• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 3, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কিয় চৰ্চালৈ আহিছে উত্তৰপ্ৰদেশৰ চিকিৎসক কাফিল খান?

প্ৰদ্যুন্ম গগৈ by প্ৰদ্যুন্ম গগৈ
November 14, 2021 4:02 pm
265
VIEWS
Share on FacebookShare on Twitter

উত্তৰপ্ৰদেশত বৰ্তমান নিৰ্বাচনমুখৰ পৰিৱেশ। তেনে পৰিস্থিতিত পুনৰ বাতৰিৰ শিৰোনামালৈ আহিছে চিকিৎসক কাফিল খান। উত্তৰপ্ৰদেশৰ বিআৰডি চিকিৎসালয়ৰ শিশুৰোগ বিশেষজ্ঞ ডা: কাফিল খানক যোৱা ১০ নৱেম্বৰত বৰ্খাস্ত কৰিছে যোগী চৰকাৰে। টুইটাৰত ইয়াৰ তীব্ৰ প্ৰতিবাদ কৰিছে চিকিৎসকজনে। প্ৰতিবাদ কৰিছে কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীয়েও। কিন্তু কিয় ইমান চৰ্চিত চিকিৎসকজন? ইয়াৰ পটভূমি কি?

গোৰখপুৰ বাবা ৰাঘৱদাস হাস্পতাল চমুকৈ বিআৰডি হাস্পতালক উত্তৰপ্ৰদেশৰ এখন আগশাৰীৰ চৰকাৰী হাস্পতাল বুলি গণ্য কৰা হয়। হাস্পতালখন আছে যোগী আদিত্যনাথৰ নিজা সমষ্টিতে।

২০১৭ চনৰ ১০ আৰু ১১ আগষ্টত সংঘটিত হৈছিল দেশ কঁপাই যোৱা এক ভয়াৱহ ঘটনা। বিআৰডি হাস্পতালত ৪৮ ঘণ্টাৰ ভিতৰতে মৃত্যু হৈছিল ৬৩ টাকৈ শিশুৰ। পৰ্যাপ্ত অক্সিজেনৰ অভাৱত সংঘটিত হৈছিল এই দুৰ্ভাগ্যজনক ঘটনাটো। দীৰ্ঘদিন ধৰি চৰকাৰে চিকিৎসালয়খনক অক্সিজেন ক্ৰয়ৰ বাবে টকা আগবঢ়োৱা নাছিল।

শেষত অক্সিজেন যোগান ধৰোতাসকলে চিকিৎসালয়খনক অক্সিজেন সৰবৰাহ বন্ধ কৰি দিছিল। হাস্পতাল কৰ্তৃপক্ষই স্বাস্থ্য বিভাগক এই বিষয়ে বাৰম্বাৰ অৱগত কৰি আহিছিল। কিন্তু সেই সময়ত নতুনকৈ ক্ষমতাত অধিষ্ঠিত হোৱা যোগী চৰকাৰে এই বিষয়ে কোনো পদক্ষেপ লোৱা নাছিল।

চিকিৎসালয়খনৰ শিশুৰোগ বিশেষজ্ঞৰ দায়িত্বত আছিল ডাঃ কাফিল খান। ঘটনাটো সংঘটিত হোৱাৰ সময়ত কাফিল খান ছুটিত আছিল। কিন্তু সংকটজনক পৰিস্থিতিৰ খবৰ পায় ছুটি সামৰি ততাতৈয়াকৈ কাফিল খানে হাস্পতালত উপস্থিত হৈছিল। হাস্পতালত অক্সিজেন চিলিণ্ডাৰ নাই।

ইফালে মৃত্যুৰ মুখলৈ আগবাঢ়িছে কেইবাটাও শিশু। আনহাতে, চৰকাৰৰো কোনো কাণসাৰ নাই। তেনে পৰিস্থিতিত কি কৰিব কাফিল খানে? নিজৰ টকাৰেই তেওঁ অক্সিজেন চিলিণ্ডাৰ ক্ৰয় কৰি শিশুসকলক প্ৰাণৰক্ষা কৰিবলৈ চেষ্টা কৰে। কিন্তু তেতিয়ালৈ বহুত পলম হৈ গৈছিল। কাকো বচাব পৰা নগ’ল।

১৩ আগষ্টত মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে হাস্পতালখন পৰিদৰ্শন কৰে। সেইদিনা হাস্পতালখনলৈ অক্সিজেনো পুনৰ যোগান ধৰা হয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সমগ্ৰ ঘটনাটোক প্ৰাকৃতিক বিপৰ্যয় বুলি অভিহিত কৰে। বিজেপি সভাপতি অমিত শ্বাহে কয় যে কংগ্ৰেছৰ দিনতো এনেধৰণৰ ঘটনা সংঘটিত হৈছিল।

কিন্তু যোগী চৰকাৰে হাস্পতালখনত অক্সিজেন অভাৱৰ কথা অস্বীকাৰ কৰে। চৰকাৰৰ তৰফৰ পৰা কোৱা হয় যে অক্সিজেনৰ অভাৱৰ ফলত কোনো শিশুৰ মৃত্যু হোৱা নাই। সেয়ে হাস্পতালখনত কৰ্তব্যৰত সকলো চিকিৎসক আৰু স্বাস্থ্যকৰ্মীক নিলম্বন কৰি তদন্তৰ নিৰ্দেশ দিয়ে যোগী আদিত্যনাথে। এই ক্ষেত্ৰত বিশেষভাৱে লক্ষ্য কৰি লোৱা হয় ডা: কাফিল খানক। কাফিল খানৰ ওপৰত কৰ্তব্যৰ প্ৰতি গাফিলতাকে ধৰি কেইবাটাও অভিযোগত সাঙুৰে যোগী চৰকাৰে।

তাৰ পিছতে ১৩ আগষ্টত তেওঁক নিলম্বন কৰা হয়। তেওঁৰ ওপৰত আৰোপ কৰা হয় ভাৰতীয় দণ্ডবিধি আইনৰ কেইবাটাও ধাৰা। ২ ছেপ্তেম্বৰত তেওঁক জামিনবিহীন গোচৰত গ্ৰেপ্তাৰ কৰা হয়। কেৱল ইছলাম ধৰ্মাৱলম্বী হোৱাৰ বাবেই যোগীয়ে কাফিল খানক বলিৰ পঠা সজোৱা হয় বুলি অভিযোগ উত্থাপিত হয়।

পাছত বিচাৰ প্ৰক্ৰিয়াত কাফিল খানৰ বিৰুদ্ধে কোনোধৰণৰ প্ৰমাণ পোৱা নগ’ল। খানে দাবী কৰে যে প্ৰশাসনিক দুৰ্নীতিক আঁৰ কৰিবলৈকে যোগী চৰকাৰে তেওঁক ঢাল হিচাপে ব্যৱহাৰ কৰিছে। পাছত হাস্পতালখনৰ প্ৰশাসনিক কৰ্তৃপক্ষক দিয়া এখন আৰটিআই যোগেও ধৰা পৰে যে ২০১৮ চনৰ ১১ আগষ্টত হাস্পতালখনত অক্সিজেন চিলিণ্ডাৰৰ নাটনি হৈছিল।

তদুপৰি তাত এইটোও প্ৰমাণ হয় যে কাফিল খানে নিজাকৈয়ে অক্সিজেন চিলিণ্ডাৰ যোগান ধৰিছিল। শেষত ২০১৮ চনৰ ২৫ এপ্ৰিলত কাফিল খান ৯ মাহৰ অন্তত কাৰাগাৰৰ পৰা মুকলি হয়। এলাহাবাদ উচ্চ ন্যায়ালয়ে কয় যে খানৰ কৰ্তব্যৰ প্ৰতি গাফিলতাৰ কোনো প্ৰমাণ নাই। কাৰাগাৰৰ পৰা ওলায়েই যোগী চৰকাৰৰ বিৰুদ্ধে মুখৰ হৈ পৰে চিকিৎসক কাফিল খান। শিশুৰ মৃত্যুৰ কাণ্ডটোক তেওঁ এক নৰসংহাৰ বুলি অভিহিত কৰে।

২০১৯ চনৰ ২৭ চেপ্টেম্বৰত তেওঁৰ ওপৰত আৰোপিত সকলো অভিযোগৰ পৰা মুক্তি দিয়া হয়। বিভাগীয় অনুসন্ধানৰ প্ৰতিবেদনত কোৱা হয় যে খানৰ ওপৰত আৰোপিত অভিযোগসমূহ পৰ্যাপ্ত নহয়। কাৰাগাৰত থকাৰ সময়ছোৱাত কাফিল খানৰ পৰিয়ালেও ব্যাপক হাৰাশাস্তিৰ সন্মুখীন হয়। ২০১৮ চনৰ ১০ জুনত খানৰ ভাতৃ কাছিফ জামিললৈ কোনো দুষ্কৃতিকাৰীয়ে গুলিবৰ্ষণ কৰে। কিন্তু গুলিবৰ্ষণটোৰ পৰা তেওঁ সাৰি আহিবলৈ সক্ষম হয়।

প্ৰকৃততেই এজন মানৱদৰদী চিকিৎসক ডাঃ কাফিল খান। কাৰাগাৰৰ পৰা ওলায়েই তেওঁ ২০১৮ চনৰ মাৰ্চ মাহত কেৰালালৈ যায়। উক্ত সময়ছোৱাত কেৰালাত নিপাহ ভাইৰাছৰ প্ৰাদুৰ্ভাৱ হৈছিল। মুখ্যমন্ত্ৰী পিনাৰায়ী বিজয়নৰ আমন্ত্ৰণমৰ্মে তেওঁ তাত চিকিৎসা সেৱা আগবঢ়ায়। কেৱল চিকিৎসা সেৱাই নহয়, চৰকাৰৰ নীতিবিৰোধী বিভিন্ন প্ৰতিবাদতো চামিল হৈ পৰে কাফিল খান। ২০১৯ চনৰ ১৩ ডিচেম্বৰত মুম্বাইৰ পৰা উত্তৰ প্ৰদেশ আৰক্ষীয়ে তেওঁক পুনৰ গ্ৰেপ্তাৰ কৰে।

তেওঁৰ ওপৰত ৰাষ্ট্ৰীয় সুৰক্ষা আইন ১৯৮০ আৰোপ কৰা হয়। ইয়াৰ কাৰণ হৈছে উক্ত সময়ছোৱাত দেশজুৰি চলি থকা কা বিৰোধী আন্দোলনত তেওঁ জঁপিয়াই পৰিছিল। ইয়াৰ অংশস্বৰূপে আলিগড় মুছলিম বিশ্ববিদ্যালয়ত তেওঁ এক বক্তৃতাও প্ৰদান কৰিছিল। মৰ্মস্পৰ্শী বক্তৃতাটোত তেওঁ ভাৰতৰ সংবিধানে প্ৰদান কৰা অধিকাৰসমূহৰ বিষয়ে উল্লেখ কৰে।

২০২০ চনৰ ১ ছেপ্তেম্বৰত এলাহাবাদ উচ্চ ন্যায়ালয়ে তেওঁৰ ওপৰত আৰোপিত দেশদ্ৰোহিতাৰ সকলো অভিযোগ খাৰিজ কৰে।
প্ৰকৃততে এইসমূহ কাৰণতে হিন্দুত্ববাদী যোগী চৰকাৰৰ চকুৰ কূটা দাঁতৰ শাল হৈ পৰিছে ডাঃ কাফিল খান। বৃহস্পতিবাৰে তেওঁক বিআৰডি হাস্পতালৰ পৰা বৰ্খাস্ত কৰে যোগী চৰকাৰে। ইয়াৰ প্ৰতিবাদত কাফিল খানে এক টুইট কৰিছে। টুইটটোত তেওঁ এটা ভিডিঅ’ৰ স’তে লিখিছে যে যোগী চৰকাৰৰ এই সিদ্ধান্তৰ বিৰুদ্ধে তেওঁ আদালতলৈ যাব। তদুপৰি তেওঁ মৃত শিশুবিলাকৰ অভিভাৱকসকলে ন্যায় নোপোৱা বিষয়টোও উল্লেখ কৰে।

কিন্তু উত্তৰপ্ৰদেশ বিধানসভা নিৰ্বাচন চমু চাপি অহাৰ সময়তে কিয় কাফিল খানৰ ওপৰত এনেধৰণে ব্যৱস্থা লৈছে যোগী চৰকাৰে? আদালতে তেওঁক দোষমুক্ত কৰাৰ পাছতো কেৱল সাম্প্ৰদায়িক কাৰণতে এই ব্যৱস্থা লোৱা হৈছে নেকি? উত্তৰপ্ৰদেশৰ উন্নয়নত ব্যৰ্থ হৈছে নেকি যোগী চৰকাৰ?

ফলত হিন্দু-মুছলমানৰ বিভাজনে কামত নিদিয়া হৈছে নেকি বিজেপি চৰকাৰৰ? যাৰ ফলশ্ৰুতিত এজন চিকিৎসকক লৈ পুনৰ ব্যস্ত হৈ পৰিছে চৰকাৰ। এইসমূহলৈ লক্ষ্য ৰাখি সমগ্ৰ বিষয়টো লক্ষ্যণীয় হৈ পৰিছে। কেতিয়া ন্যায় পাব চিকিৎসক কাফিল খান আৰু মৃত শিশুসকলৰ অভিভাৱকসকলে?

Recent News

বন আইন উলংঘাঃ বন বিভাগৰ শীৰ্ষ বিষয়া এম কে যাদৱৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ কেন্দ্ৰৰ

বন আইন উলংঘাঃ বন বিভাগৰ শীৰ্ষ বিষয়া এম কে যাদৱৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ কেন্দ্ৰৰ

চৰ্দি হৈছে নে চাইনাছ হৈছে কেনেকৈ জানিব? যদি আপুনি কোনো লক্ষণ লক্ষ্য কৰে, তেন্তে আপুনি সাৱধান হোৱা উচিত?

চৰ্দি হৈছে নে চাইনাছ হৈছে কেনেকৈ জানিব? যদি আপুনি কোনো লক্ষণ লক্ষ্য কৰে, তেন্তে আপুনি সাৱধান হোৱা উচিত?

গৰুখুটি বহুমুখী কৃষি প্ৰকল্পৰ গীৰ গাই প্ৰসংগত চিপিআই(এম)ৰ সংবাদমেল

গৰুখুটি বহুমুখী কৃষি প্ৰকল্পৰ গীৰ গাই প্ৰসংগত চিপিআই(এম)ৰ সংবাদমেল

অসমলৈ অসুস্থ গীৰ গাই অনাৰ বাবে জগৰীয়া কোন? গৰুখুঁটি প্ৰকল্পৰ কেলেংকাৰীৰ চিবিআই তদন্ত বিচাৰিলে কংগ্ৰেছে

অসমলৈ অসুস্থ গীৰ গাই অনাৰ বাবে জগৰীয়া কোন? গৰুখুঁটি প্ৰকল্পৰ কেলেংকাৰীৰ চিবিআই তদন্ত বিচাৰিলে কংগ্ৰেছে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd