NORTHEAST NOW (Assamese)

ক্ৰীড়া বিশ্বত পুনৰ ভাৰতৰ জয়গান: ২০২৫ৰ মহিলা দবা বিশ্বকাপ খিতাপ জিনিলে দিব্যা দেশমুখে

July 28, 2025 7:54 pm · এন ই নাও নিউজ, গুৱাহাটী

জৰ্জিয়াৰ বাটুমিত বিগত তিনি সপ্তাহ ধৰি অনুষ্ঠিত হোৱা মহিলা দবা বিশ্বকাপত ভাৰতৰ যুৱ দবা খেলুৱৈ দিব্যা দেশমুখে মহিলা দবা বিশ্বকাপ ২০২৫ৰ খিতাপ জয় কৰি গৌৰৱ কঢ়িয়াই আনিছে। ১৯ বছৰীয়া দিব্যাই ফাইনেলত ভাৰতৰ কিংবদন্তি খেলুৱৈ কনেৰু হাম্পিক পৰাস্ত কৰি এই কৃতিত্ব অৰ্জন কৰে, আৰু বিশ্বকাপ জয় কৰা প্ৰথম ভাৰতীয় মহিলা দবা খেলুৱৈ হিচাপে পৰিগণিত হয়।

ইতিপূৰ্বে দিব্যাই বিশ্বকাপৰ ফাইনেলত প্ৰৱেশ কৰি প্ৰথম ভাৰতীয় মহিলা হিচাপে ইতিহাস গঢ়িছিল। তেওঁৰ পিছতে ভাৰতৰ প্ৰথম মহিলা গ্ৰেণ্ডমাষ্টাৰ কনেৰু হাম্পিয়েও ফাইনেলত প্ৰৱেশ কৰি এই খিতাপ যুঁজখনক বিশেষ কৰি তুলিছিল।

শনিবাৰে ফাইনেলৰ প্ৰথম খেলত দিব্যাই জয়ৰ সম্ভাৱনা দেখুৱাইছিল, কিন্তু কনেৰুৰ অভিজ্ঞতাৰ জোৰত খেলখন ড্ৰত শেষ হয়। দেওবাৰেও দুয়োজনৰ খেল ড্ৰ হোৱাত টাই-ব্ৰেকৰ সহায় ল’বলগীয়া হয়। অৱশেষত টাই-ব্ৰেকত জয়লাভ কৰি বিশ্বকাপ খিতাপ নিজৰ নামত কৰে দিব্যাই।

উল্লেখ্য যে এই জয়ৰ সৈতে দিব্যা দেশমুখ ভাৰতৰ চতুৰ্থ মহিলা গ্ৰেণ্ডমাষ্টাৰ হিচাপেও পৰিগণিত হয়। বিগত বছৰত তেওঁ জুনিয়ৰ বিশ্ব চেম্পিয়নৰ খিতাপ জয় কৰিছিল, আৰু এতিয়া ছিনিয়ৰ পৰ্যায়তো শ্ৰেষ্ঠত্বৰ স্বাক্ষৰ ৰাখিছে। ভাৰতৰ প্ৰথম মহিলা গ্ৰেণ্ডমাষ্টাৰ কনেৰু হাম্পিক পৰাস্ত কৰি এই কৃতিত্ব অৰ্জন কৰি দিব্যাই দেশক গৌৰৱান্বিত কৰিছে।

Related News