‘উচটনিমূলক ভাষণ’! প্ৰসিদ্ধ লেখিকা অৰুন্ধতী ৰয়ৰ বিৰুদ্ধে ইউএপিএৰ অধীনত গোচৰ তৰাৰ অনুমতি

অৰুন্ধতী ৰয়। ফাইল ফটোঃ সংগ্ৰহীত।

‘উচটনিমূলক ভাষণ’। ৰেহাই দিয়া নহ’ল সাহিত্যিক অৰুন্ধতী ৰয়কো! দিল্লীৰ লেফটেনেণ্ট গৱৰ্ণৰ ভি কে ছাক্সেনাই ১৪ বছৰ পুৰণি অভিযোগৰ ভিত্তিত বুকাৰ বঁটা বিজয়ী লেখিকাগৰাকীৰ বিৰুদ্ধে ইউ এ পি এ আইনৰ অধীনত গোচৰ ৰুজু কৰাৰ অনুমতি দিছে।

ঘটনাটো কি আছিল? ২০১০ চনৰ ২১ অক্টোবৰত অৰুন্ধতী ৰয়ে ‘আজাদী: দ্য ্নলি ওৱে’ নামৰ এক অনুষ্ঠানত অংশগ্ৰহণ কৰে। অনুষ্ঠানত ভাষণ দিওঁতে তেওঁ কাশ্মীৰক ভাৰতৰ পৰা বিচ্ছিন্ন কৰাৰ দাবী উত্থাপন কৰা বুলি অভিযোগ উঠিছে।

সুশীল পণ্ডিত নামৰ এজন সমাজকৰ্মীয়ে সাহিত্যিকগৰাকীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে। ২০১০ চনতে দণ্ডবিধিৰ ১৫৩এ, ১৫৩বি আৰু ৫০৫ ধাৰাত গোচৰ ৰুজু হৈছিল। এই গোচৰত কেৱল অৰান্ধতী ৰয়েই নহয়, কাশ্মীৰ বিশ্ববিদ্যালয়ৰ অধ্যাপক ড০ শ্বেখ চৌকত হুছেইনো অভিযুক্ত।

লগতে পঢ়কঃ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ প্ৰশিক্ষণ শিবিৰৰ পৰা স্নাতক হ’ল অসমৰ ১৯ জন, মণিপুৰৰ ৫ জন

অভিযোগ মতে, সেই অনুষ্ঠানৰ পৰাই অৰুন্ধতী ৰয়ে প্ৰচাৰ কৰিছিল যে কাশ্মীৰ কেতিয়াও ভাৰতৰ অংগ নহয় আৰু ভাৰতীয় সেনাবাহিনীয়ে বলপূৰ্বকভাৱে দখল কৰিছিল। তেওঁ লগতে জম্মু-কাশ্মীৰ ৰাজ্যক ভাৰতৰ পৰা স্বাধীনতা প্ৰদানৰ বাবে সকলো প্ৰচেষ্টা চলাব লাগে বুলিও দাবী জনায়।

সুশীল পণ্ডিত নামৰ ব্যক্তিজনে অৰুন্ধতীৰ উচটনিমূলক ভাষণক লৈ অভিযোগ কৰে। ইয়াৰ পিছতে দিল্লী আৰক্ষীয়ে এফআইআৰ দাখিল কৰে। সেই গোচৰতে এইবাৰ উপ ৰাজ্যপালে ইউএপিএৰ দফা যোগ কৰাৰ অনুমতি দিলে।