• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, January 24, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

সোণাউল্লাহৰ বাবে ন্যায় বিচাৰি তেওঁৰ পৰিয়ালৰ কাষত থিয় হ’ল কেইবাটাও সংগঠন

Anirban Pathak অনিৰ্বান পাঠক
গুৱাহাটী , June 5, 2019 8:22 pm

2 min read

সোণাউল্লাহৰ বাবে ন্যায় বিচাৰি তেওঁৰ পৰিয়ালৰ কাষত থিয় হ’ল কেইবাটাও সংগঠন
1.4k
VIEWS
Share on FacebookShare on Twitter

বিদেশী ঘোষিত অৱসৰপ্ৰাপ্ত সেনা বিষয়া মঃ সোণাউল্লাহক ডিটেনশ্যন কেম্পলৈ প্ৰেৰণ কৰা ঘটনাই সমগ্ৰ ৰাজ্যতে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰাৰ সময়তে বিদেশীৰ গোচৰৰ ত্ৰুটিপূৰ্ণ বিচাৰ প্ৰক্ৰিয়াৰ শীঘ্ৰেই অৱসান ঘটোৱাৰ দাবী জনাইছে ফ’ৰাম ফ’ৰ ছচিয়েল হাৰমনি, সন্মিলিত জনগোষ্ঠীয় সংগ্ৰাম সমিতি, স্বৰাজ অসম আৰু আইচা নামৰ সংগঠনকেইটাৰ প্ৰতিনিধিয়ে।

বুধবাৰে গুৱাহাটী প্ৰেছ ক্লাবত এখন সংবাদমেল অনুষ্ঠিত কৰি সংগঠনকেইটাই লগতে অৱসৰপ্ৰাপ্ত সেনা বিষয়াগৰাকীক মুক্তি দিয়াৰ দাবী জনায়। ইয়াৰ পূৰ্বে মঙলবাৰে সংগঠনকেইটাৰ এটা প্ৰতিনিধি দলে কামৰূপ গ্ৰাম্য জিলাৰ বকোৰ কলহিকাষত থকা সোণাউল্লাহৰ ঘৰলৈ গৈ পৰিয়ালবৰ্গ আৰু গাঁওবাসীৰ সৈতে মত বিনিময় কৰে।

‘সোণাউল্লাহক ষড়যন্ত্ৰমূলকভাৱে বিদেশী সজোৱা হৈছে। কিন্তু তেওঁ এতিয়া অকলশৰীয়া নহয়, সমগ্ৰ অসমবাসী তেওঁৰ লগত আছে’, সংগঠনকেইটাৰ হৈ হৰকুমাৰ গোস্বামীয়ে কয়।

সোণাউল্লাহক ডিটেনশ্যন কেম্পলৈ পঠোৱা ঘটনাই ৰাজ্যত ত্ৰুটিপূৰ্ণভাৱে বিদেশী ন্যায়াধীকৰণ ব্যৱস্থা চলি থকা কথাটো স্পষ্ট কৰিছে বুলিও তেওঁ মন্তব্য কৰে। লগতে এন আৰ চিৰ আপত্তিৰ নামত প্ৰকৃত ভাৰতীয় লোকক হাৰাশাস্তি কৰাৰ বিষয়টোও উত্থাপন কৰে।

সংগঠনকেইটাই বিদেশী ন্যায়াধীকৰণ আৰু এন আৰ চি প্ৰক্ৰিয়াত একাংশ অযোগ্য মানুহে কাম কৰি থকা বুলি সন্দেহ প্ৰকাশ কৰে।

ইপিনে, সোণাউল্লাহৰ গাঁৱৰ ৬০০ টা পৰিয়ালৰ প্ৰায় ৫০ জন লোকৰ নামত এন আৰ চি আপত্তিৰ জাননি অহা বুলিও সংগঠনকেইটাই জানিবলৈ দিয়ে। তেওঁলোকে গাঁওখনৰ প্ৰতিটো পৰিয়ালেই বহু পূৰ্বৰে পৰা তাত বসবাস কৰি থকা বুলি উল্লেখ কৰি পৰিয়ালসমূহৰ বিৰুদ্ধে আপত্তি দৰ্শোৱা কাৰ্য্যক সমালোচনা কৰে। ইয়াৰ উপৰি এই জাননিক লৈ গাঁৱৰ লোকসকল যথেষ্ট চিন্তিত হৈ আছে বুলিও সংবাদমেলত সংগঠনকেইটাৰ প্ৰতিনিধিসকলে কয়।

উল্লেখযোগ্য যে, মঃ সোণাউল্লাহে ১৯৮৭ চনত ভাৰতীয় সেনাৰ চাকৰিত যোগ দিছিল আৰু ২০১৭ চনত কেপ্তেইন হিচাপে অৱসৰ লৈছিল। ১৯৯৯ চনত তেওঁ কাৰ্গিল যুদ্ধতো দেশৰ হৈ অৱদান আগবঢ়াইছিল। সেনাৰ পৰা অৱসৰৰ পাছত তেওঁ অসম আৰক্ষীৰ সীমান্ত শাখাৰ চাকৰিত যোগ দিছিল।

Recent News

a amit

বড়ো জনগোষ্ঠীৰ ভাষা-সংস্কৃতি, পৰিচয় ৰক্ষা কৰিব বিজেপিয়ে: অমিত শ্বাহ

a mam

তামুলপুৰৰ বিভিন্ন ঠাইত আছুৰ প্ৰতিবাদ, ক’লা পতাকা প্ৰদৰ্শন

a mam

মাৰ্ঘেৰিটা মহকুমাৰ কুমচাইকঙত প্ৰথম বাৰ্ষিক আদিম জনগোষ্ঠী সমাৰোহ

AASU protest in Sualkushi

ৰাজ্যজুৰি তীব্ৰতৰ প্ৰতিবাদ; মন্ত্ৰী হিমন্তৰ গৃহ সমষ্টিৰ শুৱালকুছিতো কা’ৰ বিৰুদ্ধে আছুৰ প্ৰতিবাদ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd