• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

৩০ লাখ টকাত নিট পৰীক্ষাৰ প্ৰশ্নকাকত বিক্ৰী কৰিছিল চিকিৎসকেঃ অভিযুক্ত ভাতৃদ্বয়ক গ্ৰেপ্তাৰ

by
May 13, 2026 2:59 pm
224
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নিট পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল হোৱা ঘটনাৰ তদন্তত নিতৌ ন ন তথ্য পোহৰলৈ আহিছে। ৰাজস্থানৰ জামৱা ৰামগড়ৰ দুজন ভাতৃ মাংগিলাল আৰু দীনেশ বিৱালক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। জানিব পৰা মতে, পৰীক্ষাৰ এসপ্তাহ পূৰ্বে অৰ্থাৎ ২৬ এপ্ৰিলত তেওঁলোকে গুৰুগ্ৰামৰ এজন চিকিৎসকৰ পৰা ৩০ লাখ টকাৰ বিনিময়ত এইবাৰৰ নিট পৰীক্ষাৰ প্ৰশ্নকাকতখন ক্ৰয় কৰিছিল।

ভাতৃদ্বয়ৰ এজনে ছিকাৰত চিকিৎসা বিজ্ঞানৰ প্ৰৱেশ পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই থকা তেওঁৰ পুত্ৰলৈ প্ৰশ্নকাকতখন প্ৰেৰণ কৰাৰ পাছত ২৯ এপ্ৰিলত তেওঁলোকে আন কেইবাজনো লোকক এই কাকতখন বিক্ৰী কৰে। জয়পুৰৰ জামৱা ৰামগড়ৰ পৰা প্ৰায় আঢ়ৈ ঘণ্টাৰ দূৰত্বত থকা ছিকাৰ চহৰ এতিয়া এই প্ৰশ্নকাকত ফাদিল চক্ৰৰ মূল কেন্দ্ৰবিন্দু হৈ পৰিছে।

Apply Now

আৰক্ষীৰ মতে, জামৱা ৰামগড়ৰ পৰা ছিকাৰৰ ৰাকেশ কুমাৰ মন্দাৱৰিয়া নামৰ এজন এম বি বি এছ কাউঞ্চেলিং এজেণ্টক প্ৰশ্নকাকতখন বিক্ৰী কৰা হৈছিল। তাৰ পিছত ৰাকেশে এই কাকতখন ৩০ হাজাৰ টকাত কেৰালাত এম বি বি এছ পঢ়ি থকা ছিকাৰৰ এজন ছাত্ৰক বিক্ৰী কৰে। পৰীক্ষাৰ এদিন আগতে সেই ছাত্ৰজনে ছিকাৰত পেয়িং গেষ্ট চলোৱা তেওঁৰ দেউতাকলৈ এখন মেছেজ দি প্ৰশ্নকাকতখন পঠিয়াই দিছিল আৰু দেউতাকে সেয়া হোষ্টেলৰ ছাত্ৰীসকলৰ মাজত বিতৰণ কৰিছিল।

এই সমগ্ৰ ঘটনাত গুৰুগ্ৰামৰ চিকিৎসকজনৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে। সূত্ৰৰ পৰা জানিব পৰা মতে, নাছিকৰ ছপাশালৰ পৰা প্ৰশ্নকাকত ফাদিল হৈ এক বৃহৎ চক্ৰৰ জৰিয়তে গুৰুগ্ৰামৰ চিকিৎসকজনৰ হাতত পৰিছিল। ইয়াৰ পিছতে ৰাজস্থানৰ ভাতৃদ্বয়ে তেওঁৰ পৰাই কাকতখন কিনি নিজৰ পৰিয়াল আৰু আন পৰীক্ষাৰ্থীক বিক্ৰী কৰিছিল। অৱশ্যে ইণ্ডিয়ান মেডিকেল এছোচিয়েচনৰ গুৰুগ্ৰামৰ সভাপতিয়ে জনোৱা মতে, তদন্তকাৰী সংস্থাই এতিয়ালৈকে কোনো চিকিৎসকৰ বিষয়ে তেওঁলোকৰ লগত যোগাযোগ কৰা নাই।

আটাইতকৈ আচৰিত কথাটো হ’ল যে গ্ৰেপ্তাৰ হোৱা লোককেইজনে প্ৰায় এমাহ আগতেই জানিছিল যে এইবাৰৰ প্ৰশ্নকাকত ফাদিল হ’ব। আনকি গ্ৰেপ্তাৰ হোৱা দীনেশ নামৰ লোকজনৰ কোনো ৰাজনৈতিক দলৰ সৈতেও সম্পৰ্ক থকা বুলি সন্দেহ কৰা হৈছে। সূত্ৰই প্ৰকাশ কৰা মতে যোৱা বছৰো তেওঁলোকৰ পৰিয়ালৰ চাৰিজন ল’ৰা-ছোৱালীয়ে নিট পৰীক্ষাত উত্তীৰ্ণ হৈছিল।

ছিকাৰত ছাত্ৰ-ছাত্ৰী আৰু কোচিং চলোৱা লোকসকলে হোৱাটছএপ আৰু টেলিগ্ৰাম গ্ৰুপৰ জৰিয়তে এই প্ৰশ্নকাকতখন বিয়পাই দিছিল। নাছিকৰ পৰা হাৰিয়ানা আৰু ৰাজস্থান হৈ এই কাকত জম্মু-কাশ্মীৰ, বিহাৰ, কেৰালা আৰু উত্তৰাখণ্ড আদি ৰাজ্যলৈকো বিয়পি পৰে। ডেৰাডুনৰ পৰা গ্ৰেপ্তাৰ হোৱা ৰাকেশ কুমাৰ মন্দাৱৰিয়াই প্ৰায় ৭০০ জন ছাত্ৰ-ছাত্ৰীক এই প্ৰশ্নকাকত দিয়া বুলি অভিযোগ উঠিছে। হাৰিয়ানাত প্ৰশ্নকাকত বিক্ৰী কৰা য়শ যাদৱ নামৰ আন এজন লোককো গ্ৰেপ্তাৰ কৰা হৈছে।

৩ মে’ত অনুষ্ঠিত হোৱা এই নিট পৰীক্ষা প্ৰশ্নকাকত ফাদিলৰ অভিযোগত বাতিল কৰা হৈছে আৰু চৰকাৰৰ নিৰ্দেশত চি বি আয়ে এই সমগ্ৰ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে। নেশ্যনেল টেষ্টিং এজেন্সিয়ে অহা ৭ ৰ পৰা ১০ দিনৰ ভিতৰত পৰীক্ষাৰ নতুন তাৰিখ ঘোষণা কৰিব। পৰীক্ষা বাতিল হোৱাৰ ফলত সমগ্ৰ দেশৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত তীব্ৰ ক্ষোভৰ সৃষ্টি হৈছে আৰু তেওঁলোকে এই পৰীক্ষা অনুষ্ঠিত কৰাৰ দায়িত্ব দিল্লীৰ এইমছক দিবলৈ দাবী জনাইছে।

চি বি আয়ে ইতিমধ্যে অপৰাধমূলক ষড়যন্ত্ৰ, প্ৰতাৰণা, চুৰি আৰু প্ৰমাণ নষ্ট কৰাকে ধৰি দুৰ্নীতি নিবাৰণ আইনৰ অধীনত গোচৰ ৰুজু কৰিছে। আনহাতে ৰাজস্থান আৰক্ষীয়ে প্ৰকাশ কৰা মতে, পৰীক্ষাৰ আগতে ছাত্ৰ-ছাত্ৰীৰ মাজত বিয়পি পৰা ৰসায়ন বিজ্ঞানৰ এখন আৰ্হি কাকতৰ ৪১০ টা প্ৰশ্নৰ ভিতৰত প্ৰায় ১২০ টা প্ৰশ্ন মূল পৰীক্ষাৰ কাকতৰ সৈতে মিলি গৈছিল। মহাৰাষ্ট্ৰৰ নাছিকতো এই ঘটনাৰ লগত জড়িত এজন লোকক আটক কৰা হৈছে আৰু বৰ্তমান চি বি আইৰ তদন্ত তীব্ৰ গতিত চলি আছে।

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ধৰিত্ৰী সুৰক্ষা মঞ্চ’ৰ বিশেষ বক্তৃতানুষ্ঠান: পৰিৱেশ সুৰক্ষা আৰু সাংবিধানিক অধিকাৰৰ ওপৰত আলোকপাত ন্যায়াধীশ উজ্জ্বল ভূঞাৰ

ধৰিত্ৰী সুৰক্ষা মঞ্চ’ৰ বিশেষ বক্তৃতানুষ্ঠান: পৰিৱেশ সুৰক্ষা আৰু সাংবিধানিক অধিকাৰৰ ওপৰত আলোকপাত ন্যায়াধীশ উজ্জ্বল ভূঞাৰ

August 8, 2026 10:14 pm
মহানগৰীত শোকাবহ পথ দুৰ্ঘটনা: চিকিৎসালয়ৰ পৰা ঘৰলৈ উভতাৰ পথত অকাল মৃত্যু মেধাৱী ছাত্ৰ হৰ্ষিত বৰাৰ

মহানগৰীত শোকাবহ পথ দুৰ্ঘটনা: চিকিৎসালয়ৰ পৰা ঘৰলৈ উভতাৰ পথত অকাল মৃত্যু মেধাৱী ছাত্ৰ হৰ্ষিত বৰাৰ

August 8, 2026 9:02 pm
জেন জি অৱক্ষয়ৰ বহিৰ্প্ৰকাশঃ নীট প্ৰতিবাদ, গভীৰ আৰ্থ-সামাজিক অসন্তুষ্টি আৰু এটা ত্ৰুটিপূৰ্ণ নিয়োগ ব্যৱস্থাৰ প্ৰতিফলন

জেন জি অৱক্ষয়ৰ বহিৰ্প্ৰকাশঃ নীট প্ৰতিবাদ, গভীৰ আৰ্থ-সামাজিক অসন্তুষ্টি আৰু এটা ত্ৰুটিপূৰ্ণ নিয়োগ ব্যৱস্থাৰ প্ৰতিফলন

August 8, 2026 8:28 pm
মুকলি হ’ল ২০২৭ চনৰ লোকপিয়লৰ থীম ছং : সন্নিৱিষ্ট হৈছে প্ৰয়াত শিল্পী জুবিন গাৰ্গৰ কণ্ঠ

মুকলি হ’ল ২০২৭ চনৰ লোকপিয়লৰ থীম ছং : সন্নিৱিষ্ট হৈছে প্ৰয়াত শিল্পী জুবিন গাৰ্গৰ কণ্ঠ

August 8, 2026 8:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ধৰিত্ৰী সুৰক্ষা মঞ্চ’ৰ বিশেষ বক্তৃতানুষ্ঠান: পৰিৱেশ সুৰক্ষা আৰু সাংবিধানিক অধিকাৰৰ ওপৰত আলোকপাত ন্যায়াধীশ উজ্জ্বল ভূঞাৰ

ধৰিত্ৰী সুৰক্ষা মঞ্চ’ৰ বিশেষ বক্তৃতানুষ্ঠান: পৰিৱেশ সুৰক্ষা আৰু সাংবিধানিক অধিকাৰৰ ওপৰত আলোকপাত ন্যায়াধীশ উজ্জ্বল ভূঞাৰ

August 8, 2026 10:14 pm
মহানগৰীত শোকাবহ পথ দুৰ্ঘটনা: চিকিৎসালয়ৰ পৰা ঘৰলৈ উভতাৰ পথত অকাল মৃত্যু মেধাৱী ছাত্ৰ হৰ্ষিত বৰাৰ

মহানগৰীত শোকাবহ পথ দুৰ্ঘটনা: চিকিৎসালয়ৰ পৰা ঘৰলৈ উভতাৰ পথত অকাল মৃত্যু মেধাৱী ছাত্ৰ হৰ্ষিত বৰাৰ

August 8, 2026 9:02 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd