হোমযজ্ঞত মহিলা পুৰোহিত! দিয়া মিৰ্জাক ভূয়সী প্ৰশংসা অনুৰাগীৰ

বলিউদৰ জনপ্ৰিয় অভিনেত্ৰী দিয়া মিৰ্জা আৰু ব্যৱসায়ী বৈভৱ ৰেখিয়ে সোমবাৰে ঘৰুৱা পৰিৱেশত বিবাহপাশত আৱদ্ধ হয়।

অভিনেত্ৰীগৰাকীয়ে শেহতীয়াকৈ সামাজিক মাধ্যমত বিবাহৰ কেইবাখনো ফটো শ্বেয়াৰ কৰিছে।

বিবাহ অনুষ্ঠানৰ হোমযজ্ঞৰ এখন ফটোত দেখা পোৱা গৈছে যে হোমযজ্ঞ পৰিচালনা পুৰোহিতগৰাকী মহিলা।

হোমযজ্ঞৰ অনুষ্ঠানৰ ফটোখন টুইটাৰত শ্বেয়াৰ কৰি দিয়া মিৰ্জাই শীলা আট্টা নামৰ মহিলা পুৰোহিতগৰাকীক ধন্যবাদ জনায়।

ইয়াৰ উপৰিও তেওঁ লিংগ সমতাকো ফটোৰ কেপচনত স্থান দিয়ে।

ফটোখনত মহিলা পুৰোহিতগৰাকী দেখি দিয়াৰ অনুৰাগীসকলে তেওঁক ভূয়সী প্ৰশংসা কৰিছে।

অনুৰাগীসকলে কৈছে যে ইয়াৰ দ্বাৰা অভিনেত্ৰীগৰাকীৰ ‘প্ৰকৃত নাৰীবাদ’ ফুটি উঠিছে।

উল্লেখযোগ্য যে দিয়া আৰু বৈভৱে লকডাউনৰ সময়ত লগ পাইছিল আৰু অৱশেষত বিবাহপাশত আৱদ্ধ হয়।

সংবাদ মাধ্যমৰ পৰা আঁতৰত থাকি অনুষ্ঠিত তেওঁলোকৰ আছুটীয়া বিবাহ অনুষ্ঠানখনত তেওঁলোকৰ পৰিয়ালবৰ্গ আৰু বন্ধুমহলৰ উপৰিও বলিউদৰ অভিনেত্ৰী অদিতী ৰাও হায়দৰী আৰু পৰিচালক কুণাল দেশমুখো উপস্থিত আছিল।