NORTHEAST NOW (Assamese)

দিলৱাৰ হুছেইন মজুমদাৰক মুক্তি দিয়ক : দাবী অসম নাগৰিক সমাজৰ

March 26, 2025 5:23 pm · এন ই নাও নিউজ, গুৱাহাটী

“ডিজিটেল সংবাদ মঞ্চ ‘ক্ৰছ কাৰেন্টে’ এপেক্স বেংক  কৰ্তৃপক্ষৰ বিৰুদ্ধে কেতবোৰ বিত্তীয় খেলি-মেলিৰ  অভিযোগ উত্থাপন কৰিছিল। সেই অভিযোগবোৰক কেন্দ্ৰ কৰিয়ে ২৫ মাৰ্চৰ দিনা এপেক্স বেংকৰ সন্মুখত অসম জাতীয় পৰিষদৰ ভ্ৰাতৃপ্ৰতীম সংগঠন জাতীয় যুৱ শক্তিয়ে এটা প্ৰতিবাদৰ আয়োজন কৰিছিল। এই প্ৰতিবাদ সম্পৰ্কে বেংকৰ পৰিচালন সঞ্চালকৰ  অভিমত লবলৈ যাওঁতে ‘ক্ৰছ কাৰেন্টৰ সাংবাদিক দিলৱাৰ হুছেইন মজুমদাৰক পৰিচালন সঞ্চালকে দুৰ্ব‍্যৱহাৰ কৰে আৰু পুলিচ মাতি আনি তেওঁক পাণ বজাৰ থানালৈ পঠিয়াই দিয়ে।” জ্যেষ্ঠ সাংবাদিক দিলৱাৰ হুছেইন মজুমদাৰক গ্ৰেপ্তাৰ কৰা সম্পৰ্কতে আজি অসম নাগৰিক সমাজে এক বিবৃতিযোগে এইদৰে কয়।

অসম নাগৰিক সমাজে লগতে কয় যে, “পুলিচে দিলৱাৰ হুছেইনক  কেইবা ঘন্টাও  থানাত বহুৱাই থৈ অৱশেষত  গ্ৰেপ্তাৰ কৰে। এজন সাংবাদিকে বাতৰি পৰিবেশন কৰিবলৈ যাওঁতে তেওঁক গ্ৰেপ্তাৰ কৰাটো কেনে কথা? আমি ক’ত বাস কৰিছোঁ? অসমত আইনৰ শাসনৰ অৱশিষ্টখিনিও নোহোৱা হ’ল নেকি ? কাৰ নিৰ্দেশত পুলিচ প্ৰশাসনে এনে ব‍্যৱহাৰ কৰিছে? ই কেৱল সাংবাদিকৰ স্বাধীনতাৰ কথাই নহয়, ই আমাৰ সকলোৰে ব‍্যক্তি-স্বাধীনতা আৰু মানৱাধিকাৰৰ প্ৰশ্ন।”

ইয়াৰ লগতে অসম নাগৰিক সামাজৰ হৈ অজিত কুমাৰ ভূঞা আৰু পৰেশ মালাকাৰে কয় যে অসম নাগৰিক সমাজৰ হৈ আমি ইয়াৰ তীব্ৰ বিৰোধিতা কৰোঁ আৰু কোনো বিলম্ব নকৰাকৈ বিনাচৰ্তে দিলৱাৰ হুছেইন মজুমদাৰক মুকলি কৰি দিবলৈ চৰকাৰৰ ওচৰত দাবী জনাওঁ।

Related News