• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, October 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

দীঘলীপুখুৰীৰ পৰা নুনমাটিলৈ ফ্লাইঅভাৰ : কেইজনমান সচেতন লোকৰ গোহাৰি পত্ৰ

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
October 21, 2024 4:30 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দীঘলীপুখুৰীৰ পৰা নুনমাটিলৈকে নিৰ্মিয়মান ফ্লাই অভাৰখনৰ সম্পৰ্কে কেইজনমান সচেতন ব্যক্তিয়ে সংবাদ মাধ্যমলৈ এখন গোহাৰি প্ৰেৰণ কৰিছে।

গোহাৰিখনত লিখিছে – “দীঘলীপুখুৰীৰ পৰা নুনমাটিলৈকে ফ্লাইঅভাৰখন নিৰ্মাণৰ কাম যানজটৰ সমস্যা দূৰ কৰাৰ লক্ষ্যৰে হাতত লোৱা হৈছে। কিন্তু ই সমস্যা সমাধান কৰাতকৈ বৃদ্ধি নকৰিবনে? ই মুষ্টিমেয় কিছু সংখ্যক গাড়ীৰ মালিকক উপকৃত কৰিবলৈ গৈ আন বহু লোকৰ জীৱন, জীবিকা আৰু স্বাস্থ্য ক্ষতিগ্রস্ত নকৰিবনে? আমাৰ বাবে চিন্তনীয় কথাটো হৈছে নগৰ পৰিকল্পনাকাৰীসকলে গাড়ী-মটৰকহে যেন অধিক গুৰুত্ব দিছে। ফ্লাইঅভাৰৰ সংখ্যা বৃদ্ধিয়ে মহানগৰখনৰ এলেকা আৰু ইয়াৰ কাষৰীয়া অঞ্চলৰ সেউজ এলেকাৰ পৰিমাণ হ্রাস কৰিছে। সেয়ে ফ্লাইঅভাৰ নিৰ্মাণ কৰাৰ সময়ত সেউজ আৰু প্রাকৃতিক এলেকা, পদযাত্রীসকলে সঘনে ব্যৱহাৰ কৰা এলেকা, কাষত থকা বাসভৱনসমূহৰ সম্পূৰ্ণ সুৰক্ষা নিশ্চিত কৰিব লাগিব।”

Apply Now

লগতে লিখিছে, “আমাক বেছিকৈ উদ্বিগ্ন কৰা এলেকাটো হৈছে-মহানগৰখনৰ একেবাৰে মাজভাগত থকা দীঘলীপুখুৰী অঞ্চলটো। এই নতুন ফ্লাইঅভাৰখনে ঐতিহাসিক, পাৰিপাৰ্শ্বিক আৰু নান্দনিকভাবে গুৰুত্বপূর্ণ এই এলেকাটোক বেয়াকৈ ক্ষতিগ্রস্ত কৰিব। দীঘলীপুখুৰী নামৰ এই ধুনীয়া পুখুৰীটোৰ ইতিহাস বিচাৰিবলৈ হ’লে আমি আহোম যুগলৈ উভতি যাব লাগিব। আচলতে ইয়াক প্রাচীন প্রাগজ্যোতিষপুৰ নগৰৰ অৱশিষ্টাংশ বুলি বিবেচনা কৰা হয়। ঠাইখন পর্যটক আকৰ্ষণৰ অন্যতম কেন্দ্ৰ। ৰবীন্দ্রভৱন আৰু অসম ৰাজ্যিক সংগ্ৰহালয় আদি ইয়াতে আছে। পুখুৰীটোৰ প্ৰাংগণতে ভূপেন হাজৰিকাৰ দৰে বিশিষ্ট ব্যক্তিসকলৰ স্মৃতিচাৰণ সভা আদি অনুষ্ঠিত হয়। ঠাইখন নাগৰিকসকল সমবেত হোৱাৰো অন্যতম স্থান হৈ পৰিছে। সেয়ে এই ঠাইখিনি আমাৰ সাংস্কৃতিক ঐতিহ্য আৰু থলুৱা পৰিচয় অটুট ৰখাৰ প্ৰধান ক্ষেত্র হৈ পৰিছে।”

“আগশাৰীৰ কলেজ, স্কুলসমূহ আৰু উচ্চ ন্যায়ালয় পুখুৰীটোৰ কাষতে আছে। বেল ষ্টেছনটো ইয়াৰ নিচেই ওচৰতে হোৱা বাবে বেপাৰ-বাণিজ্যৰ বাবেও ই আশীর্বাদস্বরূপ। পাণবজাৰ আৰু উজানবজাৰৰ দৰে ওচৰৰ বাণিজ্য কেন্দ্ৰবোৰলৈ যাবলৈও সুচল। কলেজৰ ছাত্ৰ-ছাত্ৰী, উকীল, ক্ষুদ্র ব্যবসায়ী আদিৰ বাবে নিজৰ কৰ্মস্থললৈ অহা-যোৱাৰ ক্ষেত্ৰতো ফ্লাইঅভাৰখনে যথেষ্ট অসুবিধাৰ সৃষ্টি কৰিব।” – লগতে গোহাৰি খনত উল্লেখ কৰিছে।

গোহাৰি খনত উল্লেখ কৰিছে যে আটাইতকৈ গুৰুত্বপূর্ণ কথা, দীঘলীপুখুৰী এলেকাটো মহানগৰখনৰ বাসিন্দাসকলৰ বাবে বিশ্রাম, মর্নিং ৱাক আৰু জগিঙৰ বাবে এখন প্রিয় ঠাই। বিভিন্ন গছ-গছনি আৰু পুখুৰীটোৰ পানীখিনিয়ে এলেকাটোৰ পৰিৱেশ বেচ শান্তিপূর্ণ কৰি ৰাখে। জোষ্ঠ নাগৰিকসকলৰো ঠাহখন অতি প্রিয়। গুৱাহাটীত যি সামান্য সেউজ এলেকা বাচি আছে তাৰ ভিতৰত এই ঠাইখিনিও অন্যতম। এনে এলেকাসমূহ মহানগৰখনৰ বাসিন্দাসকলৰ কল্যাণ আৰু সুস্বাস্থ্যৰ বাবে অপৰিহাৰ্য। পুখুৰীটোৰ চাৰিওফালে থকা কিছুমান গছ কেইবাশ বছৰ পুৰণি। সেইবোৰত অসংখ্য চৰায়ে বাহ সাজি আছে। সেইকাৰণে বহু নাগৰিকে ফ্লাইঅভাৰ নিৰ্মাণৰ কাম-কাজে এলেকাটোৰ জৈৱবৈচিত্র্য নষ্ট কৰিব বুলি আশংকা প্রকাশ কৰিছে। এই গছবোৰৰ যিকোনো এজোপা কাটিলেও মহানগৰখনৰ সেউজ আৱৰণৰ ডাঙৰ ক্ষতি হ’ব আৰু সেই গছবোৰত বছৰ বছৰ ধৰি বাহ সাজি বংশবৃদ্ধি কৰা বহু পখী প্রজাতি বিলুপ্ত হোৱাৰ সম্ভাৱনা বৃদ্ধি কৰিব।

এই ফ্লাইঅভাৰখন নিৰ্মাণৰ কথা পুনৰ বিবেচনা কৰিবলৈ আমি চৰকাৰ, নীতি নিৰ্ধাৰকসকল, নগৰ পৰিকল্পনাকাৰী আৰু অভিযন্তাসকললৈ কাতৰ অনুৰোধ জনাইছোঁ। বহু উন্নত, অগ্রণী চিন্তাৰ নগৰ আৰু দেশত যানজটৰ সমস্যাৰ সমাধান হিচাপে ফ্লাইঅভাৰ নিৰ্মাণ কৰা দেখা নাযায়। এই গুরুত্বপূর্ণ বিষয়টো সন্দর্ভত কৰা বহু অধ্যয়নে ফাইঅভাৰ নির্মাণক ‘আওপুৰণি ব্যবস্থা’ বুলি বিবেচনা কৰে। আধুনিক নগৰ পৰিকল্পনাকাৰীসকলে যানজটৰ সমস্যাৰ সমাধান হিচাপে ৰাজহুৱা পৰিবহন ব্যৱস্থা উন্নত কৰাৰ ওপৰত গুৰুত্ব দিয়ে। আমাৰ নগৰ পৰিকল্পনাকাৰীসকলে কেতিয়ানো এনে ধৰণৰ প্ৰমাণিত সমাধানসমূহক আঁকোৱালি লৈ কাম কৰিব?

শিলপুখুৰী, চানমাৰি আৰু নুনমাটি এলেকাত চলি থকা নির্মাণকার্যই সেই এলেকাৰ বাসিন্দাসকলক কেনেকৈ ক্ষতিগ্রস্ত কৰি তেওঁলোকৰ মানসিক আৰু শাৰীৰিক স্বাস্থ্যৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিছে সেয়া আমি দেখিছোঁ। দীঘলীপুখুৰীৰ দৰে প্ৰসিদ্ধ এলেকাত এনে পৰিস্থিতিৰ সৃষ্টি হোৱা অনুচিত। এনে হ’বলৈ হ’লে মহানগৰখনৰ নাগৰিকসকলৰ প্ৰাণস্বৰূপ যি অকণ ৰাজহুৱা ঠাই আছে সেইকণৰ প্ৰতি ডাঙৰ ভাবুকিৰ সৃষ্টি কৰিব।

লগতে, গুৱাহাটী মহানগৰীৰ এতিয়ালৈকে বাচি থকা উৎকৃষ্ট স্থানসমূহৰ ভিতৰত দীঘলীপুখুৰীও অন্যতম। সেয়ে ইয়াক সংৰক্ষণ কৰিবলৈ আমি সকলোরে দেহে-কেহে লগা উচিত বুলি উল্লেখ কৰা হৈছে।

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰসিদ্ধ লেখক, জনপ্ৰিয় ঔপন্যাসিক তথা ৰাজনীতিক জেফ্ৰি আৰ্চাৰৰ ৮৬ বছৰ বয়সত দেহাৱসান

প্ৰসিদ্ধ লেখক, জনপ্ৰিয় ঔপন্যাসিক তথা ৰাজনীতিক জেফ্ৰি আৰ্চাৰৰ ৮৬ বছৰ বয়সত দেহাৱসান

October 6, 2026 11:35 am
সামৰিক বিমান দুৰ্ঘটনাগ্ৰস্ত হৈ ৩২ জনৰ মৃত্যু; ক’ত ঘটিল এই বিমান বিধ্বস্ত হোৱাৰ ঘটনা?

সামৰিক বিমান দুৰ্ঘটনাগ্ৰস্ত হৈ ৩২ জনৰ মৃত্যু; ক’ত ঘটিল এই বিমান বিধ্বস্ত হোৱাৰ ঘটনা?

October 6, 2026 10:34 am
নগাঁও লোকসভা উপ-নিৰ্বাচনৰ বাবে ২,১১২টা ভোটকেন্দ্ৰত আৰম্ভ হৈছে ভোটদান

নগাঁও লোকসভা উপ-নিৰ্বাচনৰ বাবে ২,১১২টা ভোটকেন্দ্ৰত আৰম্ভ হৈছে ভোটদান

October 6, 2026 9:44 am
বিজেপিৰ ৰাজ্যসভাৰ প্ৰাৰ্থী তালিকাত নাই দুই কেন্দ্ৰীয় মন্ত্ৰীৰ নাম; শীঘ্ৰেই মন্ত্ৰীসভাৰ সালসলনি!

বিজেপিৰ ৰাজ্যসভাৰ প্ৰাৰ্থী তালিকাত নাই দুই কেন্দ্ৰীয় মন্ত্ৰীৰ নাম; শীঘ্ৰেই মন্ত্ৰীসভাৰ সালসলনি!

October 6, 2026 8:49 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰসিদ্ধ লেখক, জনপ্ৰিয় ঔপন্যাসিক তথা ৰাজনীতিক জেফ্ৰি আৰ্চাৰৰ ৮৬ বছৰ বয়সত দেহাৱসান

প্ৰসিদ্ধ লেখক, জনপ্ৰিয় ঔপন্যাসিক তথা ৰাজনীতিক জেফ্ৰি আৰ্চাৰৰ ৮৬ বছৰ বয়সত দেহাৱসান

October 6, 2026 11:35 am
সামৰিক বিমান দুৰ্ঘটনাগ্ৰস্ত হৈ ৩২ জনৰ মৃত্যু; ক’ত ঘটিল এই বিমান বিধ্বস্ত হোৱাৰ ঘটনা?

সামৰিক বিমান দুৰ্ঘটনাগ্ৰস্ত হৈ ৩২ জনৰ মৃত্যু; ক’ত ঘটিল এই বিমান বিধ্বস্ত হোৱাৰ ঘটনা?

October 6, 2026 10:34 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd