ডিব্রুগড়ত যুটীয়া স্বাস্থ্য সঞ্চালকক নিলম্বন; ক’ৰ’নাতংকৰ সময়তো কৰ্তব্যত গাফিলতি সঞ্চালকগৰাকীৰ

ক’ৰ’নাতংকৰ মাজতে ডিব্ৰুগড়ত স্বাস্থ্য বিভাগৰ পূৱ সংমণ্ডলৰ যুটীয়া সঞ্চালক উদয় কুমাৰ বৰুৱাক বুধবাৰে ৰাজ্য চৰকাৰে তৎকালে বলৱৎ হোৱাকৈ চাকৰিৰ পৰা নিলম্বন কৰিছে।

নিলম্বনৰ জাননীত কোৱা হৈছে যে যুটীয়া সঞ্চালক বৰুৱাই জিলা উপায়ুক্তৰ লগতে উদ্ধৰ্তন কৰ্তৃপক্ষৰ অনুমতি নোলোৱাকৈ যোৱা ১২ এপ্ৰিলৰ পৰা কাৰ্যালয়ত বাহিৰত আছিল।

আনকি যোৱা ১৩ এপ্ৰিলত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল উপস্থিত থকা স্বাস্থ্য বিভাগৰ পুনৰীক্ষণ বৈঠকতো উপস্থিত নাছিল যুটীয়া সঞ্চালকগৰাকী।

ক’ৰ’নাতংকৰ সময়ত উদ্ধৰ্তন কৰ্তৃপক্ষক অৱগত নকৰাকৈ কৰ্তব্যত অনুপস্থিত থকাৰ লগতে কৰ্তব্য পালনত গাফিলতি কৰাৰ সঞ্চালকগৰাকীক চেকশ্যন৬(১) আছাম চাৰ্ভিছেছ(ডিচিপ্লিন এণ্ড এপিল) ৰোলছ, ১৯৬৪ৰ অধীনত তৎকালে বলৱৎ হোৱাকৈ ৰাজ্য চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগে নিলম্বনৰ কৰে।

নিলম্বনৰ জাননীত কোৱা হৈছে যে জিলা স্বাস্থ্য বিভাগৰ শীৰ্ষ বিষয়াগৰাকীৰ এনেধৰণৰ দায়িত্বহীনতা আৰু অকৰ্তৃত্বশীল অনুপস্থিতিৰ বাবে ক’ৰ’না প্ৰতিৰোধৰ ক্ষেত্ৰত জিলাখনে বিপদৰ সন্মুখীন হ’ব লগীয়া হ’ব।

বৰুৱাৰ নিলম্বনৰ পিছত ডিব্ৰুগড়ৰ উপ সংমণ্ডল স্বাস্থ্য বিষয়া নৱজ্যোতি গগৈক পৰৱৰ্তী নিৰ্দেশনা নোলোৱা পৰ্যন্ত যুটীয়া সঞ্চালকৰ দায়িত্ব প্ৰদান কৰিছে স্বাস্থ্য বিভাগে।