• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, January 22, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ৰূপহীহাটত জৰাজীৰ্ণ কাঠৰ দলঙৰ বাবে জীয়াতু ভুগিছে ৰাইজে : স্থানীয় বিধায়কৰ প্ৰতি ক্ষোভ

NE NOW NEWS ভার্গব হাজৰিকা
পুৰণিগুদাম , August 11, 2019 10:40 am

2 min read

IMG_20190811_091431_094

ফটো : নৰ্থইষ্ট নাও

991
VIEWS
Share on FacebookShare on Twitter

এইখন মুলুকতে আছে এনে এখন কাঠৰ দলং। যিখন দলং দেখিলে হয়তো আপোনাৰ চকু কপালত উঠিব।

আপুনি নিজকে সৌভাগ্যবান বুলিও ভাবিব পাৰে, কিয়নো নিতৌ সেই দলং খনৰ ওপৰেদি পাৰ হোৱাৰ দুৰ্ভাগ্য আপোনাৰ হোৱা নাই।

বিধায়ক নুৰুল হুদাৰ গৃহ সমষ্টি ৰূপহীহাটত আছে এই বিশেষ কাঠৰ দলং খন।

নগাঁও জিলাৰ বিখ্যাত ৰূপহীহাট দৈনিক বজাৰৰ পৰা প্ৰায় দুশ মিটাৰ নিলগত জৰাজীৰ্ণ অৱস্থাপ্ৰাপ্ত আছে এই কাঠৰ দলংখন।

ৰূপহীহাটৰ বহু কেইটা অঞ্চলৰ কেইবা সহস্ৰাধিক ৰাইজে নিতৌ অহা-যোৱা কৰাৰ পথত, সোণাই নদীৰ ওপৰত থকা অতি গুৰুত্বপূৰ্ণ কাঠৰ দলং এইখন।

বিগত বহু বছৰ ধৰি দলংখনৰ বিধ্বস্ত অৱস্থাৰ বাবে এতিয়া জীয়াতু ভুগিব লগীয়া হৈছে সোণাইৰ দুয়ো পাৰৰ অজস্ৰ ৰাইজে।

কোনো ৰেলিং নথকা কাঠৰ দলং খনত এতিয়া বৃহৎকায় ফাঁক। নিতৌ নিজৰ জীৱনটো হাতৰ মুঠিত লৈ জৰাজীৰ্ণ দলংখনৰে পাৰ হ’বলৈ বাধ্য হয় নিকটৱৰ্ত্তী কেইবাখনো বিদ্যালয় আৰু মাদ্ৰাছাৰ বহু সংখ্যক কণ-কণ ছাত্ৰ-ছাত্ৰী, কিশোৰ-কিশোৰী।

প্ৰায়ে সংঘটিত হয় সৰু-বৰ দুৰ্ঘটনাও, আঘাতপ্ৰাপ্ত হ’ব লগীয়া হয় শিশু-বৃদ্ধও। কিন্তু ইমানৰ পাছতো কোনো কাণসাৰ নাই সংশ্লিষ্ট বিভাগৰ তথা স্থানীয় জনপ্ৰতিনিধিৰ।

ৰাইজে বহু বছৰ ধৰি স্থানীয় বিধায়ক জনৰ ওচৰত আবেদন নিবেদন কৰিও আজি পৰ্য্যন্ত একো সুফল পোৱা নাই।

বিধায়ক নুৰুল হুদাই কেৱল মাত্ৰ আশ্বাস আৰু প্ৰতিশ্ৰুতিৰ বাহিৰে ৰাইজক কোনো ধৰণৰে সমস্যাটো সমাধানৰ চেষ্টা নকৰাৰ অভিযোগ উত্থাপন কৰিছে ৰাইজৰেএকাংশই।

মাত্ৰ এশ মিটাৰ দৈৰ্ঘ্যৰ অতি গুৰুত্বপূৰ্ণ জৰাজীৰ্ণ কাঠৰ দলং খন মেৰামতি অথবা পকীকৰণৰ বাবে হুদাই দেখুওৱা চূড়ান্ত অৱহেলাৰ বাবে এতিয়া বিধায়ক জনৰ বিৰুদ্ধে স্থানীয় ৰাইজে ক্ষোভ প্ৰকাশ কৰিছে।

ইপিনে,উপায়ন্তৰ হৈ নিজৰ গাঁঠিৰ ধন ভাঙি ৰাইজে কোনোমতে বাঁহৰে দলংখন আংশিক মেৰামতিৰ দিহা কৰিছে।

আনহাতে, এই জৰাজীৰ্ণ কাঠৰ দলং খনৰ বাবে বৃহত্তৰ অঞ্চলটোৰ ৰাইজে ভুগি অহা দুৰৱস্থাৰ বিষয়ে চৰকাৰে এবাৰ সুদৃষ্টি নিক্ষেপ কৰি শীঘ্ৰে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে কাবৌ-কাকতি কৰিছে ৰূপহীহাট তিনিআলিৰ ভুক্তভোগী ৰাইজে।

Recent News

WhatsApp Image 2021-01-22 at 8.06.27 AM

প্ৰচণ্ড বিস্ফোৰণত কঁপি উঠিল শিবমোগা; কমেও ৮জনৰ মৃত্যু, প্ৰধানমন্ত্ৰী মোদীৰ শোকপ্ৰকাশ

WhatsApp Image 2021-01-21 at 7.40.44 PM

ৰবীন্দ্ৰ ভৱনত পৰিৱেশিত হ’ল “মোক্ষ”: প্ৰয়াত পদ্মশ্ৰী সুনীল কোঠাৰীক সশ্ৰদ্ধ স্মৰণ

IMG-20210121-WA0007

২২ জানুৱাৰীত বন্ধ নহয় শিৱসাগৰ; বন্ধ উঠাই ল’লে সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদে

IMG-20210121-WA0033

উত্তৰ পূব কয়লা ক্ষেত্র পৰিদৰ্শন কৰি কেন্দ্র-ৰাজ্য চৰকাৰক সমালোচনা ভাৰতীয় মজদূৰ সংঘৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd