NORTHEAST NOW (Assamese)

কৰ’না কৰ’না বুলি কৈ মণিপুৰী যুৱতীৰ গালৈ পিকোৱা দিল্লীৰ লোকজনক গ্ৰেপ্তাৰ

March 26, 2020 7:53 am · এন ই নাও নিউজ
মণিপুৰী যুৱতীগৰাকী

দিল্লী আৰক্ষীয়ে বুধবাৰে উত্তৰ-পশ্চিম দিল্লীৰ মুখাৰ্জী নগৰ অঞ্চলত মণিপুৰৰ এগৰাকী যুৱতীৰ গালৈ পিকাই কৰ’না বুলি চিঞৰা গৌৰৱ ভোৰা নামৰ এজন ৪০ বছৰীয়া লোকক গ্ৰেপ্তাৰ কৰা হৈছে।

উল্লেখযোগ্য যে উত্তৰ-পশ্চিম দিল্লীৰ মুখাৰ্জী নগৰ অঞ্চলত দেওবাৰে নিশা এগৰাকী ২৫ বৰ্ষীয় মণিপুৰী যুৱতীক কৰ’না ভাইৰাছৰ প্ৰসংগলৈ বেয়া ব্যাৱহাৰ কৰা হৈছিল।

ভূক্তভোগী যুৱতীগৰাকীয়ে অভিযোগ কৰা মতে, দুচকীয়া বাহনত অহা অচিনাক্ত লোকজনে তেওঁক কৰ’না কৰ’না বুলি চিঞৰি চিঞৰি গালৈ পিকাই দিছিল।

উত্তৰ-পশ্চিম দিল্লীৰ ডিচিপি বিজয়ানন্দ আৰ্য্যইয়ো ঘটনা সন্দৰ্ভত এখন এজাহাৰ পঞ্জীয়ন কৰি দোষীক চিনাক্ত কৰণৰ বাবে ব্যৱস্থা গ্ৰহণ কৰাৰ কথা জানিব দিছিল।

ভাৰতীয় দণ্ডাবিধি আইনৰ ৫০৯ ধাৰাৰ অধীনত মুখাৰ্জী নগৰ আৰক্ষী চকীত গোচৰ পঞ্জীয়ন কৰাৰ পাছত  সমগ্ৰ অঞ্চলটোৰ চিচিটিভি ফুটেজ সমূহ পৰীক্ষা কৰি আৰক্ষীয়ে লোকজনৰ সম্ভেদ উলিয়াইছে।

দিল্লীৰ মুখ্য মন্ত্ৰী অৰবিন্দ কেজৰিৱালেও যুৱতী গৰাকীৰ গালৈ পিকাই যোৱা দুৰ্বৃত্তৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণৰ বাবে নিৰ্দেশ দিছিল।

Related News