• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, October 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home অভিমত

COVID 19ৰ সময়ত মৃত্যু— ব্যাপক ক্ষয়ক্ষতিৰ মোকাবিলাৰ বাবে সাজুনে ভাৰত?

বিজয়ানন্দ চৌধুৰী by বিজয়ানন্দ চৌধুৰী
March 26, 2020 10:05 pm
Death in times of COVID 19 – Is India prepared to tackle mass casualty?

প্ৰতিনিধিত্বমূলক ছবি

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মৃত্যু অপৰিহাৰ্য্য, সেইদৰেই অপৰিহাৰ্য্য মাৰাত্মক COVID-19 ভাইৰাছৰ ব্যাপ্তি।

প্ৰতিদিনাই মৃত্যুৰ সংখা বৃদ্ধি, বিশ্বজুৰি দেশসমূহত সম্পূৰ্ণ লকডাউন আৰু বিশেষজ্ঞসকলে নিৰাময়ৰ উপায় বিচাৰি থকাৰ সময়ত ব্যাপক মৃত্যুৰ ভৱিষ্যত আমি উলাই কৰিব নোৱাৰো।

Apply Now

ইতিহাসে আমাক দেখুৱাইছে যে দীঘলীয়া মহামাৰীৰ সময়ত ব্যাপক মৃত্যু সংঘটিত হয়।

কিছুমান উদাহৰণ হৈছে ২০০ মিলিয়নৰ মৃত্যু ঘটা ‘ব্লেক প্লেগ– ১৩৪৭’, ৫৬ মিলিয়নৰ মৃত্যু ঘটা ‘নিউ ৱৰ্ল্ড স্মল পক্স– ১৫২০’, ভাৰত আৰু চীনত ১২ মিলিয়নতকৈয়ো অধিক মানুহৰ প্ৰাণ লোৱা ‘থাৰ্ড প্লেগ– ১৮৮৫’, ৫০ মিলিয়নৰ মৃত্যু ঘটা ‘স্পেনিছ ফ্লু– ১৯১৮’ আৰু বহুতো।

বিশ্ব ‘কৰ’না’ আক্ৰমণত বগুৱা বোৱাৰ সময়ত সকলো অনিশ্চিত হৈ পৰিছে, চৰকাৰৰ প্ৰস্তুতিও।

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আমাৰ দেশৰ স্বাস্থ্য ব্যৱস্থা সবল কৰাৰ কাৰণে এক ১৫০০০ কোটি টকাৰ পেকেজ ঘোষণাৰ লগতে সম্পূৰ্ণ লকডাউনৰ ঘোষণাই দেখুৱাইছে এই সংকটৰ কাৰণে ভাৰত কিমান সাজু আছিল।

যেতিয়া আপুনি মহামাৰী এটা মোকাবিলাৰ মাজভাগত আছে, আপোনাক স্বাস্থ্য ব্যৱস্থাটোও সবলীকৰণ কৰিবলৈ কোৱা হৈছে—এইটো আগতে কৰিব পৰা নগ’লহেঁতেননে?

লকডাউনৰ পৰিস্থিতি এটা দীৰ্ঘদিনৰ কাৰণে মোকাবিলা কৰাৰ বাবে অসমৰ পৰ্য্যাপ্ত সম্পদ নাই, ৰাজ্যৰ বিত্ত মন্ত্ৰীয়ে কৈছিল, ৰাজ্যখনত ৯০ দিনলৈ যোগান আছে বুলি খাদ্য আৰু অসামৰিক যোগান মন্ত্ৰীয়ে ঘোষণা কৰাৰ পিছত কেৱল হয়তো তেওঁৰ বিবৃতিটো উঠাই ল’বলৈ! এয়া পৰ্য্যাপ্ত প্ৰস্তুতিনে?

প্ৰস্তুতিৰ কথা ক’বলৈ যাওঁতে যদি মহামাৰীটো অধিক বেয়াৰ ফাললৈ যায় আৰু ব্যাপক মৃত্যু সংঘটিত কৰি আমাৰ অনুমানতকৈ অধিক দিন থাকে, তেতিয়া কি হ’ব।

আমাৰ দেশ আৰু অসম ৰাজ্য মৃতকৰ মোকাবিলা আৰু ব্যৱস্থা কৰাৰ বাবে কিমান সাজু।

স্পেইনৰ দৰে আগবঢ়া দেশত পৰিস্থিতি সম্পৰ্কে এনেধৰণৰ ঘোষণাৰ পৰা নিশ্চিত হ’ব পাৰি, “মাদ্ৰিদৰ পৌৰ অন্ত্যেষ্টিক্ৰিয়া গৃ্হে মঙলবাৰে ঘোষণা কৰিছে যে ই কৰ’নাভাইৰাছে সৃষ্টি কৰা ৰোগ Covid-19ৰ ভুক্তভোগীসকলক লোৱাতো বন্ধ কৰিছে— যি সময়ত নগৰখনৰ প্ৰধান আইচ ৰিংকটো সাময়িকভাৱে সমাধি হিচাপে ব্যৱহাৰ কৰা হ’ব।”

অতীতৰ ব্যাপক মৃত্যুৱে আমাক বাস্তৱৰ অস্বাস্থ্যকৰ ছবিখন দেখুৱায় যেতিয়া ভাৰতত ক’লাজ্বৰৰ সময়ত বাৰাণসীৰ ঘাটসমূহে ঠাই, মানৱ শক্তিৰ অভাৱ আৰু মৃতদেহৰ ভিৰৰ বাবে কাম বন্ধ কৰিব লগা হৈছিল।

সেয়া আৰু অধিক বেয়া হ’ব পাৰিলেহেঁতেন।

মানুহে নিজৰ প্ৰিয়জনৰ শৱ দাহ কৰিব পৰা নাই।

এই সময়ত কথাটো অলপ বেলেগ—অন্তেষ্টিক্ৰিয়া বহু দেশত নিষিদ্ধ কৰা হৈছে।

আৰু ঠাই আৰু শৱদাহগৃ্হৰ দৰে সম্পদৰ বা আনকি খৰিৰ অভাৱৰ সময়ত ই নিশ্চয়কৈ ভাৰত চৰকাৰে বিবেচনা কৰিব লগা এটা সমস্যা।

বংগৰ দুৰ্ভিক্ষৰ সময়ৰ অতীতৰ ছবিয়ে প্ৰাকৃতিক শৱভোজী শগুনে মৃতদেহৰ দিহা লগোৱা দেখুৱায় কিন্তু পৰিৱেশ ধ্বংসই প্ৰজাতিটো বিপদাপন্ন কৰি পেলোৱাৰ পিছত সেই কামৰ বাবে আমাৰ পৰ্য্যাপ্ত শগুনো নাই।

ইয়াত অসম ৰাজ্যত পৰিস্থিতিতো আনকি অধিক বেয়া, ২০২০ত ৰাজ্যখনে ইয়াৰ পৌৰ দায়িত্বসমূহ চলাই আছে এটাও বৈদ্যুতিক শ্মশান নোহোৱাকৈ।

ৰাজ্যখনত কোনো বৈদ্যুতিক শ্মশান নাই।

এটা গেছ শ্মশান সংস্থাপন কৰা হৈছিল কিন্তু মৃতকক জ্বলাবলৈ ব্যৱহাৰ কৰা গেছৰ বাবদ মানুহে দিব লগা উচ্চ দামৰ বাবে সেইটো প্ৰায় অচল হৈ আছে।

কেৱল খৰিৰ শ্মশান থকা অৱস্থাত আৰু খৰি দুৰ্লভ সামগ্ৰী হোৱাৰ সময়ত ব্যাপক মৃত্যুৰ সময়ত ৰাজ্যখনে মৃতকৰ মোকাবিলা কৰাৰ বাবে কি পৰিকল্পনা কৰিছে সেয়া অকল্পনীয়।

মৃতদেহবোৰ অধিক সময়ৰ কাৰণে পেলাই ৰাখিলে ই দ্বিতীয় পৰ্য্যায়ৰ সংক্ৰমণলৈ লৈ যাব আৰু আন এক মহামাৰীও সোমাবহি পাৰে।

লক্ষণীয়ভাৱে শ্মশান পৰিচালনা কৰ্তৃপক্ষই অন্তিম সংস্কাৰ কৰিবলৈ অস্বীকাৰ কৰাৰ ফলত কলকাতাত মানুহে শ্মশানত মৃতদেহ জমা কৰিব লগা হৈছিল।

এইটো কোনেও অস্বীকাৰ কৰিব নোৱাৰে যে COVID-19ৰ পৰা ব্যাপক মৃত্যুৰ ঘটনা ঘটিলে অসমকো সাঙুৰি সমগ্ৰ দেশতে একে দৃশ্য দেখিবলৈ পোৱা যাব।

এই মহামাৰীৰ সময়ত মৃত্যু মানুহে জীৱনজুৰি পালন কৰি অহা অনুষ্ঠান হৈ নাথাকে।

ধৰ্ম আৰু সংস্কৃতি পিছ পৰে যি সময়ত চৰকাৰে ব্যাপক মৃত্যুৰ ভৱিষ্যত প্ৰস্তুতিৰ বাবে তেওঁলোকৰ নীতিসমূহ সঠিকভাৱে লোৱাৰ দৰকাৰ।

মৃতকক হাজাৰ বা নিযুতৰ ঘৰত দাহৰ বাবে এটা কৰ্মবাহিনীৰ প্ৰয়োজন হ’ব আৰু নীতি নিৰ্ধাৰকসকলে যদি এতিয়াই পৰিকল্পনা নকৰে তেন্তে আমি এই সকলো প্ৰতিকূলতা সত্ত্বেও জীয়াই থকা নিযুতজনৰ জীৱনো বিপদলৈ ঠেলি দিম।

চুলা থকা লোহাৰ প্ৰডাকচন ইউনিট মৃতকক জ্বলোৱাৰ বাবে সম্ভাৱ্য ইন্ধন হ’ব পাৰে।

সেয়ে ৰাজ্যত থকা এনে ইউনিটৰ তালিকা কৰা আৰু সেইবোৰক বিবেচনাত ৰখাটো এটা ৰাস্তা হ’ব পাৰে।

এই চুলাবোৰ লকডাউনৰ সময়ত বন্ধ হৈ থাকিব পাৰে কিন্তু এনে এটা চুলা আৰম্ভ কৰিবলৈ কমেও সাতদিন সময়ৰ প্ৰয়োজন।

ইতিমধ্যে থকা সংকটৰ ওপৰত অতিৰিক্ত এটা সংকট প্ৰতিহত কৰাৰ বাবে আগুৱাই যোৱাৰ ক্ষেত্ৰত এইবোৰ এটা সংকেত হ’ব পাৰে যাৰ বিষয়ে ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰে বিচাৰ কৰা দৰকাৰ।

বিজয়ানন্দ চৌধুৰী নৰ্থইষ্ট নাও-ৰ ফটো এডিটৰ

বিজয়ানন্দ চৌধুৰী

বিজয়ানন্দ চৌধুৰী

Stay Connected

  • 117k Fans

Recent News

সামৰিক বিমান দুৰ্ঘটনাগ্ৰস্ত হৈ ৩২ জনৰ মৃত্যু; ক’ত ঘটিল এই বিমান বিধ্বস্ত হোৱাৰ ঘটনা?

সামৰিক বিমান দুৰ্ঘটনাগ্ৰস্ত হৈ ৩২ জনৰ মৃত্যু; ক’ত ঘটিল এই বিমান বিধ্বস্ত হোৱাৰ ঘটনা?

October 6, 2026 10:34 am
নগাঁও লোকসভা উপ-নিৰ্বাচনৰ বাবে ২,১১২টা ভোটকেন্দ্ৰত আৰম্ভ হৈছে ভোটদান

নগাঁও লোকসভা উপ-নিৰ্বাচনৰ বাবে ২,১১২টা ভোটকেন্দ্ৰত আৰম্ভ হৈছে ভোটদান

October 6, 2026 9:44 am
বিজেপিৰ ৰাজ্যসভাৰ প্ৰাৰ্থী তালিকাত নাই দুই কেন্দ্ৰীয় মন্ত্ৰীৰ নাম; শীঘ্ৰেই মন্ত্ৰীসভাৰ সালসলনি!

বিজেপিৰ ৰাজ্যসভাৰ প্ৰাৰ্থী তালিকাত নাই দুই কেন্দ্ৰীয় মন্ত্ৰীৰ নাম; শীঘ্ৰেই মন্ত্ৰীসভাৰ সালসলনি!

October 6, 2026 8:49 am
মহিলা সাংবাদিকক নিৰ্যাতনত অভিযুক্ত এচিপি হ’ল অতিৰিক্ত ডিচিপি! তদন্তৰ সময়ত পদোন্নতিক লৈ উঠিছে প্ৰশ্ন

মহিলা সাংবাদিকক নিৰ্যাতনত অভিযুক্ত এচিপি হ’ল অতিৰিক্ত ডিচিপি! তদন্তৰ সময়ত পদোন্নতিক লৈ উঠিছে প্ৰশ্ন

October 6, 2026 7:53 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সামৰিক বিমান দুৰ্ঘটনাগ্ৰস্ত হৈ ৩২ জনৰ মৃত্যু; ক’ত ঘটিল এই বিমান বিধ্বস্ত হোৱাৰ ঘটনা?

সামৰিক বিমান দুৰ্ঘটনাগ্ৰস্ত হৈ ৩২ জনৰ মৃত্যু; ক’ত ঘটিল এই বিমান বিধ্বস্ত হোৱাৰ ঘটনা?

October 6, 2026 10:34 am
নগাঁও লোকসভা উপ-নিৰ্বাচনৰ বাবে ২,১১২টা ভোটকেন্দ্ৰত আৰম্ভ হৈছে ভোটদান

নগাঁও লোকসভা উপ-নিৰ্বাচনৰ বাবে ২,১১২টা ভোটকেন্দ্ৰত আৰম্ভ হৈছে ভোটদান

October 6, 2026 9:44 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd