ডিব্ৰুগড়ৰ গেছ ক্ৰেকাৰ প্ৰকল্পত এচাম দুষ্ট চক্ৰই নিৱনুৱা যুৱকক চাকৰি দিয়াৰ নামত বজাৰ মেলিছে। ডিব্ৰুগড় আৰক্ষীয়ে আজি এক অভিযান চলাই চাকৰিৰ নামত নিৱনুৱা যুৱকৰ পৰা ধন সংগ্ৰহ কৰি ভুৱা নিযুক্তি পত্ৰ প্ৰদান কৰা এজন প্ৰৱঞ্চকক গ্ৰেপ্তাৰ কৰে।
আটকাধীন প্ৰৱঞ্চকজনক ৰবিন্দ্ৰ পাংগিং বুলি চিনাক্ত কৰা হৈছে। পাংগিং প্ৰকল্পটোৰ কেমিকেল অপাৰেটৰ আছিল বুলি আৰক্ষী সূত্ৰৰ পৰা জানিব পৰা গৈছে।
উল্লেখযোগ্য যে ৰবিন্দ্ৰ পাংগিঙে ডিব্ৰুগড় আৰু ধেমাজিৰ বহু নিৱনুৱা যুৱকৰ পৰা গেছ ক্ৰেকাৰ প্ৰকল্পত চাকৰি দিয়াৰ নামত ধন সংগ্ৰহ কৰিছিল।
পিছত ধন সংগ্ৰহ কৰা যুৱকক পাংগিঙে গেছ ক্ৰেকাৰ প্ৰকল্পৰ ভুৱা নিযুক্তি পত্ৰ প্ৰদান কৰিছিল। ফলত নিযুক্তি পত্ৰ লাভ কৰা নিৱনুৱা যুৱকসকলে নিজৰ কৰ্তব্যৰ বাবে গেছ ক্ৰেকাৰ প্ৰকল্পটোলৈ যোৱাতহে প্ৰকৃত ঘটনা পোহৰলৈ আহে।
যুৱকসকলে পাংগিঙে তেওঁলোক প্ৰদান কৰা নিযুক্তি পত্ৰ ভুৱা বুলি জানিব পাৰি আৰক্ষীৰ কাষ চাপে। আৰু আৰক্ষীয়ে বৰবৰুৱা ছাত্ৰ সন্থাৰ সহযোগত তদন্ত কৰি ৰবিন্দ্ৰ পাংগিঙক গ্ৰেপ্তাৰ কৰে।
আৰক্ষীয়ে ঘটনা সন্দৰ্ভত প্ৰকল্পটোৰ আৰু কোনো জড়িত থাকিব পাৰে বুলি সন্দেহ প্ৰকাশ কৰিছে আৰু এই বিষয়ত আৰক্ষীয়ে ক্ষীপ্ৰতাৰে তদন্ত আৰম্ভ কৰিছে বুলি জানিব পৰা গৈছে।