শিৱসাগৰত বিশ্ব প্ৰতিবন্ধী দিৱস বৰ্জন; প্ৰতিবাদত নামিল শতাধিক প্ৰতিবন্ধী

আজি বিশ্ব প্ৰতিবন্ধী দিৱস। কিন্তু শিৱসাগৰত এই দিৱস বৰ্জন কৰিলে প্ৰতিবন্ধীসকলে। অসমৰ প্ৰতিবন্ধী সকলৰ দীৰ্ঘদিনীয়া দাবীৰ প্ৰতি চৰকাৰে কৰি অহা প্ৰতাৰণাৰ প্ৰতিবাদতে বিশ্ব প্ৰতিবন্ধী দিৱসৰ দিনাই শিৱসাগৰৰ ৰাজপথত প্ৰতিবাদত নামিল প্ৰতিবন্ধীসকল।

উজনি অসম প্ৰতিবন্ধী সুৰক্ষা সমিতিৰ উদ্যোগত ডিব্ৰুগড় আৰু শিৱসাগৰ জিলা সমিতিৰ শতাধিক প্ৰতিবন্ধীয়ে শিৱসাগৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰি চৰকাৰ বিৰোধী শ্ল’গানেৰে প্ৰতিবাদ সাব্যস্ত কৰে।

‘প্ৰতিবন্ধী সকলৰ মাহিলি ভাট্টা ১০০০ টকাৰ পৰা ৩০০০ টকালৈ বৃদ্ধি,  প্ৰতিবন্ধী সকলক মাটিৰ পট্টা প্ৰদান কৰা, প্ৰতিবন্ধী সকলে চাকৰিৰ ক্ষেত্ৰত দীৰ্ঘদিনে কৰি অহা দাবী পূৰণ কৰা, প্ৰতিবন্ধীক ৰেচন কাৰ্ড প্ৰদান কৰা’ আদিকে ধৰি তেওঁলোকৰ বিভিন্ন দাবী পূৰণৰ বাবে এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে।

ইয়াৰোপৰি নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰাৰ লগতে মূল্যমৃদ্ধিৰ বাবেও প্ৰতিবাদ সাব্যস্ত কৰে এই সকল প্ৰতিবাদকাৰীয়ে।

ধৰ্ণা কাৰ্যসূচীৰ পিছত প্ৰতিবাদকাৰী সকলে শিৱসাগৰ জিলা উপায়ুক্তৰ জৰিয়তে মুখ্য মন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰে।

লগতে এমাহৰ ভিতৰত যদি অসম চৰকাৰে তেওঁলেকৰ দাবী সমুহ পূৰণ নকৰে তেন্তে সমগ্ৰ উজনি অসমত ইয়াতকৈ জংগী আন্দোলনৰ কাৰ্যসূচী ৰূপায়ণ কৰিব বুলি জানিবলৈ দিয়ে।