NORTHEAST NOW (Assamese)

মৃত্যুৰ ওচৰত হাৰ মানিলে দুৰ্ঘটনাত পতিত কলিয়াবৰৰ বৰভগীয়াৰ বিভূতি শইকীয়াই

March 22, 2022 7:38 pm · ৰিদিপ শৰ্মা, কলিয়াবৰ
Updated: March 22, 2022 7:39 pm

এজন উদীয়মান শিল্পীৰ মৃত্যুত কলিয়াবৰত গভীৰ শোকৰ ছাঁ। যুৱ শিল্পী গৰাকীৰ মৃতদেহ লৈ গাঁৱে গাঁৱে শোকাকুল শোভাযাত্ৰা ৰাইজৰ।

অৱশেষত মৃত্যুৰ ওচৰত হাৰ মানিলে দুৰ্ঘটনাত পতিত হৈ চিকিৎসাধীন হৈ থকা কলিয়াবৰৰ বৰভগীয়াৰ বিভূতি শইকীয়া নামৰ সংস্কৃতিবান যুৱকজনে।

যোৱা ৯ মাৰ্চত এক পথ দুৰ্ঘটনাত পতিত হৈ গুৰুতৰ ভাৱে আঘাতপ্ৰাপ্ত হৈছিল কলিয়াবৰৰ বৰভগীয়াৰ বিভূতি শইকীয়া নামৰ সংস্কৃতিবান যুৱকজন।

বিগত ১২ দিনে সংকটজনক অৱস্থাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিতালত চিকিৎসাধীন হৈ থকাৰ পিছত আজি শেষ নিস্বাস ত্যাগ কৰে সংস্কৃতিবান যুৱকজনে।

আজি বিয়লি গুৱাহাটীৰ পৰা যুৱ শিল্পী জনৰ মৃতদেহ কলিয়াবৰ আহি পোৱাৰ পিছতে সৃষ্টি হয় শোকাকুল পৰিৱেশৰ। গায়ন-বায়নৰে শোভাযাত্ৰা কৰি যুৱকজনলৈ শেষ শ্ৰদ্ধা নিবেদন কৰে অঞ্চলবাসীৰ লগতে বিভিন্ন দল-সংগঠনে।

যুৱকজনৰ মৃত্যুত শোকত ভাগি পৰে পৰিয়ালৰ লগতে গুণমুগ্ধ ৰাইজ। উল্লেখ্য যে, সত্ৰীয়া সংস্কৃতিৰ প্ৰতিভাৱান সাধক বিভূতি শইকীয়া গায়ন-বায়ন, গীত-মাত সকলো দিশতে আছিল পাৰদৰ্শী।

প্ৰতিশ্ৰুতি সম্পন্ন শিল্পী গৰাকীৰ অকাল বিয়োগত সমগ্ৰ কলিয়াবৰতে পৰিছে শোকৰ ছাঁ।

Related News