২১)আয়কৰ ৰিটাৰ্ণ ফাইল দাখিল কৰাৰ সময়সীমা ২০২০ বৰ্ষৰ ৩০ নৱেম্বৰলৈ বৃদ্ধি কৰা হৈছে।

অৰ্থাৎ ৩১ জুলাই আৰু ৩১ অক্টোবৰলৈকে যি আয়ৰ ৰিটাৰ্ণ দাখিল কৰিবলগীয়া আছিল সেয়া ৩০ নৱেম্বৰৰ ভিতৰত দিলেও হ’ব।

তদুপৰি, অডিট ৰিপ’ৰ্ট দাখিল কৰাৰ সময়সীমা চলিত বছৰৰ ৩১ অক্টোবৰ পৰ্যন্ত বৃদ্ধি কৰা হৈছে।

৩. ক্ষুদ্ৰ আৰু মজলীয়া কৰদাতাসকলক সকাহ দি ১ লাখ টকা পৰ্যন্ত আদায় দিবলগীয়া এনেকুৱা কৰদাতাসকলৰ ছেল্ফ এছেছমেন্ট টেক্সৰ ক্ষেত্ৰত দিবলগীয়া ধন জমা দিয়াৰ সময় ৩০ নৱেম্বৰ পৰ্যন্ত বৃদ্ধি কৰা হৈছে।

৪.আয়কৰ আইনৰ ৮০চি (এনআইচি, পিপিএফ, এনএছচি আদি), ৮০ডি (মেডিক্লেইম) আৰু ৮০জি (অনুদান) ধাৰাৰ অধীনত কৰ ৰেহাইৰ সুবিধা পাবলৈ বিনিয়োগ তথা অনুদানৰ সময়সীমা অহা ৩১ জুলাইলৈ বৃদ্ধি কৰা হৈছে।

৫. আয়কৰ আইনৰ ৫৪ৰ পৰা ৫৪জিবি ধাৰাত ৰেহাইৰ সুবিধা লাভ কৰিবলৈ বিনিয়োগ বা নিৰ্মাণকাৰ্য বা ক্ৰয়ৰ ক্ষেত্ৰত সময়সীমা অহা ৩০ছেপ্টেম্বৰলৈকে বৃদ্ধি কৰা হৈছে।