ব্ৰিজভূষণৰ বিৰুদ্ধে দিল্লী আৰক্ষীৰ ৫০০ পৃষ্ঠাৰ অভিযোগনামা; বাতিল POCSO আইনৰ অভিযোগ!

দিল্লী আৰক্ষীয়ে বিজেপিৰ সাংসদ তথা অল ইণ্ডিয়া ৰেছলিং ফেডাৰেচনৰ সভাপতি ব্রিজ ভূষণ শৰণ সিঙৰ বিৰুদ্ধে ৫০০ পৃষ্ঠাৰ অভিযোগনামা দাখিল কৰিছে৷ কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰী অনুৰাগ ঠাকুৰে মল্লযুঁজাৰুসকলক সাক্ষাৎ কৰি ১৫ জুনৰ ভিতৰত ব্রিজভূষণৰ বিৰুদ্ধে অভিযোগনামা দাখিল কৰা হ’ব বুলি আশ্বাস দিছিল৷ সেইদৰে, ১৫ জুনত দিল্লী আৰক্ষীয়ে নিজৰ কাম সম্পূৰ্ণ কৰিলে।

ব্ৰিজভূষণৰ বিৰুদ্ধে POCSO আইনৰ অধীনতো অভিযোগ উত্থাপন কৰা হৈছিল। কিন্তু দিল্লী আৰক্ষীয়ে বৃহস্পতিবাৰে পাটিয়ালা হাউছ ক’ৰ্টক অৱগত কৰে যে ‘কোনো সমৰ্থনযোগ্য প্ৰমাণ পোৱা হোৱা নাই। POCSO সম্পৰ্কীয় তদন্ত সম্পূৰ্ণ হোৱাৰ পিছত আমি ধাৰা ১৭৩ Cr PC ৰ অধীনত আৰক্ষীৰ প্ৰতিবেদন দাখিল কৰিলোঁ। য’ত অভিযোগৰ ভিত্তিত গোচৰটো বাতিল কৰিবলৈ অনুৰোধ কৰা হৈছে, ভুক্তভোগী আৰু তেওঁৰ পিতৃৰ বক্তব্যৰ ভিত্তিতে সেয়া কৰা হৈছে।’

লগতে পঢ়ক: সংসদৰ ভিতৰতেই যৌন নিৰ্যাতন! চাঞ্চল্যকৰ অভিযোগ অষ্ট্ৰেলিয়াৰ মহিলা চিনেটৰৰ

দিল্লী আৰক্ষীৰ বিবৃতিত লগতে কোৱা হৈছে যে মল্লযুঁজাৰুসকলে পঞ্জীয়ন কৰা এফআইআৰত তদন্ত সম্পূৰ্ণ হোৱাৰ পিছত আমি অভিযুক্ত ব্ৰিজভূষণ শৰণ সিঙৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ৩৫৪, ৩৫৪এ, ৩৫৪ ধাৰাত অপৰাধৰ অভিযোগনামা দাখিল কৰিছো। অভিযুক্ত বিনোদ তোমৰৰ বিৰুদ্ধে ১০৯/৩৫৪, ৩৫৪এ/৫০৬ ধাৰাত অভিযোগনামা দাখিল কৰা হৈছে।

ব্ৰিজভূষণৰ অভিযোগৰ তদন্তৰ বাবে দিল্লী আৰক্ষীয়ে উত্তৰ প্ৰদেশৰ কেইবাটাও স্থান ভ্ৰমণ কৰিছে। আনকি মল্লযুঁজ ফেডাৰেচনত ব্রিজভূষণৰ অধীনত কাম কৰা সকলৰ সৈতেও কথা পাতিছে আৰক্ষীয়ে৷ তদন্তকাৰীয়ে ব্ৰিজভূষণৰ পৰিয়ালৰ সদস্যৰ সৈতেও কথা পাতিছে।

লগতে পঢ়ক: বিজেপিত মোক্ষম আঘাত! ৪০০ গাড়ীৰ কনভয় লৈ ছাইৰেন বজাই কংগ্ৰেছলৈ উভতিল বৈজনাথ

বিশেষ তদন্তকাৰী দলটোৱে ১৮০ৰো অধিক লোকক সোধা-পোছা কৰাৰ লগতে গোণ্ডাস্থিত ব্ৰিজভূষণৰ বাসগৃহতো পৰিদৰ্শন কৰে। ব্ৰিজভূষণৰ পৰিয়াল, আত্মীয়, সহকৰ্মী আৰু সহযোগীসকলৰ বক্তব্যও লিপিবদ্ধ কৰা হয়। তদন্তকাৰীয়ে মল্লযুঁজ ফেডাৰেচনৰ কেইবাজনো বৰ্তমান আৰু প্ৰাক্তন কৰ্মচাৰীৰ বক্তব্যও লিপিবদ্ধ কৰে। আনহাতে, বহিঃৰাজ্যৰ কেইবাটাও মল্লযুঁজ ফেডাৰেচনৰ ভিডিঅ’ ফুটেজো প্ৰেৰণ কৰিছে আৰক্ষীয়ে।