• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, June 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

‘উত্তৰ ভাৰতীয়সকলে কেৱল ফুচকা বিক্ৰী কৰে…’, তামিলনাডুৰ মন্ত্ৰীৰ মন্তব্যক লৈ তীব্ৰ বিতৰ্ক

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 5, 2026 3:02 pm
22
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

তামিলনাডুৰ কৃষি মন্ত্ৰী এম আৰ কে পানীৰচেলভামৰ শেহতীয়া মন্তব্যক লৈ পুনৰ তীব্রতৰ হৈছে দুই ভাষা বনাম তিনি ভাষাৰ বিতর্ক৷ উত্তৰ ভাৰতৰ প্ৰব্ৰজিত শ্ৰমিকৰ ওপৰত তেওঁৰ মন্তব্যই বিশেষকৈ ৰাজ্যখনৰ আগন্তুক বিধানসভা নিৰ্বাচনৰ পূৰ্বে ৰাজনৈতিকভাৱে স্পৰ্শকাতৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে।

তামিলনাডুৰ কৃষি মন্ত্ৰীগৰাকীয়ে কয় যে যিসকলে কেৱল ‘হিন্দী শিকিছে’ তেওঁলোকৰ কৰ্মসংস্থাপনৰ সুযোগ সীমিত, যাৰ বাবে তেওঁলোকে তামিলনাডুলৈ আহি সৰুসুৰা বা শ্ৰমভিত্তিক কাম কৰিবলৈ বাধ্য হৈছে। আনহাতে, তেওঁ দাবী কৰে যে তামিলনাডুৰ দ্বৈত ভাষা নীতি – তামিল আৰু ইংৰাজী – ৰাজ্যৰ ছাত্ৰ-ছাত্ৰীয়ে বিদেশত ভাল চাকৰি পোৱাৰ সুযোগ সৃষ্টি কৰিছে।

Apply Now

মন্ত্ৰীগৰাকীয়ে লগতে কয় যে বহু উত্তৰ ভাৰতীয় শ্ৰমিকে তামিলনাডুলৈ টেবুল চাফাই কৰ্মী, নিৰ্মাণ শ্ৰমিক বা ফুচকা বিক্ৰেতা হিচাপে কাম কৰিবলৈ আহে, কাৰণ তেওঁলোকৰ ভাষা দক্ষতা সীমিত।

তেওঁৰ মতে, ‘… উত্তৰ ভাৰতৰ বহু শ্ৰমিকে তামিলনাডুলৈ টেবুল চাফা কৰা, পানীপুৰী বিক্ৰেতা হিচাপে কাম কৰিবলৈ আহিছে কাৰণ তেওঁলোকে কেৱল হিন্দী শিকিছে।’ ইংৰাজী শিকাৰ বাবেই তামিলনাডুৰ ছাত্র-ছাত্রীসকলে আন্তর্জাতিক ক্ষেত্রত চাকৰিৰ সুযোগ পাইছে বিদেশত অধিক দৰমহা পোৱা কাম কৰি আছে বুলিও তেওঁ কয়৷

তামিলনাডুৰ মন্ত্ৰীগৰাকীৰ এই মন্তব্যক লৈ যেতিয়া বিতৰ্কৰ সৃষ্টি হয়, তেতিয়া শাসকীয় ডি এম কে-ই শীঘ্ৰে পৰিস্থিতি চম্ভালিবলৈ চেষ্টা কৰে। দলৰ মুখপাত্ৰ ডাঃ চৈয়দ হাফিজুল্লাই কয় যে সকলো বৈধ চাকৰিতে সন্মান আছে আৰু তামিলনাডুৰ জনসাধাৰণৰ হিন্দীভাষীসকলৰ প্ৰতি কোনো বিৰোধিতা নাই।

তেওঁৰ ভাষাত, “প্ৰতিটো বৈধ কামতে সন্মান থাকে… আমি ইয়াৰ বিৰোধী নহয়।” তেওঁ জোৰ দি কয় যে তামিলনাডুৰ “হিন্দী ভাষী বা তেওঁলোকৰ কামৰ প্ৰতি কোনো আপত্তি নাই।” তেওঁ লগতে কেন্দ্ৰৰ তিনিভাষাৰ নীতিক সমালোচনা কৰি তেওঁ কয় যে ইংৰাজী শিক্ষাই ৰাজ্যখনৰ উন্নয়ন আৰু বিশ্বমানৰ সুযোগ সৃষ্টিৰ ক্ষেত্ৰত উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰিছে।

তামিলনাডুত ভাষা সদায় আৱেগৰ বিষয় হৈ আহিছে। কেন্দ্ৰৰ তিনিভাষিক নীতি আৰু ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ বিৰুদ্ধে ৰাজ্য চৰকাৰে দীৰ্ঘদিন ধৰি আপত্তি কৰি আহিছে। ৰাজ্যৰ মতে এই নীতি হিন্দী জাপি দিয়াৰ প্ৰয়াস। ঐতিহাসিকভাৱে দক্ষিণ ভাৰতৰ ৰাজ্যসমূহে কেন্দ্ৰৰ ভাষা নীতিৰ প্ৰতি সতৰ্কতা অৱলম্বন কৰি আহিছে আৰু বিগত সময়ত এই বিষয়ত বৃহৎ আন্দোলন চলি আহিছে।

ইপিনে, কেন্দ্রই কয় যে কোনো ভাষা জাপি দিয়াৰ প্রশ্ন নাই আৰু নতুন শিক্ষা নীতি কেৱল ভাষিক ভাৰসাম্য গঢ়ি তোলাৰ লক্ষ্যৰে অনা হৈছে৷

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আজিৰ ৰাজনীতি হৈ পৰিছে “যাদুকৰী বাস্তৱতা”

আজিৰ ৰাজনীতি হৈ পৰিছে “যাদুকৰী বাস্তৱতা”

June 25, 2026 2:58 pm
ৰাষ্ট্ৰসংঘৰ প্ৰতিবেদন : বিশ্বৰ ৬৫ কোটিৰো অধিক লোকৰ ঘৰত আজিও নাই বিজুলী সংযোগ

ৰাষ্ট্ৰসংঘৰ প্ৰতিবেদন : বিশ্বৰ ৬৫ কোটিৰো অধিক লোকৰ ঘৰত আজিও নাই বিজুলী সংযোগ

June 25, 2026 2:28 pm
বাৰিষাৰ প্ৰথমটো বানৰ সংহাৰ : ২০ হাজাৰৰো অধিক লোক আক্ৰান্ত, ৰাজ্যত হাই এলাৰ্ট জাৰি

বাৰিষাৰ প্ৰথমটো বানৰ সংহাৰ : ২০ হাজাৰৰো অধিক লোক আক্ৰান্ত, ৰাজ্যত হাই এলাৰ্ট জাৰি

June 25, 2026 1:05 pm
গাজাত ধ্বংস হৈছে শৈশৱ! যুদ্ধত প্ৰাণ গ’ল ২০ হাজাৰৰো অধিক শিশুৰ, ৰাষ্ট্ৰসংঘৰ প্ৰতিবেদনৰ পাছতে জৰুৰী হস্তক্ষেপ বিচাৰিলে পেলেষ্টাইনে

গাজাত ধ্বংস হৈছে শৈশৱ! যুদ্ধত প্ৰাণ গ’ল ২০ হাজাৰৰো অধিক শিশুৰ, ৰাষ্ট্ৰসংঘৰ প্ৰতিবেদনৰ পাছতে জৰুৰী হস্তক্ষেপ বিচাৰিলে পেলেষ্টাইনে

June 25, 2026 12:53 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আজিৰ ৰাজনীতি হৈ পৰিছে “যাদুকৰী বাস্তৱতা”

আজিৰ ৰাজনীতি হৈ পৰিছে “যাদুকৰী বাস্তৱতা”

June 25, 2026 2:58 pm
ৰাষ্ট্ৰসংঘৰ প্ৰতিবেদন : বিশ্বৰ ৬৫ কোটিৰো অধিক লোকৰ ঘৰত আজিও নাই বিজুলী সংযোগ

ৰাষ্ট্ৰসংঘৰ প্ৰতিবেদন : বিশ্বৰ ৬৫ কোটিৰো অধিক লোকৰ ঘৰত আজিও নাই বিজুলী সংযোগ

June 25, 2026 2:28 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd