• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

পৃথক ‘মৰাণলেণ্ড’ৰ দাবী!! অসমত আৰম্ভ হৈছে নেকি নতুন এখন সশস্ত্ৰ সংগ্ৰামৰ?

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
October 9, 2018 5:50 pm
Moranland Camp

মৰাণলেণ্ডৰ দাবীৰ সৈতে ফেইচবুকত আপল'ড কৰা এখন ফটো। উৎস : ফেইচবুক।

4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আলফা, এন ডি এফ বি, এন এছ চি এনকে ধৰি বহুকেইটা সশস্ত্ৰ উগ্ৰপন্থী সংগঠনে হত্যা-হিংসা, ধনদাবীকে ধৰি বিভিন্ন কাৰ্যকলাপেৰে অসমক জৰ্জৰিত কৰি থকাৰ সময়তে পুনৰ উকমুকনি ঘটিছে নেকি আন এখন সশস্ত্ৰ সংগ্ৰামৰ? শেহতীয়াভাৱে ছ’চিয়েল মিডিয়াত প্ৰকাশ পোৱা একাংশ পোষ্টে এই সংশয়ৰ উদ্ৰেক ঘটাইছে।

শেহতীয়াভাৱে ছ’চিয়েল মিডিয়া ফেইচবুকত দেখা গৈছে পৃথক মৰাণলেণ্ডৰ দাবীত সশস্ত্ৰ সংগ্ৰামৰ পোষকতাৰে হাতত অস্ত্ৰ-শস্ত্ৰ লৈ দিয়া বহু সংখ্যক পোষ্ট। কোনো সংগঠনৰ নামৰ বিপৰীতে ব্যক্তিগতভাৱে কেইবাজন যুৱকে এইদৰে হাতত আগ্নেয়াস্ত্ৰ লৈ মুকলি আহ্বান জনাইছে পৃথক মৰাণলেণ্ডৰ বাবে সশস্ত্ৰ আন্দোলনৰ।

Apply Now
Moranland Raghab Moran
ৰাঘৱ মৰাণৰ নামত থকা ফেইচবুক একাউণ্টৰ টাইমলাইনৰ এখন ফটো। উৎস : ফেইচবুক।

ঘাইকৈ তিনিচুকীয়া আৰু ডিব্ৰুগড় জিলাৰ বৃহত্তৰ অঞ্চল সামৰি দাবী উত্থাপন হৈছে এই মৰাণলেণ্ডৰ। তেওঁলোকে নিজৰ সশস্ত্ৰ সংগ্ৰামৰ দাবীৰ সৈতে প্ৰস্তুত কৰি প্ৰকাশ কৰিছে মৰাণলেণ্ডৰ মানচিত্ৰও।

অৱশ্যে অসম আৰক্ষী বা উত্তৰ-পূবৰ ওপৰত সততে শেনচকু ৰখা দেশৰ চোৰাংচোৱাৰ দৃষ্টিত এই সক্ৰিয়তা ধৰা পৰিছে নে ফেইচবুকৰ সাধাৰণ পোষ্ট বুলি গণ্য কৰা হৈছে সেয়া জানিব পৰা হোৱা নাই।

ফেইচবুকত এনে পোষ্ট আপল’ড কৰা যুৱকেইজন হৈছে ৰাঘৱ মৰাণ (নগা), মৰাণ অপূৰ্ব, বডৌচা মৰাণ (টাইগাৰ)। তেওঁলোকৰ ভিতৰত ৰাঘৱ মৰাণে নিজৰ প্ৰফাইলত বাৰ্মাৰ পেগু চহৰৰ য়ান্নাগাত বাস কৰা বুলি প্ৰকাশ কৰাৰ বিপৰীতে আন দুজনে তেওঁলোক ক’ত থাকে প্ৰকাশ কৰা নাই।

তেওঁলোকে নিজৰ প্ৰফাইত লিখি ৰাখিছে “Do or die for separate Moranland”, “We want Moranland”, “Moranland is our blood” জাতীয় বিভিন্ন শ্ল’গান। ইয়াৰ উপৰি দেখা গৈছে পৃথক মৰাণলেণ্ডৰ দাবীত তেওঁলোকে দিয়া বিভিন্ন যুক্তিও।

Moranland Map
মৰাণলেণ্ডৰ মানচিত্ৰ। উৎস : ফেইচবুক।

আনহাতে তেওঁলোকে নিজৰ প্ৰফাইল লগাই ৰাখিছে হাতত মাৰণাস্ত্ৰ লৈ থকা বহুকেইখন শিহৰণকাৰী ফটো। তাৰ মাজতেই কেইবাখনো ফটোত দেখা গৈছে অস্ত্ৰধাৰী যুৱকৰ একোটা বৃহৎ দল। দুই-এখন ফটোত আছে জংঘলৰ মাজত অস্থায়ী শিবিৰ, খাদ্য প্ৰস্তুত কৰি থকা দৃশ্য ইত্যাদি। এই ফটোসমূহৰ ভিতৰত আছে ম্যানমাৰৰ কাচিনত আপল’ড কৰা ফটোও।

অৱশ্যে দুই-এখন ফটো পূৰ্বতে আলফা (স্বাঃ)এ প্ৰকাশ কৰা তেওঁলোকৰ শিবিৰৰ ফটোৰ লগত মিল থকা দেখা গৈছে।

তেওঁলোকে আপল’ড কৰা প’ষ্টত ভাৰতৰ সংবিধানৰ গণ্ডীৰ ভিতৰত মৰাণসকলৰ বাবে এখন সুকীয়া ৰাজ্য প্ৰতিষ্ঠাৰ দাবী কৰা দেখা গৈছে। ইয়াৰ উপৰি এই প’ষ্টবোৰৰ কোনোটোত লক্ষ্মীনাথ বেজবৰুৱা, লীলা গগৈ, সত্যেন্দ্ৰনাথ শৰ্মা, জ্ঞানানন্দ শৰ্মা পাঠক, অতুল চন্দ্ৰ হাজৰিকা, নগেন শইকীয়া, শৈলনে ভৰালী, হীৰেন গোহাঁইকে ধৰি কেইগৰাকীও বিশিষ্ট অসমীয়াক কঠোৰ ভাষাৰে সমালোচনা কৰা পৰিলক্ষিত হৈছে। আনকি তেওঁলোকক “মৰাণৰ গণশত্ৰু” বুলিও উল্লেখ কৰিছে।

আনহাতে এই সশস্ত্ৰ সংগ্ৰামৰ বিষয়ে কোনো তথ্য নাই অসম আৰক্ষীৰ হাতত। এই সন্দৰ্ভত তিনিচুকীয়াৰ আৰক্ষী অধীক্ষক মুগ্ধজ্যোতি মহন্তই কয়, “পূৰ্বতে মৰাণসকলৰ মাজত এটা সশস্ত্ৰ পন্থাৰ উত্থান ঘটিছিল যদিও সেয়া এতিয়া নাই। সেইসকল এতিয়া আলফাত চামিল হৈ গ’ল। এতিয়া তেনেকুৱা কেনো নতুন সংগঠনৰ আৰম্ভণি হোৱাৰ খবৰ আমি এতিয়ালৈ পোৱা নাই। তথাপিতো এই বিষয়টো আমি নিৰীক্ষণ কৰিম।”

Moranland Moran Apurba
অপূৰ্ব মৰাণৰ নামত থকা ফেইচবুক একাউণ্টৰ টাইমলাইনৰ এখন ফটো। উৎস : ফেইচবুক।

তেওঁ লগতে অসমৰ প্ৰাচীন জনগোষ্ঠীসমূহৰ এটা মৰাণ জনগোষ্ঠীৰ লোকসকল শান্তিপ্ৰিয় আৰু তেওঁলোকৰ মাজত তেনে অপশক্তিয়ে শিপাব পাৰিব বুলি ভৱা নাই বুলিও মন্তব্য কৰে।

ইপিনে, এই সন্দৰ্ভত ডিব্ৰুগড় জিলাৰ আৰক্ষী অধীক্ষক গৌতম বৰাই কয়, “ডিব্ৰুগড় জিলাৰ ভিতৰত মৰাণ অধ্যুষিত অঞ্চল নাই আৰু তেনে কোনো শক্তিৰ উত্থান ঘটাৰ খবৰ আৰক্ষীয়ে লাভ কৰা নাই।”

কিন্তু আৰক্ষীৰ চকুত নপৰিলেও ছ’চিয়েল মিডিয়াত যিধৰণে পৃথক মৰাণলেণ্ডৰ দাবীত সশস্ত্ৰ সংগ্ৰামৰ এই ধৰণৰ মুকলি আহ্বানে নৱ প্ৰজন্মৰ বহুতকে প্ৰৰোচিত কৰাটো একো আচৰিত নহয়, যিটোৱে অসমলৈ পুনৰ আন এটা ভয়াৱহ সময় মাতি আনিব পাৰে।

অসমৰ ভূমিপুত্ৰসকলৰ অন্যতম মৰাণসকলে আন আন জাতি-জনগোষ্ঠীৰ সৈতে শান্তিপূৰ্ণভাৱে যুগ যুগ ধৰি বসবাস কৰি অহাৰ পাছত তেওঁলোকৰ মাজৰ পৰা এনে ধৰণৰ বিচ্ছিন্নতাবাদী শক্তিয়ে গা কৰি উঠিলে সেয়া অসমৰ বাবেই দুৰ্ভাগ্যজনক কথা হ’ব।

অনিৰ্বাণ পাঠক

অনিৰ্বাণ পাঠক

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

গ্ৰেট নিকোবৰ প্ৰকল্পক লৈ বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কংগ্ৰেছ নেতা জয়ৰাম ৰমেশৰ, ‘মোদানী’ সাম্ৰাজ্যৰ অংশ আখ্যা

গ্ৰেট নিকোবৰ প্ৰকল্পক লৈ বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কংগ্ৰেছ নেতা জয়ৰাম ৰমেশৰ, ‘মোদানী’ সাম্ৰাজ্যৰ অংশ আখ্যা

June 5, 2026 4:07 pm
স্বামীয়ে ১৩ দিন ধৰি কথা নপতাটো নিষ্ঠুৰতা নহয়, পত্নীৰ চৰম পন্থাৰ গোচৰত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়

স্বামীয়ে ১৩ দিন ধৰি কথা নপতাটো নিষ্ঠুৰতা নহয়, পত্নীৰ চৰম পন্থাৰ গোচৰত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়

June 5, 2026 3:52 pm
যুদ্ধ বন্ধ কৰিবলৈ পুটিনলৈ জেলেনস্কিৰ মুকলি চিঠি; কি লিখিলে এই পত্ৰত?

যুদ্ধ বন্ধ কৰিবলৈ পুটিনলৈ জেলেনস্কিৰ মুকলি চিঠি; কি লিখিলে এই পত্ৰত?

June 5, 2026 3:21 pm
পুনৰ উত্তপ্ত মণিপুৰ, ৩ জন সাধাৰণ নাগৰিকৰ মৃত্যু; কেইবাটাও ঘৰত অগ্নিসংযোগ, কি পৰিস্থিতি?

পুনৰ উত্তপ্ত মণিপুৰ, ৩ জন সাধাৰণ নাগৰিকৰ মৃত্যু; কেইবাটাও ঘৰত অগ্নিসংযোগ, কি পৰিস্থিতি?

June 5, 2026 2:26 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গ্ৰেট নিকোবৰ প্ৰকল্পক লৈ বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কংগ্ৰেছ নেতা জয়ৰাম ৰমেশৰ, ‘মোদানী’ সাম্ৰাজ্যৰ অংশ আখ্যা

গ্ৰেট নিকোবৰ প্ৰকল্পক লৈ বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কংগ্ৰেছ নেতা জয়ৰাম ৰমেশৰ, ‘মোদানী’ সাম্ৰাজ্যৰ অংশ আখ্যা

June 5, 2026 4:07 pm
স্বামীয়ে ১৩ দিন ধৰি কথা নপতাটো নিষ্ঠুৰতা নহয়, পত্নীৰ চৰম পন্থাৰ গোচৰত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়

স্বামীয়ে ১৩ দিন ধৰি কথা নপতাটো নিষ্ঠুৰতা নহয়, পত্নীৰ চৰম পন্থাৰ গোচৰত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়

June 5, 2026 3:52 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd