• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বেদখলকাৰীৰ কব্জাত বিজেপিৰ “অট্টালিকা”; ১৭ আগষ্টত “ঘৰ” এৰিব আৰ পি শৰ্মাই

আৰ পি শৰ্মাৰ মতে বিজেপিত এতিয়া হিমন্ত-যুগ আৰম্ভ হৈছে

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
August 11, 2019 10:32 pm
RP-SharmaBJP
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পূৰ্বে দুৰ্নীতিপৰায়ণ আখ্যা দিয়া কংগ্ৰেছী নেতাকে এতিয়া বিজেপিয়ে আথে-বেথে দলৰ মজিয়াত ঠাই দিয়া দেখি দলটোৰ এগৰাকী নেত্ৰী মীৰা বৰঠাকুৰে নিজৰ হতাশা প্ৰকাশৰ পিছত একেই ক্ষোভ-হতাশা প্ৰকাশ কৰিছে দলটোৰ প্ৰাক্তন সাংসদ আৰ পি শৰ্মাই।

তেজপুৰ লোকসভা সমষ্টিৰ প্ৰাক্তন সাংসদ তথা পুৰণিচাম বিজেপিৰ এজন গুৰুত্বপূৰ্ণ নেতা ৰাম প্ৰসাদ শৰ্মাই হতাশ হৈ দলটো ত্যাগ কৰাৰো ‘চূড়ান্ত সিদ্ধান্ত’ লৈছে।

Apply Now

অহা ১৭ আগষ্টত তেওঁ দলটোৰ পৰা ওলাই অহাটো খাটাং, জনালে নৰ্থ-ইষ্ট নাওক।

শৰ্মাই যোৱা লোকসভা নিৰ্বাচনত এজন প্ৰাক্তন কংগ্ৰেছী তথা ন-বিজেপিৰ হাতত নিজৰ সমষ্টি এৰি দিব লগীয়া হৈছিল।

“এতিয়া জ্যেষ্ঠ বিজেপি নেতাই দলত পাত্তা নাপায়, এইবোৰত লাগি থাকি লাভ নাই। ১৭ আগষ্টত ফাইনেলি বিজেপি ত্যাগ কৰিম, একদম নাথাকো। আগতে পদত্যাগ কৰিছিলো যদিও কেন্দ্ৰই গ্ৰহণ নকৰিলে, এতিয়া আৰু থাকিব নোৱাৰো।” নৰ্থ-ইষ্ট নাওৰ আগত শৰ্মাৰ মন্তব্য।

মীৰা বৰঠাকুৰৰ দৰেই শৰ্মাৰ মতেও বিজেপিৰ এতিয়া কোনো “আদৰ্শ” নাই। তেওঁ ক’লে, তেওঁ এইবিলাক নেতাৰ লগত কাম কৰিব নোৱাৰে।

“আৰ এছ এছ-বিজেপি ৪০ বছৰ কৰিলো, এতিয়া এক ছেকেণ্ডো বিজেপিত থাকিব নোৱাৰো। এতিয়া বিজেপিৰে মোৰ কোনো মতলব নাই, যি য’ত যায় যাওক, যি কৰে কৰক”, যথেষ্ট ক্ষোভত কয় জ্যেষ্ঠ নেতাজনে।

তেওঁলোকে বহু কষ্ট কৰি গঢ় দিয়া বিজেপিক ‘বেদখলকাৰী’য়ে গ্ৰাস কৰা বুলিও দাবী কৰে শৰ্মাই।

‘আমি বহু শ্ৰম কৰি, অসম ঘূৰি ডাঙৰ অট্টালিকা বনাই দিলো, এতিয়া অবৈধ বেদখলকাৰীয়ে যদি আমি বনোৱা ঘৰটো লৈ লয় লওক। আমাৰ কোনো আপত্তি নাই। ভালকৈ কাম কৰক, আমি নতুন “ঘৰ” বিচাৰিম”, শৰ্মাৰ মন্তব্য।

অৱশ্যে, অহা ২০ আগষ্টত নতুন ঘৰৰ ঠিকনাটো ঘোষণা কৰিব বুলি শৰ্মাই কয় যদিও ‘নতুন ঘৰ’ৰ ঠিকনাটো প্ৰকাশ কৰাৰ পৰা বিৰত থাকিল।

আৰ পি শৰ্মাৰ মতে বিজেপিত এতিয়া হিমন্ত যুগ আৰম্ভ হৈছে।

“বিজেপি এতিয়া কংগ্ৰেছৰ মানুহে চলাই আছে। হিমন্ত-যুগ আৰম্ভ হৈছে দলটোত” হিমন্তক কটাক্ষ কৰি শৰ্মাৰ মন্তব্য।

 

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

হাউচফুল! ‘বুক মাই শ্ব’ত মাত্ৰ এঘণ্টাতে শেষ প্ৰধানমন্ত্ৰীৰ জনসভাৰ টিকট, ৱেটিং লিষ্টত আছে ৪২ হাজাৰ লোক!

হাউচফুল! ‘বুক মাই শ্ব’ত মাত্ৰ এঘণ্টাতে শেষ প্ৰধানমন্ত্ৰীৰ জনসভাৰ টিকট, ৱেটিং লিষ্টত আছে ৪২ হাজাৰ লোক!

September 8, 2026 8:23 pm
বিবাহবিচ্ছেদ হ’লে কন্যা সন্তানে লাভ কৰিব ‘পৰিয়াল পেঞ্চন’ : ত্ৰিপুৰা উচ্চ ন্যায়ালয়ৰ ঐতিহাসিক ৰায়

বিবাহবিচ্ছেদ হ’লে কন্যা সন্তানে লাভ কৰিব ‘পৰিয়াল পেঞ্চন’ : ত্ৰিপুৰা উচ্চ ন্যায়ালয়ৰ ঐতিহাসিক ৰায়

September 8, 2026 7:23 pm
“জেলৰ পৰা ওলাই আহি ছুগাৰ ডেডীকো হত্যা কৰিম!” সাংবাদিকৰ আগত ভাবুকি ঘাতক ৰামানুজ গোস্বামীৰ

“জেলৰ পৰা ওলাই আহি ছুগাৰ ডেডীকো হত্যা কৰিম!” সাংবাদিকৰ আগত ভাবুকি ঘাতক ৰামানুজ গোস্বামীৰ

September 8, 2026 6:32 pm
নগাঁও লোকসভা উপ-নিৰ্বাচনলৈ সাজু প্ৰশাসন ঃ ১৯.০৭ লাখ ভোটাৰৰ বাবে সাজু ১,৩৩৯টা ভোটকেন্দ্ৰ

নগাঁও লোকসভা উপ-নিৰ্বাচনলৈ সাজু প্ৰশাসন ঃ ১৯.০৭ লাখ ভোটাৰৰ বাবে সাজু ১,৩৩৯টা ভোটকেন্দ্ৰ

September 8, 2026 5:02 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

হাউচফুল! ‘বুক মাই শ্ব’ত মাত্ৰ এঘণ্টাতে শেষ প্ৰধানমন্ত্ৰীৰ জনসভাৰ টিকট, ৱেটিং লিষ্টত আছে ৪২ হাজাৰ লোক!

হাউচফুল! ‘বুক মাই শ্ব’ত মাত্ৰ এঘণ্টাতে শেষ প্ৰধানমন্ত্ৰীৰ জনসভাৰ টিকট, ৱেটিং লিষ্টত আছে ৪২ হাজাৰ লোক!

September 8, 2026 8:23 pm
বিবাহবিচ্ছেদ হ’লে কন্যা সন্তানে লাভ কৰিব ‘পৰিয়াল পেঞ্চন’ : ত্ৰিপুৰা উচ্চ ন্যায়ালয়ৰ ঐতিহাসিক ৰায়

বিবাহবিচ্ছেদ হ’লে কন্যা সন্তানে লাভ কৰিব ‘পৰিয়াল পেঞ্চন’ : ত্ৰিপুৰা উচ্চ ন্যায়ালয়ৰ ঐতিহাসিক ৰায়

September 8, 2026 7:23 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd