NORTHEAST NOW (Assamese)

দেৰগাঁও নগৰ দৈনিক বজাৰ ১৮ জুনৰ পৰা এসপ্তাহলৈ বন্ধ ঘোষণা প্ৰশাসনৰ

June 17, 2021 6:25 am · মীনাক্ষী ফুকন

গোলাঘাট জিলাৰ দেৰগাঁৱত ক’ভিড-১৯ৰ সংক্ৰমণ বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি অতিৰিক্ত জিলা দণ্ডাধীশ কুলদ্বীপ হাজৰিকাই চি আৰ পি চিৰ ১৪৪ ধাৰাৰ অধীনত কেতবোৰ নিষেধাজ্ঞা জাৰি কৰিছে।

সেই অনুসৰি দেৰগাঁও নগৰ দৈনিক বজাৰ (দেৰগাঁও চাৰিআলিৰ পৰা নাৰীকলগুৰিলৈকে) এসপ্তাহৰ বাবে বন্ধ ঘোষণা কৰা হৈছে।

অহা ১৮ জুনৰ পৰা ২৪ জুনলৈ এই নিৰ্দেশ কাৰ্যকৰী হৈ থাকিব।নিৰ্দেশ উলংঘা কৰা লোকৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব ।

আনহাতে ক’ভিড -১৯ৰ দ্ৰুত সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি জিলাখনৰ বোকাখাত মহকুমাৰ নুমলীগড় চাৰিআলিত থকা দৈনিক বজাৰ আৰু বোকাখাত দৈনিক বজাৰ প্ৰশাসনে এসপ্তাহৰ বাবে বন্ধ ঘোষণা কৰিছে। বুধবাৰৰে পৰা এই নিৰ্দেশ কাৰ্যকৰী হৈছে।

প্ৰশাসনে বাৰে বাৰে ক’ভিডৰ নিৰ্দেশনাসমূহ মানি চলিবলৈ আহ্বান জনোৱাৰ পাছতো একাংশ লোকে ক’ভিডৰ বিধি মানি নচলাৰ পৰিপ্ৰেক্ষিতত এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ।

Related News