• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

‘ইমান ৰাতি বাহিৰত কিয়?’ আৰক্ষীৰ গুলীত নিহত ফুড ডেলিভাৰী কৰ্মী, গুৰুতৰভাৱে আহত এজন

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
May 21, 2026 10:49 am
69
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বন্ধুৰ সৈতে ঘৰুৱা অনুষ্ঠান এটাৰ পৰা উভতি আহি আছিল পাণ্ডৱ কুমাৰ (২১) নামৰ এজন যুৱক। সময় তেতিয়া মাজনিশা। দিল্লী আৰক্ষীৰ কনিষ্টবল নীৰজে হঠাতে তেওঁলোকক ধৰিলে। অভিযোগ অনুসৰি নিশা পথত ওলাই যোৱাক লৈ হোৱা কথা কটাকটিৰ মাজতে পাণ্ডৱৰ ওপৰত গুলীচালনা কৰে কনিষ্টবলজনে। পাণ্ডৱৰ থিতাতে মৃত্যু হয়। তেওঁৰ বন্ধু কৃষ্ণ পাণ্ডে গুৰুতৰভাৱে আহত হয়।

দেওবাৰে দিল্লীৰ জাফৰপুৰ কালনা গ্ৰামৰ এই ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। গুলীচালনাৰ পিছৰে পৰা পলাতক হৈ আছে নীৰজ। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।

Apply Now

আৰক্ষীৰ সূত্ৰ অনুসৰি দেওবাৰে নিশা প্ৰায় ২:৩০ বজাত দিল্লীৰ জাফৰপুৰ কালনা গ্ৰামৰ পথত বাইকত থিয় হৈ আছিল পাণ্ডৱ। পেছাত তেওঁ এজন ফুড ডেলিভাৰী কৰ্মী। কৃষ্ণ তেওঁৰ লগত পিছৰ চিটত বহি আছিল। জন্মদিনৰ পাৰ্টিৰ পৰা উভতি আহিছিল দুয়ো। সেই সময়ত নীৰজে পথত টহল দি আছিল। পাণ্ডৱবহঁতক থিয় হৈ থকা দেখি তেওঁ আগবাঢ়ি গ’ল। তেওঁ পোনপটীয়াকৈ সুধিলে, ‘ইমান ৰাতি ৰাস্তাত কিয় আছা?’ ইয়াৰ উত্তৰত তৰ্ক আৰম্ভ হ’ল। অভিযোগ অনুসৰি, কথা কটাকটিৰ সময়ত নীৰজে হঠাতে বন্দুক উলিয়াই গুলীচালনা কৰে।

গুলীয়ে পাণ্ডৱৰ বুকুত আঘাত কৰে। ইয়াৰ পিছত গুলীটো তেওঁৰ শৰীৰ ফুটি পিছফালে বহি থকা কৃষ্ণৰ পেটত সোমাই যায়। দুয়োজনেই পথত ৰক্তাক্ত অৱস্থাত বাগৰি পৰে। বন্দুকৰ গুলীৰ প্ৰচণ্ড শব্দ শুনি স্থানীয় ৰাইজে ততাতৈয়াকৈ সেই স্থানত উপস্থিত হয়। পাণ্ডৱ আৰু কৃষ্ণক স্থানীয় চিকিৎসালয়ত ভৰ্তি কৰে। তাতে চিকিৎসকে পাণ্ডৱক মৃত ঘোষণা কৰে। চিকিৎসাধীন হৈ আছে কৃষ্ণ।

ঘটনাৰ লগে লগে পাণ্ডৱৰ পৰিয়ালে আৰক্ষী বিষয়াজনৰ পিনে আঙুলি টোৱাইছে। তেওঁলোকে অভিযোগ কৰে, ‘নীৰাজ মাতাল অৱস্থাত আছিল। কোনো প্ৰৰোচনা অবিহনে গুলীচালনা কৰে।’ কেৱল সেয়াই নহয়, পাণ্ডৱৰ মাতৃ মীনা দেৱীয়ে গুলী চলোৱাৰ পূৰ্বে তেওঁলোকৰ জাতিক ধৰি কুমন্তব্য কৰা বুলি অভিযোগ কৰে।

তেওঁৰ ভাষাত ‘আমি বিহাৰৰ বাসিন্দা। এই কথা জানি তেওঁ গুলীচালনা কৰি পলাই যায়।’ পৰিয়ালটোৰ একমাত্ৰ উপাৰ্জনকাৰী সদস্য আছিল পাণ্ডৱ। মীনাই কয়, মোৰ ল’ৰাটো নিৰ্দোষী। সি বহুত কষ্ট কৰি পৰিয়ালটো চলাইছিল। মই তাৰ বাবে ন্যায় বিচাৰো।’

পাণ্ডৱৰ মৃত্যুৰ পিছত স্থানীয় ৰাইজে জাফৰপুৰ কালনা আৰক্ষী থানাৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে। অভিযুক্তক কঠোৰ শাস্তি প্ৰদানৰ দাবী উত্থাপন কৰে।

আৰক্ষীৰ সূত্ৰ অনুসৰি নীৰজ হাৰিয়ানাৰ ৰোহটকৰ আকবৰপুৰ গাঁৱৰ বাসিন্দা। যোৱা ১৫ বছৰ ধৰি তেওঁ অকলে থাকিছিল। সমগ্ৰ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে। অভিযুক্তক বিচাৰি উলিয়াবলৈ অব্যাহত আছে তালাচী অভিযান।

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নাগৰিকত্ব প্ৰমাণৰ বাবে পাছপ’ৰ্ট হ’ব বৈধ নথি, কেন্দ্ৰীয় চৰকাৰৰ মন্তব্য নাকচ কৰিলে নিৰ্বাচন আয়োগে

নাগৰিকত্ব প্ৰমাণৰ বাবে পাছপ’ৰ্ট হ’ব বৈধ নথি, কেন্দ্ৰীয় চৰকাৰৰ মন্তব্য নাকচ কৰিলে নিৰ্বাচন আয়োগে

June 25, 2026 9:27 pm
ব্যৱসায়িক এলপিজি চিলিণ্ডাৰৰ সকলো নিষেধাজ্ঞা প্ৰত্যাহাৰ: হোটেল আৰু ৰেষ্টুৰেণ্টৰ গৰাকীসকললৈ সুখবৰ

ব্যৱসায়িক এলপিজি চিলিণ্ডাৰৰ সকলো নিষেধাজ্ঞা প্ৰত্যাহাৰ: হোটেল আৰু ৰেষ্টুৰেণ্টৰ গৰাকীসকললৈ সুখবৰ

June 25, 2026 9:14 pm
শিৱৰাজ সিং চৌহানৰ পুত্ৰৰ মানহানিৰ গোচৰ: ৰাহুল গান্ধীয়ে আদালতত প্ৰকাশ কৰিলে অনুশোচনা

শিৱৰাজ সিং চৌহানৰ পুত্ৰৰ মানহানিৰ গোচৰ: ৰাহুল গান্ধীয়ে আদালতত প্ৰকাশ কৰিলে অনুশোচনা

June 25, 2026 8:41 pm
চাঞ্চল্যকৰ ঘটনা! অভিনেত্ৰীৰ ফ্লেটৰ পৰা উদ্ধাৰ যুৱ ব্যৱসায়ীৰ মৃতদেহ; তদন্ত আৰম্ভ আৰক্ষীৰ

চাঞ্চল্যকৰ ঘটনা! অভিনেত্ৰীৰ ফ্লেটৰ পৰা উদ্ধাৰ যুৱ ব্যৱসায়ীৰ মৃতদেহ; তদন্ত আৰম্ভ আৰক্ষীৰ

June 25, 2026 8:32 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নাগৰিকত্ব প্ৰমাণৰ বাবে পাছপ’ৰ্ট হ’ব বৈধ নথি, কেন্দ্ৰীয় চৰকাৰৰ মন্তব্য নাকচ কৰিলে নিৰ্বাচন আয়োগে

নাগৰিকত্ব প্ৰমাণৰ বাবে পাছপ’ৰ্ট হ’ব বৈধ নথি, কেন্দ্ৰীয় চৰকাৰৰ মন্তব্য নাকচ কৰিলে নিৰ্বাচন আয়োগে

June 25, 2026 9:27 pm
ব্যৱসায়িক এলপিজি চিলিণ্ডাৰৰ সকলো নিষেধাজ্ঞা প্ৰত্যাহাৰ: হোটেল আৰু ৰেষ্টুৰেণ্টৰ গৰাকীসকললৈ সুখবৰ

ব্যৱসায়িক এলপিজি চিলিণ্ডাৰৰ সকলো নিষেধাজ্ঞা প্ৰত্যাহাৰ: হোটেল আৰু ৰেষ্টুৰেণ্টৰ গৰাকীসকললৈ সুখবৰ

June 25, 2026 9:14 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd