সংবাদ মাধ্যমলৈ এক প্ৰেছ বিজ্ঞপ্তি প্ৰেৰণ কৰিছে নিষিদ্ধঘোষিত বিদ্ৰোহী সংগঠন আলফা স্বাধীনে।
উল্লেখ্য যে ইয়াৰ পূৰ্বে আলফাই খেতিয়কৰ পৰা ধন দাবী কৰাৰ অভিযোগ উত্থাপন হৈছিল।
সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা প্ৰেছ বিজ্ঞপ্তিটোত আলফাই লিখিছে “অসমৰ একাংশ বৈদ্যুতিক সংবাদ আৰু ছপা সংবাদ মাধ্যমত “সংযুক্ত মুক্তি বাহিনী, অসম [স্বাধীন] সংগঠনে অৰুণাচল প্ৰদেশৰ একাংশ কানি খেতিয়কক ধন দাবী কৰা বুলি বাতৰি সম্প্ৰচাৰ হোৱা পৰিলক্ষিত হৈছে। সংযুক্ত মুক্তি বাহিনী, অসম স্বাধীন সংগঠনৰ তৰফৰ পৰা স্পষ্ট কৰিব বিচাৰোঁ যে- আমাৰ সংগঠনে মানর সমাজত ব্যাধি সৃষ্টিকাৰী কোনো বিষয়ৰ সৈতে কেতিয়াও জড়িত হোৱা নাই আৰু আগলৈও নহয়। নিচাজাতীয় দ্রব্যৰ সেৱন আৰু সৰবৰাহৰ বিৰুদ্ধে আমাৰ সংগঠনে জন্মলগ্নৰে পৰা কঠোৰ স্থিতি পালন কৰি আহিছে। এই সন্দৰ্ভত আমি আগতেও বিবৃতিযোগে ৰাইজক অৱগত কৰি আহিছোঁ। তেনেস্থলত আফিং খেতিয়কৰ পৰা আর্থিক অনুদান সংগ্ৰহ কৰা কোনো অৱকাশেই থাকিব নোৱাৰে। “সংযুক্ত মুক্তি বাহিনী, অসম স্বাধীন সংগঠনৰ বৰ্দ্ধিত পৰিসৰত আতংকিত হোৱাৰ পৰিপ্ৰেক্ষিতত আমাৰ ”
লগতে আলফাই লিখিছে “সংগঠনক থলগিৰি ৰাইজৰ মানসপটত হেয় প্রতিপন্ন কৰিবলৈ বিগত দিনবোৰৰ দৰে ইবোৰ শত্রু পক্ষৰ অপপ্ৰচাৰ মাথোঁ। সেয়েহে, শত্রুপক্ষৰ এনে অপপ্ৰচাৰত পতিয়ন নাযাবলৈ এই গোহাৰিৰ যোগে থলগিৰি ৰাইজলৈ আহ্বান জনালোঁ।”
এতিয়া প্ৰশ্ন হয়, সঁচাই আলফাই ধন দাবী কৰিছিল নেকি খেতিয়কৰ পৰা?
ইয়াৰ পূৰ্বে উজনি অসমৰ চাহ বাগান আৰু বিভিন্ন ব্যৱসায়-প্ৰতিষ্ঠানৰ পৰা আলফাই ধন দাবী কৰাৰ অভিযোগ উত্থাপন হৈছিল।





