নগাঁও অতিৰিক্ত জিলা সত্ৰ ন্যায়াধীশৰ আদালতে আজি দুবছৰ আগত সংঘটিত হোজাই জিলাৰ ভয়াবহ মোৰঝাৰ লায়েক উদ্দিন হত্যাকাণ্ডৰ ৰায়দান দিয়ে। আদালতে হত্যাকাণ্ডৰ লগত জড়িত তিনিজন লোকক সাক্ষ্য-প্ৰমাণৰ ভিত্তিত দোষী সাব্যস্ত কৰে।
২০১৬ চনৰ ১৩ মাৰ্চত হোজাই জিলাৰ মোৰাঝাৰ থানাৰ অন্তৰ্গত সাৱাজপুৰত এদল লোকে অতি পৰিকল্পিত ভাৱে চোকা অস্ত্ৰৰে হানি-খুচি হত্যা কৰিছিল মোৰাঝাৰৰ ক্ষুদ্ৰ ব্যৱসায়ী লায়েক উদ্দিনক৷
উল্লেখযোগ্য যে, মোৰাঝাৰৰ সাৱাজপুৰৰ বাসিন্ধা লায়েক উদ্দিনৰ হত্যাৰ পিছত ঘটনা সম্পৰ্কত মৃত লায়েক উদ্দিনৰ পিতৃ আব্দুল লতিফে মোৰাঝাৰ আৰক্ষী থানাত জালাল উদ্দিন, ছাদ্দাম হুছেইন, ইছলাম উদ্দিন, শ্বৰিফ উদ্দিন, নেছাৰুন নেছা, দিলৱাৰা বেগম আৰু আলী আচকৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছিল ৷ এজাহাৰৰ ভিত্তিত মোৰাঝাৰ থানাৰ আৰক্ষী বিষয়া অজিত টেৰনে হত্যাকাণ্ড সন্দৰ্ভত ৩৫/১৬ নম্বৰত ভাৰতীয় দণ্ডবিধি আইনৰ ১২০ (বি), ৩৮৭,৩০২,৩২৫ ধাৰাত গোচৰ পঞ্জীয়ণ কৰি তদন্ত আৰম্ভ কৰে ৷
আৰক্ষীৰ তদন্তৰ অন্তত আদালতত মোৰাঝাৰৰ আৰক্ষীয়ে সাতজন ব্যক্তিৰ বিৰুদ্ধে চাৰ্জশ্বীট দাখিল কৰে ৷ শংকৰদেৱ নগৰস্থিত অতিৰিক্ত জিলা সত্ৰ ন্যায়াধীশৰ আদালতত ৩৬/১৬ নম্বৰত গোচৰটোৰ শুনানি চলে ৷ শুনানি প্ৰক্ৰিয়াৰ অন্তত অতিৰিক্ত জিলা ও সত্ৰ ন্যায়াধীশ এন এচ দেউৰীৰ আদালতে ৰায়দান দিয়ে ৷
আদালতে হত্যাত অভিযুক্ত ছাদ্দাম হুছেইন, ইছলাম উদ্দিন, শ্বৰীফ উদ্দিনক দোষী সাব্যস্ত কৰে ৷ আদালতে ২৫ মাৰ্চত অভিযুক্তৰ শাস্তিৰ ৰায় ঘোষণা কৰিব ৷ আদালতত চৰকাৰী পক্ষ অৰ্থাৎ ভুক্ত ভোগীৰ হৈ লোক অধিবক্তা অমৰজ্যোতি শইকীয়া আৰু অভিযুক্ত সকলৰ হৈ ওকালতি কৰে ৰাজেশ কুমাৰ আগৰৱালাই ৷
আনহাতে, আদালতৰ ৰায়দানত সন্তুষ্টি প্ৰকাশ কৰে নিহত লায়েক উদ্দিনৰ উদ্দিনৰ পৰিয়ালৰ লগতে হোজাই জিলাৰ বিভিন্ন দল-সংগঠনে।