NORTHEAST NOW (Assamese)

আপোনাৰো আছে নেকি থাইৰইডৰ সমস্যা? কেনেদৰে যত্ন ল’ব জানো আহক

April 4, 2025 7:06 am · এন ই নাও নিউজ, গুৱাহাটী
Updated: April 3, 2025 9:10 pm

আজিকালি শিশুৰ পৰা বয়সস্থলৈকে প্ৰায় সকলো বয়সৰে লোকৰ থাইৰইডৰ সমস্যা হোৱা দেখা যায়। জীৱন শৈলীৰ পৰিবৰ্তন, খাদ্যাভাস, চিকিৎসা আদিৰ দ্বাৰা এই সমস্যা নিৰ্মূল কৰিব পাৰি।

সেয়েহে আপোনালোকৰ বাবে লৈ আহিছোঁ থাইৰইডৰ সমস্যা হ’লে নিজৰ যত্ন ল’বৰ বাবে কিছু প্ৰয়োজনীয় নিদান –

১. থাইৰইডৰ সমস্যা (হাইপথাইৰইডিজম বা হাইপাৰথাইৰইডিজম)ৰ ধৰণ অনুসৰি ডাক্তৰে ঔষধ, ডোজ আৰু পৰীক্ষাৰ পৰামৰ্শ দিয়ে। চিকিৎসকৰ পৰামৰ্শ লৈ নিয়মিত TSH, T3, T4 পৰীক্ষা কৰি ঔষধৰ মাত্ৰা ঠিক কৰক।

২.  আয়ডিনযুক্ত খাদ্য (যেনে- সামুদ্ৰিক মাছ, দৈ) গ্ৰহণ কৰক, কিন্তু অত্যধিক নহয়।

৩. হাইপথাইৰইডিজম হলে সেউজীয়া শাক-পাচলি কমকৈ খাওক, কাৰণ ইয়াত গইট্ৰজেন থাকে যিয়ে থাইৰইডৰ কাৰ্যক্ষমতা কমাব পাৰে।

৪. হাইপাৰথাইৰইডিজম হলে কেফেইন আৰু চেনী কমকৈ খাওক।

৫. ঔষধ প্ৰতিদিন একে সময়ত চিকিৎসকে দিয়া ঔষধ খাওক।

৬. যোগাসন, ধ্যান বা লঘু ব্যায়ামেৰে মানসিক চাপ কমাওক, কাৰণ মানসিক চাপে থাইৰইডৰ সমস্যা বৃদ্ধি কৰিব পাৰে।

৭. ৭-৮ ঘণ্টা টোপনি মৰাতো অতি জৰুৰী। কাৰণ শৰীৰৰ হৰমনৰ ভাৰসাম্য ৰক্ষাত ই সহায় কৰে।

৮. ধূমপান আৰু মদ্যপান এৰক। কাৰণ এইবোৰে থাইৰইডৰ কাৰ্যক্ষমতাত বাধা দিব পাৰে।

৯. থাইৰইডৰ মাত্ৰা নিয়মিত পৰীক্ষা কৰি ডাক্তৰৰ সৈতে আলোচনা কৰক, যাতে সমস্যা বৃদ্ধি নহয়।

প্ৰত্যেকৰ শৰীৰৰ অৱস্থা ভিন্ন হব পাৰে, গতিকে নিজৰ লক্ষণ আৰু ডাক্তৰৰ পৰামৰ্শৰ ওপৰত ভিত্তি কৰি যত্ন লোৱাটো ভাল।

Related News