NORTHEAST NOW (Assamese)

ধেমাজি বিস্ফোৰণ : ১৫ বছৰৰ অন্তত আদালতে আজি প্ৰদান কৰিব চূড়ান্ত ৰায়

June 20, 2019 8:27 am · এন ই নাও নিউজ
Updated: June 20, 2019 8:30 am
প্ৰতিনিধিত্বমূলক ছবি

সমগ্ৰ দেশ কপোঁৱা তথা বিশ্বৰ ইতিহাসত ক’লা দিৱস হিচাপে পৰিচিত ২০০৪ চনৰ ধেমাজি বিস্ফোৰণ কাণ্ডৰ আজি আদালতে চূড়ান্ত ৰায় প্ৰদান কৰিব। ধেমাজিৰ এই ভয়াৱহ বোমা বিস্ফোৰণে পাৰ কৰিলে ১৫ টা বছৰ।

উল্লেখযোগ্য যে ২০০৪ চনৰ ১৫ আগষ্টত ধেমাজিত স্বাধীনতা দিৱসৰ উদযাপনথলীত আলফা (স্বা) সংঘটিত কৰা বোমা বিস্ফোৰণৰ ফলত নিহত ১০ টাকৈ অবুজ শিশুৰ লগতে তিনিগৰাকীকৈ মহিলা। ইয়াৰ উপৰি আনকেইবাজনো চিৰদিনৰ কাৰণে পংগু হৈছিল। স্বাধীনতা দিৱসৰ উদযাপনস্থলী এক প্ৰকাৰ ৰক্তাক্ত কৰি তুলিছিল।

ধেমাজি চেচন আদালতৰ ১২৭/২০১১ বিচাৰাধীন হৈ থকা উক্ত বিস্ফোৰণ কাণ্ডৰ তদন্তৰ অন্তত ধেমাজি আৰক্ষীয়ে ১৫ জনৰ বিৰুদ্ধে অভিযোগনামা দাখিল কৰিছিল।

অভিযোগনামাত উল্লিখিত সকল হৈছে ক্ৰমে যতীন দুৱৰী ওৰফে ৰংমন ওৰফে মাধুৰ্য গোহাঁই, লীলা খান ওৰফে লীলা গগৈ, দীপাঞ্জলি গোহাঁই, মুহি সন্দিকৈ, প্ৰশান্ত ভূঞা, মোহন চুতীয়া, চন্দ্ৰনাথ গগৈ, হেমেন ওৰফে বিনোদ, গোবিন কলিতা, জয়চন্দ্ৰ চুতীয়া, অপ্সৰা বৰুৱা, জয়া চুতীয়া, জীতেন চুতীয়া ওৰফে জোনটি, মীন বৰুৱা আৰু ৰচিদ ভৰালী।

ইতিমধ্যে ধেমাজি আদালতে এই বিস্ফোৰণ কাণ্ডৰ গোচৰত প্ৰায় ৫০ জনৰো অধিক লোকৰ সাক্ষ্য গ্ৰহণ কৰিছে। আৰু ধেমাজি চেচন আদালতে আজি এই গোচৰৰ চূড়ান্ত ৰায় প্ৰদান কৰিব।

Related News