• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, May 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

প্ৰমাণৰ অভাৱ! অভিযুক্ত ৰাম ৰহিমৰ লগতে ৪ জনক দোষমুক্ত কৰিলে আদালতে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 28, 2024 2:26 pm
1.4k
VIEWS
Share on FacebookShare on Twitter

আদালতৰ পৰা ৰোহাই পালে ডেৰা চাচা সৌদাৰ মুৰব্বী গুৰমীত ৰাম ৰহিম সিঙ। পঞ্জাৱ আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়ে মেনেজাৰ ৰঞ্জিত সিং হত্যাৰ গোচৰত ৰাম ৰহিম আৰু আন ৪ অভিযুক্তক দোষমুক্ত কৰিছে। গুৰমীত ৰাম ৰহিমক দোষী সাব্যস্ত কৰাৰ পিছত এই অভিযোগৰ বিৰুদ্ধে উচ্চ ন্যায়ালয়ে গোচৰ ৰুজু কৰে। সেই আবেদনৰ অনুমতি দিয়াৰ সময়তে এই আদেশ দিয়ে উচ্চ ন্যায়ালয়ে।

এই গোচৰৰ আন অভিযুক্তসকল হৈছে অৱতাৰ সিং, কৃষণ লাল, জছবীৰ সিং আৰু সবদিল সিং। বিচাৰৰ সময়ত এজন অভিযুক্তৰ মৃত্যু হয়। ২০১৯ চনত পঞ্চকুলাৰ চিবিআই আদালতে এটা ধৰ্ষণৰ গোচৰ আৰু এজন সাংবাদিক তথা ডেৰাৰ প্ৰাক্তন মেনেজাৰ ৰঞ্জিত সিঙৰ হত্যাকাণ্ডৰ সৈতে জড়িত দুটা হত্যাকাণ্ডৰ গোচৰত  গুৰমীত ৰাম ৰহিমক দোষী সাব্যস্ত কৰিছিল। ২০২১ চনৰ ১৮ অক্টোবৰত আদালতে এই গোচৰত ৰাম ৰহিমৰ লগতে আন চাৰিজনক যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰে।

লগতে পঢ়কঃ ৰেমালৰ সংহাৰী ৰূপ : মিজোৰামত শিলৰ কুৱেৰী ভাঙি ১০ জনৰ মৃত্যু, কেইবাজনো নিৰুদ্দেশ

পঞ্জাৱ আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়ত এই ৰায়ক প্ৰত্যাহ্বান জনায় ডেৰাৰ মুৰব্বীগৰাকীয়ে। অৱশ্যে ধৰ্ষণ গোচৰ আৰু সাংবাদিক হত্যাৰ গোচৰত তেওঁৰ আবেদন এতিয়াও বিচাৰাধীন হৈ আছে। সম্প্ৰতি ৰাম ৰহিম ৰোহটকৰ সুনাৰিয়া কাৰাগাৰত আবদ্ধ হৈ আছে। বৰ্তমান দুগৰাকী ছাত্ৰীক ধৰ্ষণ কৰাৰ অপৰাধত ২০ বছৰৰ কাৰাদণ্ড ভুগি আছে।

ডেৰা চাচা সৌদাৰ প্ৰাক্তন মেনেজাৰ ৰঞ্জিত সিঙক ২০০২ চনত হত্যা কৰা হৈছিল। চিবিআইৰ অভিযোগনামা অনুসৰি ডেৰাৰ মুৰব্বীগৰাকীৰ যৌন নিৰ্যাতনৰ সকলো ঘটনা সন্দৰ্ভত ৰাজহুৱাভাৱে ওলোৱা চিঠিখনৰ আঁৰত ৰঞ্জিত সিং থকাৰ সন্দেহ কৰিছিল ৰাম ৰহিমে।

লগতে পঢ়কঃ ধুমুহাৰ তাণ্ডৱ! অটোৰে কলেজলৈ গৈ থকা অৱস্থাত মৰিগাঁৱত গছ পৰি ছাত্ৰৰ মৰ্মান্তিক মৃত্যু

চি বি আই আদালতে কয় যে চিঠিখন পোহৰলৈ অহাৰ পিছত ৰাম ৰহিমে স্বাভাৱিকতে বিচলিত হৈ তাৰ পিছত বাকী অভিযুক্তৰ সৈতে ৰঞ্জিতক হত্যা কৰাৰ পৰিকল্পনা কৰিছিল। শেহতীয়াকৈ পঞ্জাৱ আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়ে ৰাম ৰহিমক আত্মসমৰ্পণৰ নিৰ্দেশ দিয়ে আৰু  হাৰিয়ানা চৰকাৰক আদালতৰ অনুমতি অবিহনে তেওঁক পুনৰ পেৰ’ল দিয়াৰ কথা বিবেচনা নকৰিবলৈ কয়। 

Recent News

এটাও ভোট নাপালে বঙাইগাঁৱত পঞ্চায়তৰ এইজন প্ৰাৰ্থীয়ে

এটাও ভোট নাপালে বঙাইগাঁৱত পঞ্চায়তৰ এইজন প্ৰাৰ্থীয়ে

ভাৰত-পাকিস্তানৰ ডিজিএমঅ’ৰ বৈঠক! কি স্থিতি সিন্ধু জল সন্ধিৰ?

ভাৰত-পাকিস্তানৰ ডিজিএমঅ’ৰ বৈঠক! কি স্থিতি সিন্ধু জল সন্ধিৰ?

স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছে পৰিস্থিতি! প্ৰায়বোৰ বিদ্যালয়-মহাবিদ্যালয় খোলা হৈছে জম্মু-কাশ্মীৰত

স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছে পৰিস্থিতি! প্ৰায়বোৰ বিদ্যালয়-মহাবিদ্যালয় খোলা হৈছে জম্মু-কাশ্মীৰত

সেনাৰ অভিযানৰ নামত কন্যাৰ নামকৰণ: উত্তৰ প্ৰদেশত ১৭ নৱজাতকৰ নাম ‘সিন্দূৰ’

সেনাৰ অভিযানৰ নামত কন্যাৰ নামকৰণ: উত্তৰ প্ৰদেশত ১৭ নৱজাতকৰ নাম ‘সিন্দূৰ’

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd