হঠাৎ হৃদৰোগত আক্ৰান্ত! কমেও ৩০ জন যাত্ৰীৰ প্ৰাণ ৰক্ষা কৰি মৃত্যুৰ কোলাত ঢলি পৰিল বাছ চালক

ফটোঃ সংগ্ৰহীত।

বাছ চালকৰ দৌৰাত্ম্য কথা হয়তো বহুত শুনিছে। কিন্তু ৩০-৪০ জন যাত্ৰীৰ জীৱন যাৰ হাতত, তেওঁৰ দায়িত্বও কম নহয়। সেই কৰ্তব্য পালনৰ ছবি ধৰা পৰিল বিহাৰৰ মুজাফ্ফৰপুৰত। চলন্ত বাছত হাৰ্ট এটেকত আক্ৰান্ত হোৱাৰ পিছতো বাছ চালকজনে নিজৰ কৰ্তব্য পাহৰি নগ’ল, যাৰ ফলত এটা নিৰ্দিষ্ট দুৰ্ঘটনাৰ পৰা ৩০ জন যাত্ৰীৰ প্ৰাণ ৰক্ষা পৰে। এই ঘটনাই সকলোৰে অন্তৰ জয় কৰিছে।

বিহাৰৰ কিছানগঞ্জৰ পৰা মুজাফ্ফৰপুৰ আৰু হাজীপুৰ হৈ পাটনালৈ গৈ আছিল এখন বাছ। ৩০ জন যাত্ৰীসহ ঘাইপথৰ কাষেৰে তীব্ৰ বেগেৰে গৈ আছিল বাছখন। বাটত মুজাফ্ফৰপুৰ বলিয়া অঞ্চলৰ এখন উৰণীয়া সেতুত উঠি যাওঁতে চালকজনে হঠাতে বুকুত তীব্ৰ বিষ অনুভৱ কৰে। স্বাভাৱিকতে বাছখনে নিয়ন্ত্ৰণ হেৰুৱাই পেলালে। আতংকিত হৈ পৰিল যাত্ৰীসকল।

লগতে পঢ়কঃ দুৰ্দান্ত বলিং, সাৱলীল বেটিঙেৰে প্ৰথমখন টি-২০ মেচত বাংলাদেশক ৭ উইকেটত হৰুৱালে ভাৰতে

সেই অৱস্থাত ড্ৰাইভাৰে কেনেবাকৈ বাছখন ৰাস্তাৰ কাষলৈ আনি ব্ৰেক মাৰি ৰখালে। ইয়াৰ পিছতে তেওঁৰ চেতনা হেৰাই গ’ল। পৰিস্থিতি ইমানেই ভয়াৱহ আছিল যে ডিভাইডাৰত খুন্দা মাৰিলে এটা ডাঙৰ দুৰ্ঘটনা হ’ব পাৰিলেহেঁতেন। কিন্তু শেষ মুহূৰ্ততো চালকৰ এই কাৰ্যৰ দ্বাৰা দুৰ্ঘটনাটোৰ পৰা হাত সাৰিব পৰা গ’ল।

পথৰ কাষত বাছখন ৰখাই দিয়াৰ লগে লগে চালকজন মৃত্যুৰ কোলাত ঢলি পৰে। বাছখন ৰৈ যোৱাৰ পিছত বাছখনৰ পৰা নামি চালকজনক উদ্ধাৰ কৰা হয়। স্থানীয় ৰাইজৰ সমাগম ঘটে। তেওঁলোকৰ উদ্যোগত চালকজনক ততাতৈয়াকৈ চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে।

জানিব পৰা মতে, মৃত বাছ চালকজনৰ নাম পাটনাৰ মিঠাপুৰৰ বাসিন্দা মুন্না নেপালী। আৰক্ষীৰ তথ্য অনুসৰি বাছখনৰ আটাইকেইজন যাত্ৰী সুস্থ হৈ আছে। বাছখনৰো কোনো ক্ষতি হোৱা নাই। যাত্ৰীসকলক তেওঁলোকৰ গন্তব্যস্থানলৈ পঠিয়াবলৈ ক্ষন্তেকতে আন এখন বাছৰ ব্যৱস্থা কৰা হয় । ইয়াৰ উপৰিও চালকজনৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে।

লগতে পঢ়কঃ গুৱাহাটীত চাঞ্চল্যকৰ ঘটনা! দুৰ্ঘটনাৰ ৰূপ দি পত্নীৰ প্ৰেমিকক হত্যা কৰিলে চালক স্বামীয়ে

অৱশ্যে মৃত্যুৰ পূৰ্বে ৩০ জন যাত্ৰীৰ জীৱন ৰক্ষা কৰা বাছ চালকজনৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰিছে সাধাৰণ ৰাইজ। শেষ মুহূৰ্ততো নিজৰ কৰ্তব্যত অটল থকাৰ বাবে যাত্ৰীসকলেও মৃত চালকজনৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰিছে।