• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, August 12, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মেঘালয়ৰ কয়লা খনিৰ পৰা উদ্ধাৰ আৰু ৭টা মৃতদেহ; মৃতকৰ সংখ্যা ২৫ জনলৈ বৃদ্ধি, দুজনক গ্ৰেপ্তাৰ আৰক্ষীৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 7, 2026 11:09 am
18
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মেঘালয়ৰ পূব জয়ন্তীয়া পাহাৰত সংঘটিত কয়লা খনিৰ বিস্ফোৰণত মৃত্যু হোৱা লোকৰ সংখ্যা ২৫ জনলৈ বৃদ্ধি পাইছে। বৃহস্পতিবাৰে পুৱা প্ৰায় ৭ বজাত পূব জয়ন্তীয়া পাহাৰৰ তাছখাই অঞ্চলৰ কয়লা খনিত সংঘটিত হৈছিল এক বিস্ফোৰণ। সেই বিস্ফোৰণৰ পৰা বৃহস্পতিবাৰে ১৮টা মৃতদেহ উদ্ধাৰ কৰাৰ বিপৰীতে শুকুৰবাৰে আৰক্ষীয়ে আৰু ৭টা মৃতদেহ উদ্ধাৰ কৰে। আৰক্ষী সঞ্চালক প্ৰধান আই ননৰাঙে জনোৱা মতে, ১২টা মৃতদেহ চিনাক্ত কৰা হৈছে।

ডিজিপিগৰাকীয়ে লগতে কয় যে দুৰ্যোগ সঁহাৰি বাহিনী, বিশেষ উদ্ধাৰকাৰী দল আৰু আৰক্ষীয়ে যৌথভাৱে অঞ্চলটোত উদ্ধাৰ অভিযান চলাই আছে। ঘটনাস্থলীত চিকিৎসক আৰু এম্বুলেন্সৰ বিশেষ দল মোতায়েন কৰা হৈছে। সমগ্ৰ ঘটনাটো জিলা প্ৰশাসন আৰু ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনীয়ে নিৰীক্ষণ কৰি আছে। সেনাবাহিনীকো মোতায়েন কৰা হৈছে।

Apply Now

পূৱ জয়ন্তীয়াৰ আৰক্ষী অধীক্ষক বিকাশ কুমাৰে জনোৱা মতে, শুকুৰবাৰে কয়লা খনিটোত উদ্ধাৰ অভিযানত চাৰিটা মৃতদেহ উদ্ধাৰ কৰা হয়। গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত বাকী তিনিজনক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসাৰ সময়ত তেওঁলোকৰ মৃত্যু হয়।

তেওঁ তদন্ত চলি থকা বুলিও জানিবলৈ দিয়ে। যিমানদূৰ সম্ভৱ সোনকালেই আহত আৰু মৃতসকলক চিনাক্ত কৰা হৈছে। তদুপৰি কয়লা খনিটোত আৰু কোনো লোক চেপা খাই আছে নে নাই সেয়াও পৰীক্ষা কৰা হৈছে। ১২টা মৃতদেহ চিনাক্ত কৰাৰ পিছত পৰিয়ালকেইটাক গতাই দিয়া হৈছে।

পৰিবেশৰ ক্ষতি আৰু জীৱনৰ বিপদৰ বাবে ২০১৪ চনত মেঘালয়ত ৰেট-হোল কয়লা খনন নিষিদ্ধ কৰিছিল ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণে। একে সময়তে কয়লা পৰিবহণতো বাধা আৰোপ কৰা হৈছিল। ৰেট-হোল খননত সাধাৰণতে ৩-৪ ফুট উচ্চতাৰ সংকীৰ্ণ অনুভূমিক সুৰংগ খন্দা হয়, যাৰ বাবে শ্ৰমিকসকলে কয়লা উলিয়াবলৈ ভিতৰলৈ হাউলি সোমাই যাবলগীয়া হয়।

মেঘালয়ৰ কয়লা খনিত বৈধ নথি-পত্ৰ আৰু সুৰক্ষাৰ নিয়ম অবিহনে কাম চলি আছিল বুলি আৰক্ষীয়ে দাবী কৰিছে। এই অভিযোগত শুকুৰবাৰে আৰক্ষীয়ে চিৰমাং (৩৬) আৰু ছামেমী ৱাৰ (৪২) নামৰ দুজন লোকক গ্ৰেপ্তাৰ কৰা হয়। গ্ৰেপ্তাৰ হোৱা দুজনক আদালতত হাজিৰ কৰোৱাৰ সময়ত ন্যায়াধীশে তেওঁলোকক তিনিদিনৰ আৰক্ষীৰ জিম্মাত ৰখাৰ নিৰ্দেশ দিয়ে।

ইয়াৰ পূৰ্বেও মেঘালয়ত এনে ভয়াবহ ঘটনা সংঘটিত হৈছিল। ২০১৩ চনত কয়লা খনিৰ বিস্ফোৰণত ১৫ জন লোকৰ মৃত্যু হৈছিল। ২০১৮ চনতো একেধৰণৰ বিস্ফোৰণত ১৩ জন লোকৰ মৃত্যু হৈছিল। ২০১৪ চনত ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণে জাৰি কৰা নিষেধাজ্ঞা সত্ত্বেও যোৱা বছৰ মেঘালয় চৰকাৰে বিজ্ঞানসন্মত কয়লা খননৰ অনুমতি দিছিল। তাৰপিছতে এই দুৰ্ঘটনাত চৰকাৰৰ ভূমিকাক লৈ প্ৰশ্ন উত্থাপন হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চৰকাৰী চিকিৎসালয়ত এয়া কেনে চিকিৎসা? বিনা সন্মতিৰে ১৭ বছৰীয়া কিশোৰীক দিলে গৰ্ভৱতী হোৱাৰ ভুৱা ৰিপ’ৰ্ট

চৰকাৰী চিকিৎসালয়ত এয়া কেনে চিকিৎসা? বিনা সন্মতিৰে ১৭ বছৰীয়া কিশোৰীক দিলে গৰ্ভৱতী হোৱাৰ ভুৱা ৰিপ’ৰ্ট

August 12, 2026 3:17 pm
৩৬ বছৰৰ অপেক্ষাৰ অন্ত পৰিবনে? ১৯৯০ চনৰ কাশ্মীৰী পণ্ডিতৰ নিৰ্মম হত্যাকাণ্ডৰ পুনৰ তদন্ত আৰম্ভ

৩৬ বছৰৰ অপেক্ষাৰ অন্ত পৰিবনে? ১৯৯০ চনৰ কাশ্মীৰী পণ্ডিতৰ নিৰ্মম হত্যাকাণ্ডৰ পুনৰ তদন্ত আৰম্ভ

August 12, 2026 1:05 pm
প্লাষ্টিক বা এলুমিনিয়ামৰ পেকেটত বিক্ৰী কৰিব নোৱাৰিব পাণমছলা: FSSAI-ৰ নতুন নিৰ্দেশনা

প্লাষ্টিক বা এলুমিনিয়ামৰ পেকেটত বিক্ৰী কৰিব নোৱাৰিব পাণমছলা: FSSAI-ৰ নতুন নিৰ্দেশনা

August 12, 2026 10:23 am
গাঁও অঞ্চলৰ চৰকাৰী স্কুলত অভিভাৱকে কৰিব ‘ছ’চিয়েল অডিট’: স্বাধীনতা দিৱসৰ পৰা নতুন কাৰ্যসূচী চিজেপিৰ

গাঁও অঞ্চলৰ চৰকাৰী স্কুলত অভিভাৱকে কৰিব ‘ছ’চিয়েল অডিট’: স্বাধীনতা দিৱসৰ পৰা নতুন কাৰ্যসূচী চিজেপিৰ

August 12, 2026 8:55 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চৰকাৰী চিকিৎসালয়ত এয়া কেনে চিকিৎসা? বিনা সন্মতিৰে ১৭ বছৰীয়া কিশোৰীক দিলে গৰ্ভৱতী হোৱাৰ ভুৱা ৰিপ’ৰ্ট

চৰকাৰী চিকিৎসালয়ত এয়া কেনে চিকিৎসা? বিনা সন্মতিৰে ১৭ বছৰীয়া কিশোৰীক দিলে গৰ্ভৱতী হোৱাৰ ভুৱা ৰিপ’ৰ্ট

August 12, 2026 3:17 pm
৩৬ বছৰৰ অপেক্ষাৰ অন্ত পৰিবনে? ১৯৯০ চনৰ কাশ্মীৰী পণ্ডিতৰ নিৰ্মম হত্যাকাণ্ডৰ পুনৰ তদন্ত আৰম্ভ

৩৬ বছৰৰ অপেক্ষাৰ অন্ত পৰিবনে? ১৯৯০ চনৰ কাশ্মীৰী পণ্ডিতৰ নিৰ্মম হত্যাকাণ্ডৰ পুনৰ তদন্ত আৰম্ভ

August 12, 2026 1:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd