NORTHEAST NOW (Assamese)

বিত্তীয় কেলেংকাৰিত অভিযুক্ত দিফুৰ কোষাগাৰ বিষয়াক আটক

May 20, 2019 5:43 pm · এন ই নাও নিউজ
অভিযানৰ সময়ত শৰ্মাৰ কাৰ্য্যালয়ৰ ড্ৰয়াৰৰ পৰা উদ্ধাৰ হোৱা টকাখিনি। ফাইল ফটো

আৰক্ষীৰ জালত পৰিল উৎকোচ গ্ৰহণ আৰু বিত্তীয় কেলেংকাৰিত অভিযুক্ত ডিফুৰ কোষাগাৰ বিষয়া অমৰেন্দ্ৰ শৰ্মা। মহানগৰীৰ দিচপুৰ আৰক্ষীৰ সহযোগত ডিফু আৰক্ষীয়ে আজি শৰ্মাক দিচপুৰৰ চৌধুৰী টিলাত থকা নিজ বাসগৃহৰ পৰা আটক কৰে।

উল্লেখযোগ্য যে যোৱা ১০ এপ্ৰিলত চাকৰিৰ পৰা নিলম্বিত হোৱা শৰ্মাৰ কাৰ্য্যালয়ৰ ড্ৰয়াৰৰ পৰা ৩ এপ্ৰিলত  আৰক্ষীয়ে ৫,৫৬,১০০ টকা জব্দ কৰিছিল।

উক্ত দিনা অতিৰিক্ত আৰক্ষী অধীক্ষক ইন্দ্ৰনীল বৰুৱা, অতিৰিক্ত উপায়ুক্ত নৰচিং বে আৰু কোষাগাৰ সঞ্চালকৰ ৰমেন চক্ৰৱৰ্তী, শৰৎ টেৰণে পুৱাৰে পৰা আবেলি লৈকে কাৰ্য্যালয়টোত অভিযান চলাইছিল।

ইয়াৰ পূৰ্বে কাৰ্বি আংলঙৰ উপায়ুক্ত মুকুল কুমাৰ শইকীয়াই ডিফু কোষাগাৰৰ বিষয়া আৰু ভালেকেইজন কৰ্মচাৰীৰ বিৰুদ্ধে উৎকোচ গ্ৰহণৰ সন্দৰ্ভত দাখিল কৰা এজাহাৰৰ ভিত্তিত ১ এপ্ৰিলত ডিফু কোষাগাৰ কাৰ্যালয়টো ছীল কৰা হৈছিল।

কাৰ্যালয়টোৰ এগৰাকী গাণনিকে ‘মুখ্য কাৰ্যবাহী’ৰ বিৰুদ্ধে বৈধ নথি অবিহনে বিল পাছ কৰিবলৈ নিৰ্দেশ দিয়াৰ অভিযোগ অনাৰ পাছতে উপায়ুক্ত মুকুল কুমাৰ শইকীয়াই কোষাগাৰ কাৰ্যালয় ছীল কৰাৰ বাবে এজাহাৰ দিছিল।

Related News