• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে প্ৰতিবন্ধী আইন ২০১৬ ভংগ কৰাৰ অভিযোগ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
February 1, 2020 8:48 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্য চৰকাৰৰ বিত্ত, স্বাস্থ্য আৰু গড়কপ্তানি বিভাগৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে উত্থাপিত হৈছে প্ৰতিবন্ধী আইন ২০১৬ ভংগ কৰাৰ গুৰুতৰ অভিযোগ। শণিবাৰে গুৱাহাটী প্ৰেছ ক্লাবত এক সংবাদমেল সম্বোধন কৰি এই অভিযোগ আনে প্ৰতিবন্ধী সুৰক্ষা সংস্থা অসমে।

সংস্থাৰ সাধাৰণ সম্পাদক নৃপেন মালাকাৰে কয় যে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজৰ স্বাস্থ্য বিভাগত নিযুক্তি দিয়াৰ ক্ষেত্ৰত প্ৰতিবন্ধী আইন ২০১৬ ভংগ কৰাৰ লগতে ৰাজ্যৰ অন্যান্য বিয়াগোম বিভাগসমূহেও এই আইন ভংগ কৰিছে।

Apply Now

তেওঁ সংবাদমেলত জনোৱা অনুসৰি প্ৰতিবন্ধী আইন মতে ৰাজ্যৰ সকলো বিভাগৰ নিযুক্তিতে ৪% প্ৰতিবন্ধীসকলৰ বাবে সংৰক্ষণ কৰিব লাগে। কিন্তু ৰাজ্য চৰকাৰৰ বিয়াগোম বিভাগসমূহে সেই নীতি উলংঘা কৰা বুলি সংবাদমেলত গুৰুতৰ অভিযোগ তোলে মালাকাৰে।

তেওঁ কয় ‘শেহতীয়াভাৱে যোৱা ২৩ জানুৱাৰীৰ দিনা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ স্বাস্থ্য বিভাগে কেইবাটাও বিজ্ঞাপনৰ দ্বাৰা ৰাজ্যৰ চিকিৎসা মহাবিদ্যালয়সমূহৰ ৪০৩ টা পদ পূৰণৰ বাবে বিজ্ঞাপন প্ৰকাশ কৰিলে। কিন্তু আশ্চৰ্য্যজনকভাৱে প্ৰতিবন্ধীসকলৰ বাবে কোনোধৰণৰ সংৰক্ষণৰ ব্যৱস্থা নকৰিলে।‘

তেওঁ কয় ‘প্ৰতাপী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আইনৰ সকলো কথা জানো বুলি দম্ভালি মাৰি ফুৰে। কিন্তু প্ৰতিবন্ধী আইনৰ ক্ষেত্ৰত তেওঁৰ জ্ঞান সীমিত সেই কথা বিজ্ঞাপনৰ দ্বাৰা আওপকীয়াকৈ প্ৰকাশ পাইছে। ৪০৩ টা পদত ৪ শতাংশ হিচাপত মুঠ ১৬ টা পদ প্ৰতিবন্ধীসকলৰ বাবে সংৰক্ষিত হ’ব লাগিছিল যদিও স্বাস্থ্য বিভাগে বিষয়টো এৰাই চলিলে।‘

আনহাতে, কিছুদিন পূৰ্বে প্ৰতিবন্ধীৰ সংৰক্ষণৰ বিষয় লৈ সংস্থাৰ সাধাৰণ সম্পাদকগৰাকী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হোৱা বুলি জানিবলৈ দি তেওঁ লগতে কয় ‘আমাৰ ৫৫৩/২০২০ লেখ আবেদনৰ ভিত্তিত কালি উচ্চ ন্যায়ালয়ে এক ৰায় প্ৰদান কৰে। য’ত স্পষ্টকৈ উল্লেখ আছে প্ৰতিবন্ধীসকলৰ বৰ্তমানো সকলো বিভাগৰ পদতে সংৰক্ষণ কৰাৰ ব্যৱস্থা আছে আৰু তেওঁলোকৰ এই পদসমূহত অধিকাৰ আছে। সেই অনুসৰি জলসিঞ্চন বিভাগৰ ৬৪৩ টা পদত প্ৰতিবন্ধীসকলে ২৬ টা পদ পাবলৈ সক্ষম হয়।‘

‘আদালতৰ ৰায়ে স্বাস্থ্য, শিক্ষাকে ধৰি ৰাজ্যৰ বিয়াগোম বিয়াগোম বিভাগসমূহে প্ৰতিবন্ধীসকলক বঞ্চনা আৰু প্ৰতাৰণা কৰি আহিছে, তাকেই প্ৰমাণ কৰিলে।‘ মালাকাৰে লগতে কয়।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

সাৰ্বজনীন নামভৰ্তিৰ চমক, কিন্তু শ্ৰেণীকোঠাত শূন্যতা! নীতি আয়োগৰ প্ৰতিবেদনত ফাদিল চৰকাৰী শিক্ষা ব্যৱস্থাৰ ফোপোলা স্বৰূপ

সাৰ্বজনীন নামভৰ্তিৰ চমক, কিন্তু শ্ৰেণীকোঠাত শূন্যতা! নীতি আয়োগৰ প্ৰতিবেদনত ফাদিল চৰকাৰী শিক্ষা ব্যৱস্থাৰ ফোপোলা স্বৰূপ

June 14, 2026 6:05 pm
৯০ মিনিটত ১২ টা গ’ল: ৭ দশকৰ পাছতো অক্ষুণ্ণ বিশ্বকাপৰ ইতিহাসৰ আটাইতকৈ বিস্ফোৰক খেলৰ অভিলেখ এইবাৰ ভংগ হোৱাৰ সম্ভাৱনা কিমান?

৯০ মিনিটত ১২ টা গ’ল: ৭ দশকৰ পাছতো অক্ষুণ্ণ বিশ্বকাপৰ ইতিহাসৰ আটাইতকৈ বিস্ফোৰক খেলৰ অভিলেখ এইবাৰ ভংগ হোৱাৰ সম্ভাৱনা কিমান?

June 14, 2026 5:50 pm
আমাজন প্ৰাইমৰ ৰহস্যধৰ্মী ছিৰিজ ‘ৰাখ’ত অসমৰ অভিনেতা বাহাৰুল ইছলামৰ দুৰ্দান্ত অভিনয়   

আমাজন প্ৰাইমৰ ৰহস্যধৰ্মী ছিৰিজ ‘ৰাখ’ত অসমৰ অভিনেতা বাহাৰুল ইছলামৰ দুৰ্দান্ত অভিনয়  

June 14, 2026 5:30 pm
বিশ্বকাপৰ মঞ্চত ভাৰতীয় বংশোদ্ভৱ খেলুৱৈৰ চমক, তুৰস্কক হৰুৱাই অষ্ট্ৰেলিয়াৰ ঐতিহাসিক জয়

বিশ্বকাপৰ মঞ্চত ভাৰতীয় বংশোদ্ভৱ খেলুৱৈৰ চমক, তুৰস্কক হৰুৱাই অষ্ট্ৰেলিয়াৰ ঐতিহাসিক জয়

June 14, 2026 5:11 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সাৰ্বজনীন নামভৰ্তিৰ চমক, কিন্তু শ্ৰেণীকোঠাত শূন্যতা! নীতি আয়োগৰ প্ৰতিবেদনত ফাদিল চৰকাৰী শিক্ষা ব্যৱস্থাৰ ফোপোলা স্বৰূপ

সাৰ্বজনীন নামভৰ্তিৰ চমক, কিন্তু শ্ৰেণীকোঠাত শূন্যতা! নীতি আয়োগৰ প্ৰতিবেদনত ফাদিল চৰকাৰী শিক্ষা ব্যৱস্থাৰ ফোপোলা স্বৰূপ

June 14, 2026 6:05 pm
৯০ মিনিটত ১২ টা গ’ল: ৭ দশকৰ পাছতো অক্ষুণ্ণ বিশ্বকাপৰ ইতিহাসৰ আটাইতকৈ বিস্ফোৰক খেলৰ অভিলেখ এইবাৰ ভংগ হোৱাৰ সম্ভাৱনা কিমান?

৯০ মিনিটত ১২ টা গ’ল: ৭ দশকৰ পাছতো অক্ষুণ্ণ বিশ্বকাপৰ ইতিহাসৰ আটাইতকৈ বিস্ফোৰক খেলৰ অভিলেখ এইবাৰ ভংগ হোৱাৰ সম্ভাৱনা কিমান?

June 14, 2026 5:50 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd