• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 11, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

ক’ভিডৰ পিছত প্ৰাপ্তবয়স্কৰ আকস্মিক মৃত্যুকলৈ আইচিএমআৰ আৰু এইমছৰ বিস্তৃত অধ্যয়নত প্ৰকাশ : ভেকচিন আৰু আকস্মিক মৃত্যুৰ মাজত কোনো সম্পৰ্ক নাই

নৰ্থ-ইষ্ট নাও, গুৱাহাটী by নৰ্থ-ইষ্ট নাও, গুৱাহাটী
July 3, 2025 4:30 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বহু লোকৰ ক্ষেত্ৰত  সংঘটিত আকস্মিক  মৃত্যুৰ বিষয়টোকলৈ  দেশৰ কেইবাটাও সংস্থাই অধ্যয়ন চলাইছে। এই অধ্যয়নসমূহে প্ৰতিষ্ঠা কৰিছে যে কোভিড ১৯ টিকা গ্ৰহণ  আৰু আকস্মিক  মৃত্যুৰ মাজত কোনো প্ৰত্যক্ষ সম্পৰ্ক নাই।

ইণ্ডিয়ান কাউন্সিল অৱ মেডিকেল ৰিচাৰ্চ (আইচিএমআৰ) আৰু নেশ্যনেল চেণ্টাৰ ফৰ ডিজিজ কণ্ট্ৰল (এনচিডিচি)ৰ অধ্যয়নে ভাৰতত ক’ভিড-১৯ৰ ভেকচিন নিৰাপদ আৰু ফলপ্ৰসূ বুলি দৃঢ়তাৰে প্ৰকাশ কৰিছে।

Apply Now

প্ৰতিষ্ঠান দুটাই লগতে কৈছে যে  ক’ভিড-১৯ৰ ভেকচিনৰ গুৰুতৰ পাৰ্শ্বক্ৰিয়াৰ ঘটনা অতি বিৰল । জেনেটিক্স, জীৱনশৈলী, পূৰ্বৰ ৰোগ সম্পৰ্কীয় অৱস্থা, ক’ভিডৰ পিছৰ জটিলতা আদি বহু কাৰকৰ ফলত হঠাৎ হৃদযন্ত্ৰ বিকল হৈ  মৃত্যু হ’ব পাৰে।

বিশেষকৈ ১৮ৰ পৰা ৪৫ বছৰৰ ভিতৰৰ প্ৰাপ্তবয়স্কলোকসকলৰ আকস্মিক মৃত্যুৰ আঁৰৰ কাৰণসমূহ বিশ্লেষণ কৰিবলৈ  আইচিএমআৰ আৰু এনচিডিচিয়ে একেলগে কাম কৰি আহিছে। এই বিষয়ে অন্বেষণ কৰিবলৈ বিভিন্ন গৱেষণা পদ্ধতিৰ আলমত দুটা পৰিপূৰক অধ্যয়ন কৰা হৈছিল—এটা অতীতৰ তথ্যৰ ওপৰত ভিত্তি কৰি আৰু আনটো বাস্তৱ সময়ৰ অনুসন্ধানৰ সৈতে জড়িত অধ্যয়ন ।

আইচিএমআৰৰ নেশ্যনেল ইনষ্টিটিউট অৱ এপিডেমিঅ’লজি (এনআইই)য়ে  কৰা প্ৰথমটো অধ্যয়নৰ শিৰোনাম  হৈছে  “ফেক্টৰছ এছোচিয়েটেড উইথ আনএক্সপ্লেইনড ছাডেন ডেথছ এমং এডাল্টছ এজড্ ১৮-৪৫ ইয়েৰ্ছ   ইন ইণ্ডিয়া– এ মাল্টিচেণ্ট্ৰিক মেটছড কেছ -কণ্ট্ৰোল ষ্টাডি।” এই অধ্যয়ন ২০২৩ চনৰ মে’ মাহৰ পৰা আগষ্টলৈকে দেশৰ  ১৯খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৪৭খন প্ৰাথমিক পৰ্যায়ৰ চিকিৎসালয়ত চলোৱা  হৈছিল। ইয়াত  এনে ব্যক্তিকলৈ  অধ্যয়ন চলোৱা হৈছিল যিসকল ব্যক্তিক সুস্থ যেন লাগিছিল যদিও ২০২১ চনৰ অক্টোবৰৰ পৰা ২০২৩ চনৰ মাৰ্চ মাহৰ ভিতৰত তেওঁলোকৰ হঠাতে মৃত্যু হৈছিল। এই অধ্যয়নটোৰ পৰা লাভ কৰা তথ্যই দেখুৱাইছে যে ক’ভিড-১৯ৰ টিকাকৰণে যুৱ প্ৰাপ্তবয়স্কৰ মাজত আকস্মিক মৃত্যুৰ সম্ভাৱনা বৃদ্ধি নকৰে।

“এষ্টাব্লিছিং দ্য ক‘জ  ইন ছাডেন আনএক্সপ্লেইনড ডেথছ  ইন ইয়ং ” শীৰ্ষক দ্বিতীয়টো অধ্যয়ন বৰ্তমান নতুন দিল্লীৰ অল ইণ্ডিয়া ইনষ্টিটিউট অৱ মেডিকেল ছায়েন্সে  আইচিএমআৰৰ সহযোগত চলাই আছে। যুৱ প্ৰাপ্তবয়স্কৰ আকস্মিক মৃত্যুৰ সাধাৰণ কাৰণ নিৰ্ণয় কৰাৰ লক্ষ্যৰে এই অধ্যয়ন চলোৱা হৈছে।

অধ্যয়নটোৰ পৰা লাভ কৰা  তথ্যৰ প্ৰাৰম্ভিক বিশ্লেষণে ইংগিত দিছে যে এই বয়সৰ গোটৰ লোকৰ মাজত  হৃদৰোগ বা মায়োকাৰ্ডিয়াল ইনফাৰ্কচন (MI) আকস্মিক  মৃত্যুৰ প্ৰধান কাৰণ হিচাবে পৰিগণিত হৈছে।

গুৰুত্বপূৰ্ণ কথাটো হ’ল, পূৰ্বৰ বছৰসমূহৰ তুলনাত এতিয়াৰ পৰিস্থিতিত মৃত্যুৰ ধৰণত কোনো ডাঙৰ পৰিৱৰ্তন দেখা পোৱা যোৱা  নাই। অধিকাংশ আকস্মিক মৃত্যুৰ ক্ষেত্ৰতে  মৃত্যুৰ সম্ভাৱ্য কাৰণ হিচাপে জিনীয় মিউটেচনকেই এক অন্যতম  কাৰক হিচাবে  চিনাক্ত কৰা হৈছে। অধ্যয়নটো  সম্পূৰ্ণ হোৱাৰ পিছত ইয়াৰ চূড়ান্ত ফলাফল প্ৰকাশ কৰা হ’ব।

এই দুয়োটা অধ্যয়নে একেলগে ভাৰতৰ যুৱ প্ৰাপ্তবয়স্কৰ আকস্মিক  মৃত্যুৰ কাৰণ সম্পৰ্কে  অধিক তথ্য  প্ৰকাশৰ বাট মুকলি কৰিছে। অধ্যয়নত এইকথাও  প্ৰকাশ পাইছে যে ক’ভিড-১৯ৰ টিকাকৰণে বিপদ বৃদ্ধি কৰা যেন নালাগে, আনহাতে, পূৰ্বৰে পৰা থকা  স্বাস্থ্যজনিত সমস্যা, জিনীয় প্ৰভাৱ আৰু বিশৃংখল জীৱনশৈলীয়ে  আআকস্মিক  মৃত্যুৰ আশংকা বৃদ্ধি কৰাত অন্যতম  ভূমিকা পালন কৰে।

বিশেষজ্ঞসকলে পুনৰ কয় যে ক’ভিড টিকাকৰণক আকস্মিক  মৃত্যুৰ সৈতে জড়িত কৰি কৰা বক্তব্যসমূহ মিছা আৰু বিভ্ৰান্তিকৰ তথা বৈজ্ঞানিকভাবে  সেয়া সমৰ্থিত নহয়। নিৰ্ণায়ক প্ৰমাণ অবিহনে জল্পনা-কল্পনাৰ আধাৰত কৰা এনে  দাবীয়ে মহামাৰীৰ সময়ত লাখ লাখ লোকৰ জীৱন ৰক্ষাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা কোভিড ভেকচিনৰ প্ৰতি জনসাধাৰণৰ আস্থা হ্ৰাস  কৰাৰ আশংকা থকা বুলিও তেওঁলোকে কয়।  এনে ভিত্তিহীন প্ৰতিবেদন আৰু দাবীয়ে দেশত ভেকচিনকলৈ মানুহৰ মাজত  দ্বিধাগ্ৰস্ততা  বৃদ্ধিত  অৰিহণা যোগাব পাৰে, যাৰ ফলত জনস্বাস্থ্যত বিৰূপ প্ৰভাৱ পৰিব পাৰে বুলি বিশেষজ্ঞসকলে মন্তব্য কৰিছে।  

নৰ্থ-ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সোণাপুৰৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত পুনৰ দুৰ্ঘটনাগ্ৰস্ত বাহন; আহত কেইবাজনো লোক

সোণাপুৰৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত পুনৰ দুৰ্ঘটনাগ্ৰস্ত বাহন; আহত কেইবাজনো লোক

September 10, 2026 8:39 pm
বিৰোধীৰ অন্তৰ্দ্বন্দ্বক লৈ উদ্বিগ্ন বিশিষ্ট নাগৰিক সমাজ; বিজেপিৰ অপশাসনৰ বিৰুদ্ধে ঐক্যবদ্ধ সংগ্ৰামৰ আহ্বান

বিৰোধীৰ অন্তৰ্দ্বন্দ্বক লৈ উদ্বিগ্ন বিশিষ্ট নাগৰিক সমাজ; বিজেপিৰ অপশাসনৰ বিৰুদ্ধে ঐক্যবদ্ধ সংগ্ৰামৰ আহ্বান

September 10, 2026 8:14 pm
ব্ৰিকছ সন্মিলনৰ বাবে ভাৰতলৈ নাহে বাংলাদেশৰ প্ৰধানমন্ত্ৰী তাৰিক ৰহমান! কি ক’লে ঢাকাই?

ব্ৰিকছ সন্মিলনৰ বাবে ভাৰতলৈ নাহে বাংলাদেশৰ প্ৰধানমন্ত্ৰী তাৰিক ৰহমান! কি ক’লে ঢাকাই?

September 10, 2026 6:02 pm
অতিথিশালাত ২০ দিনৰ মূৰত দম্পতীৰ ৰহস্যমৃত্যু, উদ্ধাৰ মৃতদেহ! সন্ধান ওলাল ‘অপহৃত’ যুৱতীৰ

অতিথিশালাত ২০ দিনৰ মূৰত দম্পতীৰ ৰহস্যমৃত্যু, উদ্ধাৰ মৃতদেহ! সন্ধান ওলাল ‘অপহৃত’ যুৱতীৰ

September 10, 2026 5:16 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সোণাপুৰৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত পুনৰ দুৰ্ঘটনাগ্ৰস্ত বাহন; আহত কেইবাজনো লোক

সোণাপুৰৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত পুনৰ দুৰ্ঘটনাগ্ৰস্ত বাহন; আহত কেইবাজনো লোক

September 10, 2026 8:39 pm
বিৰোধীৰ অন্তৰ্দ্বন্দ্বক লৈ উদ্বিগ্ন বিশিষ্ট নাগৰিক সমাজ; বিজেপিৰ অপশাসনৰ বিৰুদ্ধে ঐক্যবদ্ধ সংগ্ৰামৰ আহ্বান

বিৰোধীৰ অন্তৰ্দ্বন্দ্বক লৈ উদ্বিগ্ন বিশিষ্ট নাগৰিক সমাজ; বিজেপিৰ অপশাসনৰ বিৰুদ্ধে ঐক্যবদ্ধ সংগ্ৰামৰ আহ্বান

September 10, 2026 8:14 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd