• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 25, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে প্ৰতিবন্ধী আইন ২০১৬ ভংগ কৰাৰ অভিযোগ

Kalpa Saikia কল্পজ্যোতি শইকীয়া
গুৱাহাটী , February 1, 2020 8:48 pm

2 min read

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে প্ৰতিবন্ধী আইন ২০১৬ ভংগ কৰাৰ অভিযোগ
18.4k
VIEWS
Share on FacebookShare on Twitter

ৰাজ্য চৰকাৰৰ বিত্ত, স্বাস্থ্য আৰু গড়কপ্তানি বিভাগৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে উত্থাপিত হৈছে প্ৰতিবন্ধী আইন ২০১৬ ভংগ কৰাৰ গুৰুতৰ অভিযোগ। শণিবাৰে গুৱাহাটী প্ৰেছ ক্লাবত এক সংবাদমেল সম্বোধন কৰি এই অভিযোগ আনে প্ৰতিবন্ধী সুৰক্ষা সংস্থা অসমে।

সংস্থাৰ সাধাৰণ সম্পাদক নৃপেন মালাকাৰে কয় যে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজৰ স্বাস্থ্য বিভাগত নিযুক্তি দিয়াৰ ক্ষেত্ৰত প্ৰতিবন্ধী আইন ২০১৬ ভংগ কৰাৰ লগতে ৰাজ্যৰ অন্যান্য বিয়াগোম বিভাগসমূহেও এই আইন ভংগ কৰিছে।

তেওঁ সংবাদমেলত জনোৱা অনুসৰি প্ৰতিবন্ধী আইন মতে ৰাজ্যৰ সকলো বিভাগৰ নিযুক্তিতে ৪% প্ৰতিবন্ধীসকলৰ বাবে সংৰক্ষণ কৰিব লাগে। কিন্তু ৰাজ্য চৰকাৰৰ বিয়াগোম বিভাগসমূহে সেই নীতি উলংঘা কৰা বুলি সংবাদমেলত গুৰুতৰ অভিযোগ তোলে মালাকাৰে।

তেওঁ কয় ‘শেহতীয়াভাৱে যোৱা ২৩ জানুৱাৰীৰ দিনা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ স্বাস্থ্য বিভাগে কেইবাটাও বিজ্ঞাপনৰ দ্বাৰা ৰাজ্যৰ চিকিৎসা মহাবিদ্যালয়সমূহৰ ৪০৩ টা পদ পূৰণৰ বাবে বিজ্ঞাপন প্ৰকাশ কৰিলে। কিন্তু আশ্চৰ্য্যজনকভাৱে প্ৰতিবন্ধীসকলৰ বাবে কোনোধৰণৰ সংৰক্ষণৰ ব্যৱস্থা নকৰিলে।‘

তেওঁ কয় ‘প্ৰতাপী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আইনৰ সকলো কথা জানো বুলি দম্ভালি মাৰি ফুৰে। কিন্তু প্ৰতিবন্ধী আইনৰ ক্ষেত্ৰত তেওঁৰ জ্ঞান সীমিত সেই কথা বিজ্ঞাপনৰ দ্বাৰা আওপকীয়াকৈ প্ৰকাশ পাইছে। ৪০৩ টা পদত ৪ শতাংশ হিচাপত মুঠ ১৬ টা পদ প্ৰতিবন্ধীসকলৰ বাবে সংৰক্ষিত হ’ব লাগিছিল যদিও স্বাস্থ্য বিভাগে বিষয়টো এৰাই চলিলে।‘

আনহাতে, কিছুদিন পূৰ্বে প্ৰতিবন্ধীৰ সংৰক্ষণৰ বিষয় লৈ সংস্থাৰ সাধাৰণ সম্পাদকগৰাকী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হোৱা বুলি জানিবলৈ দি তেওঁ লগতে কয় ‘আমাৰ ৫৫৩/২০২০ লেখ আবেদনৰ ভিত্তিত কালি উচ্চ ন্যায়ালয়ে এক ৰায় প্ৰদান কৰে। য’ত স্পষ্টকৈ উল্লেখ আছে প্ৰতিবন্ধীসকলৰ বৰ্তমানো সকলো বিভাগৰ পদতে সংৰক্ষণ কৰাৰ ব্যৱস্থা আছে আৰু তেওঁলোকৰ এই পদসমূহত অধিকাৰ আছে। সেই অনুসৰি জলসিঞ্চন বিভাগৰ ৬৪৩ টা পদত প্ৰতিবন্ধীসকলে ২৬ টা পদ পাবলৈ সক্ষম হয়।‘

‘আদালতৰ ৰায়ে স্বাস্থ্য, শিক্ষাকে ধৰি ৰাজ্যৰ বিয়াগোম বিয়াগোম বিভাগসমূহে প্ৰতিবন্ধীসকলক বঞ্চনা আৰু প্ৰতাৰণা কৰি আহিছে, তাকেই প্ৰমাণ কৰিলে।‘ মালাকাৰে লগতে কয়।

Recent News

a cong

কোন বেছি সাম্প্ৰদায়িক—বিজেপি নে কংগ্ৰেছ? সংবাদমেলত অমিত শ্বাহক প্ৰশ্ন ৰিপুন বৰাৰ

India-China border in sikkim

ছিকিমৰ নাকু লা সীমান্তত সংঘৰ্ষত ভাৰতীয় সেনাৰ হাতত আহত ২০জন চীনা সৈন্য

navbharat-times

ডিজিটাল হ’ল ভোটাৰ কাৰ্ড: কিদৰে ডাউনলোড কৰিব E-EPIC ভোটাৰ কাৰ্ড? জানক প্ৰতিটো পদক্ষেপ

brazil-1

উৰিবলৈ লোৱাৰ সময়তে ৰাণৱেত দপদপাই জ্বলি উঠিল বিমান: খেলুৱৈসহ নিহত বহুজন

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd