এতিয়া স্পষ্ট হৈছে কেজৰিৱালে দিল্লী জ্বলাটো বিচাৰে : গৌতম গম্ভীৰ
গণৰাজ্য দিৱসৰ দিনটোত দিল্লীত প্ৰতিবাদী কৃষকৰ ট্ৰেক্টৰ ৰেলীত সংঘটিত হোৱা হিংসাত্মক ঘটনাৰ পাছত কেজৰিৱালৰ ভূমিকাক ক্ষুৰাধাৰ সমালোচনা কৰিছে বিজেপিৰ দিল্লীৰ সাংসদ তথা প্ৰাক্তন ক্ৰিকেটাৰ গৌতম গম্ভীৰে।
‘‘উপদ্ৰৱকাৰীৰ বিৰুদ্ধে এটাও শব্দ উচ্চাৰণ কৰা নাই কেজৰিৱালে। এইটো স্পষ্ট হৈছে যে তেওঁ দিল্লী জ্বলাটো বিচাৰে,’’ গৌতম গম্ভীৰে কেজৰিৱালক সমালোচনা কৰি এইদৰে কয়।
দিল্লীত গণৰাজ্য দিৱসৰ দিনটোত প্ৰতিবাদকাৰী কৃষকে হিংসাত্মক পন্থা অৱলম্বন কৰি লালকিল্লাত প্ৰৱেশ কৰি নিজৰ পতাকা উৰুৱাইছিল।
এই ঘটনাৰ পাছতে গৌতম গম্ভীৰে এই কাৰ্য্যক তীব্ৰ সমালোচনা কৰি দেশৰ উৰ্দ্ধত কোনো নহয় বুলি মন্তব্য কৰি লালকিল্লাত ৰাষ্ট্ৰীয় পতাকাক অপমান কৰা কাৰ্য্যক দেশ বিৰোধী হিচাপে অভিহিত কৰিছিল।
আনহাতে, দিল্লীত কৃষকৰ হিংসাত্মক প্ৰতিবাদৰ সময়ত নিজৰ জীৱনক তুচ্ছ জ্ঞান কৰি দেশৰ সুৰক্ষাৰ ক্ষেত্ৰত আগস্থানত থকা আৰক্ষীৰ জোৱান সকলক কেন্দ্ৰীয় গৃহ মন্ত্ৰীয়ে সাক্ষাৎ কৰি স্বাস্থ্যৰ বুজ লোৱাৰ বিষয়েও গম্ভীৰে লগতে উল্লেখ কৰে।