কোকৰাঝাৰৰ সাংসদ নব কুমাৰ শৰণীয়াৰ অনুসূচীত জনজাতিৰ প্ৰমান পত্ৰ বাতিলৰ দাবী

Naba-Kumar-Sarania-1024x512

নব কুমাৰ শৰণীয়া।

বড়োলেণ্ড জনজাতি সুৰক্ষা মঞ্চ(বি জে এছ এম)ৰ সভাপতি জনকলাল বসুমতাৰীয়ে কোকৰাঝাৰ লোকসভা সমষ্টিৰ সাংসদ নব কুমাৰ শৰণীয়াৰ অনুসূচীত জনজাতিৰ প্ৰমান পত্ৰখন ‘ভুৱা’ বুলি প্ৰকাশ কৰি ইয়াক বাতিল কৰাৰ দাবী কৰিছে।

বসুমতাৰীয়ে শনিবাৰে কোকৰাঝাৰ প্ৰেছ ক্লাৱত অনুষ্ঠিত এখন সংবাদমেলত কয় যে শৰণীয়াই এখন ‘ভুৱা’ অনুসূচীত জনজাতিৰ প্ৰমান পত্ৰ দাখিল কৰি দ্বিতীয়বাৰৰ বাবে লোকসভালৈ নিৰ্বাচিত হৈছে।

সাংবাদিকসকলক সম্বোধন কৰি বসুমতাৰীয়ে কয়,’’নব কুমাৰ শৰণীয়াৰ অনুসূচীত জনজাতিৰ প্ৰমান পত্ৰখন শীঘ্ৰেই বাতিল কৰিব লাগে আৰু তেওঁ কেনেকৈ অনুসূচীত জনজাতিৰ প্ৰমান পত্ৰ লাভ কৰিলে তাৰ এক সঠিক পুনৰীক্ষণ গ্ৰহণ কৰা উচিত।‘’

বিজেএছএমৰ সভাপতি বসুমতাৰীয়ে কয় যে শৰণীয়া সম্প্ৰদায় অসমত অনুসূচীত জনজাতিৰ অন্তৰ্ভুক্ত নহয়।

তেওঁ কয়, ‘’নব কুমাৰ শৰণীয়াই অনুসূচীত জনজাতিসকলক ভুলপথে পৰিচালিত কৰি লোকসভালৈ নিৰ্বাচিত হৈছে আৰু তেওঁ অনুসূচীত জনজাতিসকলক প্ৰতাৰণা কৰিছে।‘’

বসুমতাৰীয়ে কয় যে তেওঁকে ধৰি বড়োলেণ্ড জনজাতি সুৰক্ষা মঞ্চৰ কেইগৰাকীমান সদস্যই গুৱাহাটী উচ্চ ন্যায়ালয় তথা উচ্চতম ন্যায়ালয়ত নব কুমাৰ শৰণীয়াৰ অনুসূচীত জনজাতিৰ প্ৰমান পত্ৰৰ বিৰুদ্ধে প্ৰত্যাহ্বান জনাই এক অভিযোগ দাখিল কৰিছে।