• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, March 8, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

মাৰাত্মক কৰ’না ভাইৰাছক পৰাজিত কৰিও বিৰল স্নায়ৱিক ৰোগত ভুগিছে মুম্বাইৰ বহু কৰ’নাজয়ী

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , November 20, 2020 11:43 am

2 min read

Capture

প্ৰতিনিধিত্বমূলক ছবি

19k
VIEWS
Share on FacebookShare on Twitter

মাৰাত্মক কৰ’না ভাইৰাছক পৰাজিত কৰিও ৰেহাই পোৱা নাই মুম্বাইৰ বহু কৰ’নাজয়ী ৰোগীয়ে। কৰ’নাৰ পৰা মুক্ত হৈও এক বিৰল স্নায়ৱিক ৰোগত ভুগিছে বহু ৰোগী।

যোৱা সপ্তাহত কমেও ২৪জন কৰ’নাজয়ী লোক পোৱা গৈছে যাৰ শৰীৰত এনে বিৰল গুলেন বাৰি লক্ষণ (Guillain-Barre syndrome) দেখা দিছে।

সাধাৰণতে কোনো মাৰাত্মক সংক্ৰামক বেমাৰে শৰীৰত আক্ৰমণ কৰাৰ পাছত এনে স্নায়ুৰ সমস্যাই দেখা দিয়ে।

যথাসময়ত সঠিক চিকিৎসা নাপালে এই ৰোগো প্ৰাণনাশক হৈ পৰিব পাৰে।

গুলেন বাৰি ছিনড্ৰ’মৰ প্ৰধান লক্ষণ হৈছে অৱশ হৈ পৰা। আৰম্ভণিতে শৰীৰৰ বিভিন্ন অংগ-প্ৰত্যংগৰ বিষ থাকিব পাৰে। তাৰ পাছত পৰৱৰ্তী পৰ্যায়ত অংগ প্ৰত্যংগসমূহ দুৰ্বল হৈ পৰিব ধৰে।

এইক্ষেত্ৰত হাত-ভৰিৰ দুৰ্বলতা লক্ষ্যণীয় হৈ পৰে। এই ৰোগত আক্ৰান্ত হোৱাৰ দুই সপ্তাহৰ ভিতৰত দুৰ্বলতা বৃদ্ধি পায়। বহু সময়ত কেন্দ্ৰীয় স্নায়ুতন্ত্ৰ অসাৰ হৈ পৰে। সঠিক চিকিৎসা নাপালে ৰোগীয়ে ঘুৰাফুৰা কৰাত সমস্যাই দেখা দিয়ে।

আনহাতে, মুখৰ পেশীসমূহ দুৰ্বল হৈ পৰাৰ ফলত খাদ্য গিলাত কষ্ট হয়। সেইদৰে, চকুৰ পেশী দুৰ্বল হৈ পৰাৰ ফলত দৃষ্টিশক্তিৰ সমস্যাও দেখা দিয়ে। তদুপৰি, কান্ধ, পিঠি, কঁকাল আদি শৰীৰৰ বিভিন্ন স্থানত বিষ-বেদনা হ’ব পাৰে।

কৰ’না ৰোগীৰ বাবে এই ৰোগ কৰ’নাৰ পৰা মুক্ত হোৱাৰ পাছত বা ৰোগত আক্ৰান্ত হৈ থকাৰ সময়ত পাছৰফালে দেখা দিব পাৰে।

মুম্বাইৰ স্নায়ুৰোগ বিশেষজ্ঞসকলে কোভিড-১৯ আৰু গুলেন বাৰি ছিনড্ৰ’মৰ মাজত কিবা সম্পৰ্ক আছে নেকি তাক লৈ সমীক্ষা চলাইছিল। ইয়াতেই পোহৰলৈ আহে এই চাঞ্চল্যকৰ তথ্য।

মুম্বাইৰ ২৪ জন কৰ’নাজয়ী ৰোগীৰ দেহত ধৰা পৰা এই গুলেন বাৰি ছিনড্ৰ’ম উদ্বেগজনক বুলিয়েই ব্যক্ত কৰিছে সমীক্ষক চিকিৎসকসকলে।

Recent News

Screenshot

টীয়কত অসম কৃষি বিশ্ববিদ্যালয়, যোৰহাটৰ ‘কৃষি তথ্য কেন্দ্ৰ মুকলি’

a gold

সন্ধান পোৱা গৈছে সোণেৰে পৰিপূৰ্ণ পাহাৰৰ, হাতত কোৰলৈ উবুৰি খাই পৰিছে মানুহ, ক’ত? চাওঁক ভিডিঅ’

index

টীয়কত ২০২১ৰ ৰণডংকা বজালে কংগ্ৰছে : বৃহৎ ৰেলীৰে মনোনয়ন পত্ৰ দাখিল কংগ্ৰেছ প্ৰাৰ্থী পল্লৱী গগৈৰ

a Women-Empowermen

পুৰুষতান্ত্ৰিক সমাজত নাৰীৰ স্থান আৰু মৰ্যাদা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd