• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 26, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

মোদী কেবিনেট-২.০ ত ৰামেশ্বৰ তেলীৰ শপত গ্ৰহণ; ডিব্ৰুগড়ত আনন্দৰ জোৱাৰ

NE NOW NEWS অনুপ শৰ্মা
গুৱাহাটী , May 30, 2019 8:57 pm

2 min read

মোদী কেবিনেট-২.০ ত ৰামেশ্বৰ তেলীৰ শপত গ্ৰহণ; ডিব্ৰুগড়ত আনন্দৰ জোৱাৰ
1.3k
VIEWS
Share on FacebookShare on Twitter

ডিব্ৰুগড় লোকসভা সমষ্টিৰ সাংসদ ৰামেশ্বৰ তেলীয়ে মোদী কেবিনেট-২.০ ত কেন্দ্ৰীয় মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ পাছত ডিব্ৰুগড় জিলাত বিশেষকৈ চাহ জনগোষ্ঠীৰ লোকসকলৰ মাজত বিপুল আনন্দ-উল্লাসৰ সৃষ্টি হৈছে।

ডিব্ৰুগড় লোকসভা সমষ্টিৰ পৰা কংগ্রেছৰ পৱন সিং ঘাটোৱাৰক ক্ৰমাগত দ্বিতীয়বাৰৰ বাবে পৰাস্ত কৰি সাংসদ হিচাপে নিৰ্বাচিত হয় ৰামেশ্বৰ তেলী। চলিত নিৰ্বাচনত তেলীয়ে ৩,৬৪,৫৬৬ টা ভোটৰ বিশাল ব্যৱধান পৰাস্ত কৰে কংগ্ৰেছ প্ৰা্ৰ্থীগৰাকীক।

ছাত্ৰৰাজনীতিৰ পৰা ৰাজনীতিৰ পথাৰত সক্ৰিয় ভূমিকা পালন কৰি অহা তেলীয়ে ডিব্ৰুগড় সমষ্টিত গেৰুৱা পতাকা চম্ভালাৰ গুৰু দায়িত্ব লাভ কৰিছিল। সাধাৰণ জীৱন ধাৰণৰ বাবে জনসাধাৰণৰ মাজত পৰিচিত তেলী ২০০১ চনত প্ৰথম বাৰৰ বাবে দুলীয়াজান বিধানসভা সমষ্টিৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰি বিজয়ী হৈছিল।

২০০৬ চনত তেলীয়ে পুনৰ বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰি কংগ্ৰেছ প্ৰাৰ্থীগৰাকীক পৰাজিত কৰি বিধানসভালৈ বিধায়ক হিচাপে নিৰ্বাচিত হৈ আহে যদিও ২০১১ চনৰ ৰাজ্যৰ বিধানসভা নিৰ্বাচনত তেওঁ পৰাজয়ৰ সন্মুখিন হ’বলগীয়া হয়।

২০১৪ চনৰ লোকসভা নিৰ্বাচনত বিজেপিয়ে ৰামেশ্বৰ তেলীক ডিব্ৰুগড় সমষ্টিত দলীয় প্ৰাৰ্থিত্ব প্ৰদান কৰে আৰু তেওঁ নিৰ্বাচনত শক্তিশালী প্ৰতিদ্বন্দ্বিতা আগবঢ়াই প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা পাঁচবাৰৰ সাংসদ পৱন সিং ঘাটোৱাৰক পৰাস্ত কৰি সংসদীয় ৰাজনীতিৰ যাত্ৰা আৰম্ভ কৰে।

ডিব্ৰুগড় জিলাত ১৯৭০ চনৰ ১৪ আগষ্টত জন্মগ্ৰহণ কৰা ৰামেশ্বৰ তেলীৰ পিতৃ বুধু তেলী আৰু মাতৃ দুলকা তেলী। তেলীয়ে নিৰ্বাচনী ইস্তাহাৰৰ লগত গাঠি দিয়া হলফনামাত তেওঁৰ শিক্ষাগত অৰ্হতা দশম শ্ৰেণী উত্তীৰ্ণ বুলি উল্লেখ কৰিছে।

Recent News

অসমত বিজেপিক ৰুধিবলৈ সাজু কংগ্ৰেছ; ছোনিয়া গান্ধীয়ে গঠন কৰি দিলে কেইবাখনো সমিতি

অসমত বিজেপিক ৰুধিবলৈ সাজু কংগ্ৰেছ; ছোনিয়া গান্ধীয়ে গঠন কৰি দিলে কেইবাখনো সমিতি

শিৱসাগৰত ৰাষ্ট্ৰীয় ভোটাৰ দিৱস উদযাপন

শিৱসাগৰত ৰাষ্ট্ৰীয় ভোটাৰ দিৱস উদযাপন

ভাৰত আৰু চীনা সৈন্যৰ মাজত অনুষ্ঠিত হোৱা নৱম লানি বৈঠকক যোগাত্মক, বাস্তৱিক আৰু গঠনমূলক আখ্যা ভাৰতীয় সেনা বাহিনীৰ

ভাৰত আৰু চীনা সৈন্যৰ মাজত অনুষ্ঠিত হোৱা নৱম লানি বৈঠকক যোগাত্মক, বাস্তৱিক আৰু গঠনমূলক আখ্যা ভাৰতীয় সেনা বাহিনীৰ

আই পি এলৰ বাবে টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেল পিছুৱালে আই চি চিয়ে

আই পি এলৰ বাবে টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেল পিছুৱালে আই চি চিয়ে

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd