• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 2, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

প্ৰেমিকাৰ সৈতে এফবিআইৰ চৰকাৰী বিমানত বিলাসী যাত্ৰা, তীব্ৰ বিতৰ্কৰ আৱৰ্তত সঞ্চালক কাচ পেটেল

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 17, 2026 9:27 am
47
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এফবিআইৰ সঞ্চালক কাচ পেটেল বৰ্তমান এক ডাঙৰ বিতৰ্কৰ মাজত সোমাই পৰিছে। তেওঁ চৰকাৰী কামৰ দোহাই দি নিজৰ প্ৰেমিকাৰ সৈতে এক বিলাসী ভ্ৰমণ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে, যাৰ বাবে এফবিআইৰ চৰকাৰী সম্পদৰ অপব্যৱহাৰক লৈ নতুনকৈ প্ৰশ্ন উঠিছে। নিউয়ৰ্ক টাইমছৰ এক প্ৰতিবেদন অনুসৰি, ৪৬ বছৰীয়া এফবিআই সঞ্চালক পেটেলে তেওঁৰ ২৭ বছৰীয়া প্ৰেমিকা এলেক্সিছ উইলকিন্সৰ সৈতে এফবিআইৰ চৰকাৰী বিমানেৰে ৱাশ্বিংটনৰ পৰা ফিলাডেলফিয়ালৈ এক সংগীতানুষ্ঠান চাবলৈ গৈছিল। তেওঁলোকে সেই একে নিশাই আকৌ উভতিও আহিছিল।

প্ৰতিবেদনত দাবী কৰা হৈছে তেওঁলোকে এটা অতি বিলাসী ব্যক্তিগত চুইটত বহি জৰ্জ ষ্ট্ৰেইট আৰু ক্ৰীছ ষ্টেপেলটনৰ সংগীতানুষ্ঠান উপভোগ কৰিছিল, যাৰ মূল্য আছিল প্ৰায় ৩৫,০০০ ৰ পৰা ৫০,০০০ ডলাৰ। তেওঁলোকৰ বাবে এফবিআইৰ বিমান কৰ্মচাৰী আৰু সুৰক্ষা কৰ্মীসকলে নিশা ১১ বজালৈকে অপেক্ষা কৰিবলগীয়া হৈছিল, যাৰ বাবে চৰকাৰী ধনৰ পৰা তেওঁলোকক অতিৰিক্ত সময়ৰ বাবে দৰমহাও দিবলগীয়া হৈছিল। এই সন্দৰ্ভত পেটেলে নিজে কোনো মন্তব্য কৰা নাই যদিও এফবিআইৰ মুখপাত্ৰই জনাইছে যে পেটেলৰ প্ৰেমিকা এলেক্সিছ তাত থকা শিল্পীসকলৰ আমন্ত্ৰিত অতিথিহে আছিল।

Apply Now

কাচ পেটেলৰ বিৰুদ্ধে চৰকাৰী সম্পদ ব্যৱহাৰ কৰি এনে ধৰণৰ ভ্ৰমণ কৰাৰ অভিযোগ এয়াই প্ৰথম নহয়। ইয়াৰ পূৰ্বে হাৱাইৰ পাৰ্ল হাৰ্বাৰত থকা ইউএছএছ এৰিজোনা স্মাৰকৰ ওচৰত এক বিশেষ স্নৰ্কেল ভ্ৰমণক লৈও তেওঁ তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছিল। অৱশ্যে এফবিআইৰ মুখপাত্ৰ বেন উইলিয়ামছনে এই অভিযোগ নাকচ কৰি ছচিয়েল মিডিয়াত কয় যে একাংশ সংবাদ মাধ্যমে চৰকাৰী ভ্ৰমণক ভুলকৈ উপস্থাপন কৰিছে। তেওঁ স্পষ্ট কৰে যে ইণ্ডো-পেচিফিক কমাণ্ডৰ সেনা প্ৰধানৰ আমন্ত্ৰণ ৰক্ষা কৰিহে তেওঁ সামৰিক ঘাটিলৈ গৈছিল আৰু এয়া সম্পূৰ্ণ চৰকাৰী কাৰ্যসূচী আছিল।

ইয়াৰ উপৰিও পেটেলৰ ২০২৫ চনৰ জুলাই মাহৰ হাৱাই ভ্ৰমণক লৈও প্ৰশ্ন উঠিছে। এফবিআইৰ তৰফৰ পৰা কোৱা হৈছিল যে দেশৰ সুৰক্ষা আৰু অপৰাধ নিয়ন্ত্ৰণৰ সম্পৰ্কীয় বৈঠকৰ বাবেহে তেওঁ চৰকাৰীভাৱে তালৈ গৈছিল। কিন্তু সমালোচকসকলৰ মতে, দেশৰ সুৰক্ষাত গুৰুত্ব দিয়াৰ সলনি পেটেলে এনে ধৰণৰ বিতৰ্কিত কাম-কাজতহে ব্যস্ত থকা দেখা গৈছে। ইয়াৰ পূৰ্বে ইটালীৰ মিলন চহৰত অনুষ্ঠিত হোৱা শীতকালীন অলিম্পিকৰ সময়তো তেওঁক আমেৰিকাৰ হকী দলৰ সৈতে আনন্দ কৰা আৰু বিয়েৰ খোৱা দেখা গৈছিল, যদিও তেওঁ ইয়াক এক চাইবাৰ অপৰাধৰ তদন্তৰ অংশ বুলিহে অভিহিত কৰিছিল।

অৱশ্যে কাচ পেটেলে তেওঁৰ বিৰুদ্ধে উঠা সকলো অভিযোগ মিছা আৰু ৰাজনৈতিক উদ্দেশ্যপ্ৰণোদিত বুলি কৈ নিজৰ প্ৰতিৰক্ষা কৰিছে। তেওঁ স্পষ্ট কৰি দিছে যে তেওঁ নিজৰ ব্যক্তিগত ভ্ৰমণৰ খৰচ নিজৰ জেপৰ পৰা ভৰে আৰু প্ৰতিটো ভ্ৰমণৰ এক চৰকাৰী উদ্দেশ্য থাকে। তেওঁ চৰকাৰী সংবাদ মেলত কয় যে তেওঁ পূৰ্বৰ বিষয়াসকলতকৈ বহুত কম ছুটি লৈছে আৰু দেশৰ সুৰক্ষাৰ বাবে আটাইতকৈ প্ৰথম কাৰ্যালয়লৈ আহে আৰু আটাইতকৈ শেষতহে ওলাই যায়।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

হোৱাটছএপৰ ইউজাৰনেম ব্যৱস্থা বন্ধ কৰিবলৈ মেটাক নিৰ্দেশ চৰকাৰৰ, ৩ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

হোৱাটছএপৰ ইউজাৰনেম ব্যৱস্থা বন্ধ কৰিবলৈ মেটাক নিৰ্দেশ চৰকাৰৰ, ৩ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 1, 2026 9:26 pm
কৰ্পোৰেট পৃথিৱীৰ মানসিক চাপে মাতি আনিছে নেকি মৃত্যু? আন্তৰ্জাতিক শ্ৰম সংস্থাৰ এক উদ্বেগজনক প্ৰতিবেদন

কৰ্পোৰেট পৃথিৱীৰ মানসিক চাপে মাতি আনিছে নেকি মৃত্যু? আন্তৰ্জাতিক শ্ৰম সংস্থাৰ এক উদ্বেগজনক প্ৰতিবেদন

July 1, 2026 9:16 pm
তামিলনাডু চৰকাৰৰ পাঠ্যক্ৰম প্ৰস্তুতকৰণ সমিতি পুনৰ গঠন: ইছৰোৰ প্ৰাক্তন মুৰব্বী ময়িলস্বামী আন্নাডুৰাইক অধ্যক্ষৰ দায়িত্ব

তামিলনাডু চৰকাৰৰ পাঠ্যক্ৰম প্ৰস্তুতকৰণ সমিতি পুনৰ গঠন: ইছৰোৰ প্ৰাক্তন মুৰব্বী ময়িলস্বামী আন্নাডুৰাইক অধ্যক্ষৰ দায়িত্ব

July 1, 2026 8:58 pm
ভাৰতীয় ৰেলৱেত চাকৰিৰ ডাঙৰ সুযোগ  : নিযুক্তি পাব ৬ হাজাৰৰো অধিক প্ৰাৰ্থীয়ে

ভাৰতীয় ৰেলৱেত চাকৰিৰ ডাঙৰ সুযোগ : নিযুক্তি পাব ৬ হাজাৰৰো অধিক প্ৰাৰ্থীয়ে

July 1, 2026 8:55 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

হোৱাটছএপৰ ইউজাৰনেম ব্যৱস্থা বন্ধ কৰিবলৈ মেটাক নিৰ্দেশ চৰকাৰৰ, ৩ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

হোৱাটছএপৰ ইউজাৰনেম ব্যৱস্থা বন্ধ কৰিবলৈ মেটাক নিৰ্দেশ চৰকাৰৰ, ৩ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 1, 2026 9:26 pm
কৰ্পোৰেট পৃথিৱীৰ মানসিক চাপে মাতি আনিছে নেকি মৃত্যু? আন্তৰ্জাতিক শ্ৰম সংস্থাৰ এক উদ্বেগজনক প্ৰতিবেদন

কৰ্পোৰেট পৃথিৱীৰ মানসিক চাপে মাতি আনিছে নেকি মৃত্যু? আন্তৰ্জাতিক শ্ৰম সংস্থাৰ এক উদ্বেগজনক প্ৰতিবেদন

July 1, 2026 9:16 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd