গুৱাহাটীত মন্ত্ৰীৰ কনভয়ৰ খুন্দাত যুৱকৰ মৃত্যুৰ ঘটনাৰ তদন্ত আৰম্ভ হৈছে: ডিজিপি জিপি সিং

অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জি পি সিঙে বৃহস্পতিবাৰে কয় যে এজন মন্ত্ৰীৰ কনভয়ৰ বাহনৰ সৈতে সংঘটিত দুৰ্ঘটনাৰ তদন্ত আৰম্ভ কৰা হৈছে।

ডিজিপিয়ে ছ’চিয়েল মিডিয়াত পোষ্ট কৰি দিছপুৰ আৰক্ষী থানাত এটা গোচৰ (নং ১৯৮/২৪) ৰুজু কৰা হৈছে বুলি জানিবলৈ দিয়ে।

বাহনখনৰ চালক (এখন মহিন্দ্ৰা বলেৰো)ৰ বিৰুদ্ধে আইনী ব্যৱস্থাৰ বাবে গোচৰৰ তদন্ত চলি থকা বুলিও তেওঁ কয়।

তেওঁ লগতে কয় যে দুৰ্ঘটনাটোৰ সৈতে জড়িত বাহনখন অধিক তদন্তৰ বাবে জব্দ কৰা হৈছে আৰু যান বাহন আইনৰ অধীনত প্ৰক্ৰিয়াটো ক্ষিপ্ৰতৰ কৰা হৈছে।

লগতে পঢ়কঃ বিয়াৰ পিছত আশীৰ্বাদ বিচাৰি কামাখ্যা মন্দিৰত বলীউদ তাৰকা ৰাকুল প্ৰীত আৰু জেকী ভগনানী

অৱশ্যে তদন্তৰ কথা ঘোষণা কৰাৰ সময়ত মন্ত্ৰীগৰাকীৰ কনভয় সন্দৰ্ভত একো মন্তব্য় কৰা নাই শীৰ্ষ আৰক্ষী বিষয়াগৰাকীয়ে।

উল্লেখ্য যে যোৱা দেওবাৰে জলসম্পদ মন্ত্ৰী পিযুষ হাজৰিকাৰ কনভয়ৰ খুন্দাত এজন ৩০ বছৰীয়া যুৱক নিহত হোৱাৰ লগতে আন এজন আহত হয়।

মঙলবাৰে পোহৰলৈ অহা গুৱাহাটীৰ খানাপাৰা অঞ্চলত দেওবাৰে নিশা এই ঘটনা সংঘটিত হোৱা বুলি জানিব পৰা গৈছে।

ক্ৰছকাৰেণ্টৰ বাতৰি অনুসৰি, গুৱাহাটীৰ এপ’ল’ হাস্পতালত চিকিৎসাৰ সময়ত আঘাতপ্ৰাপ্ত হৈ মৃত্যু হয় ৰূপম বৰা নামৰ যুৱকজনৰ।

দেওবাৰে নিশা প্ৰায় ১২.৩০ বজাত সংঘটিত হোৱা দুৰ্ঘটনাটোত বাইক চলাই থকা ভুক্তভোগী বৰা গুৰুতৰভাৱে আহত হৈছিল।

লগতে পঢ়কঃএজন ব্যক্তিয়ে ২১৭ বাৰ গ্ৰহণ কৰিছিল কৰ’নাৰ ভেকচিন! তাৰ পিছত কি হ’ল?

খবৰ অনুসৰি বৰাৰ মটৰ চাইকেলখন মন্ত্ৰী পিজুশ হাজৰিকাৰ কনভয়ৰ সৈতে জড়িত বুলি অভিযোগ উত্থাপন কৰা বলেৰ’ বাহনে খুন্দা মাৰে।