‘নাগালিম’ নহয়, দুফালহে হ’ব নাগালেণ্ড?

বহুকেইটা নাগা জনজাতিৰ সংগঠন এনপ’ই শুকুৰবাৰে পুনৰ উত্থাপন কৰিছে ‘সীমান্ত নাগালেণ্ড’ৰ দাবী। জনজাতীয় সংস্থা, গাওঁ সভা, গাওঁ বুঢ়া সংস্থা, জ্যেষ্ঠ নাগৰিককে ধৰি বহু হাজাৰ লোকৰ উপস্থিতিত টুৱেনচাঙত বিশাল সভা।

nagaland-gate

গ্ৰে’টাৰ নাগালিমৰ স্বপ্ন পূৰণৰ দিশে আগবঢ়াৰ সময়তে নাগালিম নহয়, দুফাল কৰাৰ দাবী উঠিছে বৰ্তমানৰ নাগালেণ্ডকে। খোদ নাগা জাতিৰে সংগঠন এনপ’ (Eastern Nagaland People’s Organisation)ই শুকুৰবাৰে পুনৰ দাবী উত্থাপন কৰিছে ‘সীমান্ত নাগালেণ্ড’ৰ।

টুৱেনচাঙত এনপ’ৰ অন্তৰ্গত ৬টা জনজাতীয় সংস্থা, গাওঁ সভা, গাওঁ বুঢ়া সংস্থা আৰু জ্যেষ্ঠ নাগৰিককে ধৰি বহু হাজাৰ লোকৰ সমাগম হোৱা শুকুৰবাৰে অনুষ্ঠিত সভাত পূৰ্বৰে পৰা কৰি অহা সুকীয়া নাগালেণ্ডৰ দাবী পুনৰ দোহাৰে সংগঠনটোৱে।

শুকুৰবাৰে টুৱেনচাঙৰ বিশাল সভা

এন এছ চি এন (আই এম)ৰ সৈতে নাগালিমৰ আলোচনা ঘোষণাৰ স্তৰত থকা বুলি কেন্দ্ৰীয় চৰকাৰ আৰু আলোচনাকাৰী সংগঠন দুয়ো পক্ষই দাবী কৰি অহাৰ পৰত ৰাজ্যখনৰ ৪খন জিলাত বিশেষ প্ৰভাৱ থকা সংগঠনটোৰ এই দাবী তাৎপৰ্য্যপূৰ্ণৰূপে পৰিগণিত হৈছে।

কেন্দ্ৰীয় চৰকাৰৰ লগতে নাগালেণ্ড চৰকাৰৰো সকলো আৰ্থিক পেকেজ ‘দৃঢ়তাৰে অগ্ৰাহ্য’ কৰাৰ ধাৰা অব্যাহত ৰখাৰ বাবেও সভাত সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। সীমান্ত নাগালেণ্ডৰ বাহিৰে আন একো পেকেজ গ্ৰহণ নকৰাকে ধৰি ৩টা সিদ্ধান্ত সভাত ‘ঐকমত্যভাৱে’ গ্ৰহণ কৰিছে সংগঠনটোৱে।

নাগালেণ্ডৰ মন, টুৱেনচাং, কিফিৰে আৰু লংলেং জিলাত বিশেষ প্ৰভাৱ আছে সংগঠনটোৰ। এই জিলাসমূহে ৬০ জনীয়া নাগালেণ্ড বিধান সভাৰ ২০ খন আসন জুৰি আছে।

এই বৃ্হত্তৰ অঞ্চলটো কন্যাক, ফমচ, চাংচ, খিয়ামনিয়াংগানচ, য়িমচুংৰুচ আৰু চাংতাম জনজাতিৰ বসতিথলী।